আশিৰ আলোকত পলাশবাৰীৰ ৰাস: মাটি আৰু মানুহৰ এক মহাকাব্যিক আখ্যান
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
অসমৰ সাংস্কৃতিক ইতিহাসৰ বুকুত দক্ষিণ কামৰূপৰ পলাশবাৰী কেৱল এখন ভৌগোলিক ঠাই নহয়, ই হ’ল এটা জীৱন্ত উৎসৱ, এটা চিৰপ্ৰবহমান আৱেগ। বছৰটোৰ ভিন্ন ঋতুত ব’হাগৰ বিহুৰ উছাহ কিংবা দূৰ্গা পুজা, বুকুলৈ শৰতৰ শেৱালিৰ সুবাস ফালি যেতিয়া কাতি-আঘোণৰ সন্ধিক্ষণ আহে, তেতিয়া সমগ্ৰ অঞ্চলটোৱে এক অলৌকিক ৰূপ ধাৰণ কৰে। সেই ৰূপেই হ’ল ঐতিহাসিক পলাশবাৰী ৰাস মহোৎসৱ। যি উৎসৱে এইবেলি ভৰি দিছে নিজৰ গৌৰৱময় ৮০ সংখ্যক বৰ্ষৰ এক ঐতিহাসিক ক্ষণত। আঠটা দশক জুৰি এটা পৰম্পৰাক অবিৰতভাৱে, উচ্চ শৈল্পিক মানদণ্ড আৰু গভীৰ আধ্যাত্মিকতাৰে ধৰি ৰখাটো যিকোনো সমাজৰ বাবেই এক মহাকাব্যিক যাত্ৰাৰ দৰে। এই দীঘলীয়া যাত্ৰাই কেৱল সময়ক জয় কৰা নাই, বৰঞ্চ প্ৰজন্মৰ পিছত প্ৰজন্মক সাংস্কৃতিক এনাজৰীৰে বান্ধি ৰাখিছে।
ৰাসৰ আগমনৰ প্ৰায় এমাহ দিনৰ আগৰে পৰাই পলাশবাৰীৰ আকাশ-বতাহত এক অপূৰ্ব চঞ্চলতাই গা কৰি উঠে। ই যেন এক নীৰৱ অথচ উত্তাল সাংস্কৃতিক বিপ্লৱ। গাঁৱৰ ডেকা, বুঢ়া, যুবতী, মহিলা প্ৰতিজনৰে খোজত এক নতুন স্পন্দন জাগে। কোনোবাই যদি নিজৰ নিজৰ দায়িত্ব পালনত লাগিছে, কোনোবাই নিখুঁত কাৰুকাৰ্যৰে তোৰণ সজাত ব্যস্ত, আন কোনোবাই আকৌ শৰতৰ শেহতীয়া নিশাৰ নিয়ৰক নেওচি প্ৰতীমা সজাত ব্যস্ত । এই প্ৰস্তুতিৰ কালছোৱাত সমগ্ৰ পলাশবাৰী এক সন্মিলিত পৰিয়াললৈ ৰূপান্তৰিত হয়, য’ত ব্যক্তিগত স্বাৰ্থ বিলীন হৈ যায় কেৱল সমাজৰ এই বাপতিসাহোন উৎসৱটোক সৰ্বাঙ্গসুন্দৰ কৰি তোলাৰ এক পবিত্ৰ অটল দৃহ সংকল্প হাতত লোৱা দেখা যায়। এই সামূহিক শ্ৰম আৰু উছাহেই পলাশবাৰীৰ আচল শক্তি, যাৰ বাবে মেলাৰ পূৰ্বেই সমগ্ৰ অঞ্চলটো উৎসৱৰ পোহৰেৰে উদ্ভাসিত হৈ পৰে।
পলাশবাৰী ৰাসৰ আটাইতকৈ স্বকীয় আৰু শক্তিশালী ভেটিটো নিৰ্মাণ কৰে আমাৰ থলুৱা লোক-সংস্কৃতিৰ অমূল্য উপাদানসমূহে। মেলাৰ চোতালত যেতিয়া খোল-তালৰ গুমগুমণিৰে ওজাপালিৰ দলে পৌৰাণিক আখ্যানৰ পদ লগাই মন ব্যাকুল কৰি তোলে, কিংবা ঢুলীয়া-কালিয়াৰ তীব্ৰ সুৰ আৰু অভিনয়ে সমগ্ৰ পৰিৱেশটোক এক পুৰাতন ঐতিহ্যৰ স’তে সাঙুৰি দিয়ে, তেতিয়া প্ৰতিজন দৰ্শনাৰ্থীৰ অন্তৰত এক অবুজ শিহৰণ জাগে। তাৰেই সমান্তৰালভাৱে ৰাসৰ শোভাযাত্ৰা আৰু মেলা প্ৰাংগন ৰজনজনাই তোলা আধুনিক বেণ্ডপাৰ্টীৰ লহৰ আৰু নিশাৰ আকাশ নিজম পৰিলে আৰম্ভ হোৱা পৰম্পৰাগত যাত্ৰাপাৰ্টীৰ তীব্ৰ সংলাপে লোক-নাট্যৰ এক বিশাল কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰে এই মেলাক। ইয়াৰ উপৰি, নিশাৰ প্ৰাণোচ্ছল সাংস্কৃতিক সন্ধিয়াবোৰত অসমৰ নামী-দামী শিল্পীৰ কণ্ঠৰ সুৰে আধুনিক সংগীতৰ যি জোৱাৰ তোলে, সিয়েই পলাশবাৰী ৰাসক পৰম্পৰাগত লোক-সংস্কৃতি আৰু আধুনিক কলাত্মক চেতনাৰ এক স্বৰ্গীয় সংগমস্থলীত পৰিণত কৰে।
পলাশবাৰী ৰাসৰ যি মৃণ্ময় মূৰ্তিকলা, তাক কেৱল বোকা-মাটিৰ ভাস্কৰ্য বুলি ক’লে ভুল হ’ব, সি হ’ল মাটিৰ বুকুত প্ৰাণ প্ৰতিষ্ঠা কৰাৰ এক অনন্য কলাত্মক সাধনা। থলুৱা কাৰিকৰসকলৰ আঙুলিৰ যাদুখেনিয়ে যেতিয়া আঘোণৰ আলসুৱা মাটিক স্পৰ্শ কৰে, তেতিয়া কংসৰ ক্ৰোধ, শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰ আৰু গোপীসকলৰ আত্মিক সমৰ্পণৰ পৌৰাণিক আখ্যানসমূহ প্ৰাণৱন্ত হৈ চকুৰ আগত জিলিকি উঠে। মূৰ্তিসমূহৰ চকুৰ চাৱনি আৰু মুখৰ অভিব্যক্তিত থকা সূক্ষ্ম কাৰুকাৰ্যই দৰ্শনাৰ্থীক এক জগতৰ পৰা আন এক ভাবজগতলৈ লৈ যায়। এই আধ্যাত্মিক কলাৰ সমান্তৰালভাৱে মেলাৰ বৌদ্ধিক গাম্ভীৰ্য ধৰি ৰাখে ইয়াত প্ৰকাশ পোৱা উচ্চ মানদণ্ডৰ স্মৃতিগ্ৰন্থখনে। এই স্মৃতিগ্ৰন্থখন কেৱল পৃষ্ঠাৰ সমষ্টি নহয়, ই হ’ল পলাশবাৰীৰ দীৰ্ঘদিনীয়া সমাজ-সংস্কৃতি, বুৰঞ্জী আৰু লেখক-চিন্তাবিদসকলৰ মননশীলতাৰ এক স্থায়ী আৰু অমূল্য দলিল, যিয়ে প্ৰতি বছৰে ৰাসৰ ক্ষণটোক অক্ষয় কৰি ৰাখে।
ৰাসৰ সেই মূল কেইটা দিনত সমগ্ৰ পলাশবাৰী অঞ্চল যেন এখন আধুনিক পোহৰৰ নগৰী আৰু মানুহৰ সাগৰত পৰিণত হয়। বাণিজ্য মেলাৰ বিভিন্ন থলুৱা উৎপাদিত সামগ্ৰীৰ পৰা আৰম্ভ কৰি গৃহস্থালীৰ কাৰুশিল্পলৈকে, ফুড মেলাৰ গৰম জিলাপী আৰু থলুৱা সোৱাদৰ আমোলমোল সুবাসে চৌদিশ মুখৰিত কৰি তোলে। মীনাবজাৰৰ আকাশচুম্বী চৰকা বা ড্ৰেগন ট্ৰেইনৰ গতিৰ সৈতে মিহলি হৈ পৰে শিশু আৰু ডেকা-গাভৰুৰ উল্লাসিত চিঞৰ। এই মেলাখন কেৱল বেচা-কিনাৰ কেন্দ্ৰ নহয়, ই হ’ল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ মানুহৰ এক বৃহৎ মিলনভূমি। ভ্ৰাম্যমাণ থিয়েটাৰৰ নিশাৰ পেণ্ডেল আৰু স্থানীয় সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চই পৰম্পৰা আৰু আধুনিক বিনোদনৰ এনে এক অপূৰ্ব মিশ্ৰণ ঘটায়, য’ত ভাষা, জাতি বা বৰ্ণৰ সকলো প্ৰাচীৰ ভাঙি মানুহ কেৱল আনন্দৰ এক উমৈহতীয়া সুঁতিত বিলীন হৈ পৰে।
ইমান বিশাল এটা আয়োজনক কোনো ধৰণৰ বিশৃংখলতা নোহোৱাকৈ পৰিচালনা কৰাটো পূজা সমিটিৰ সু-পৰিকল্পনা আৰু নিষ্ঠাৰ এক জিলিকি থকা প্ৰমাণ। পলাশবাৰী ৰাসৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভেজাল আকৰ্ষণ হ’ল ইয়াৰ জনপ্ৰিয় লটাৰী খেল। সম্পূৰ্ণ স্বচ্ছতাৰে পৰিচালিত এই খেলখনৰ প্ৰতি ৰাইজৰ অপৰিসীম আস্থা আছে। আটাইতকৈ গৌৰৱৰ কথাটো হ’ল, এই লটাৰী খেলৰ ধনেৰেই আজি পলাশবাৰীৰ বুকুত এটা স্থায়ী আৰু দৃষ্টিনন্দন ৰাস মন্দিৰৰ প্ৰায় ৯০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। ই কেৱল ইটা-শিলৰ অট্টালিকা নহয়, ই হ’ল ৰাইজৰ ধনেৰে ৰাইজৰ বাবে সজা এক সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক। ইয়াৰ উপৰি, মেলালৈ অহা প্ৰতিজন দৰ্শনাৰ্থীৰ সুৰক্ষাৰ বাবে সমিটি আৰু স্থানীয় প্ৰশাসনে কৰা সু-ব্যৱস্থিত পাৰ্কিং সেৱা,, যান-বাহনৰ সুচল নিয়ন্ত্ৰণ আৰু জৰুৰীকালীন চিকিৎসা শিবিৰৰ সজাগতাই প্ৰমাণ কৰে যে পলাশবাৰীৰ মানুহ কেৱল উৎসৱপ্ৰেমীয়েই নহয়, তেওঁলোক অতিথি পৰায়ণতা আৰু দায়িত্ববোধৰ ক্ষেত্ৰতো সমানেই সচেতন। আঠটা দশকৰ এই গৌৰৱময় পৰম্পৰাই পলাশবাৰীৰ ৰাসক অসমৰ সাংস্কৃতিক জগতত এক অম্লান আৰু চিৰকাল জিলিকি থাকিবলগীয়া মহোৎসৱ হিচাপে প্ৰতিষ্ঠা কৰিছে।
