অন্বেষণ
অজয় ডেকা, নগাঁও
বহু বাৰ, বহু কাল, বহুতো লোকক আলোচনা-সমালোচনা কৰিলোঁ।
এদিন আত্ম-আলোচনা, আত্ম-সমালোচনাত বহিম।
প্ৰতিবাদ কৰিম নিজে নিজকে, নিজৰ বাহিৰে-ভিতৰে।
বিচাৰি উলিয়াম
টানি টানি, চুচৰাই, বগৰাই, গটিয়াই নিজকে নিজৰ ভিতৰৰ পৰা।
যিজনক মই কোনো কাহানিও দেখা নাই, বিচাৰি যোৱা নাই, দেখা নাই—
অথচ মোৰ তেজতে, মোৰ কায়াতে যি পেত পুহি আছে।
কোনে মোক ভিতৰি ভিতৰি দংশন কৰি আহিছে অতদিনে?
কোনে কাৰ প্ৰতিবাদী কণ্ঠ চেপি চেপি, হেঁচি, হানি ধৰিছে?
মই নিজেই নে, নে সেই অচিনাকি অদৃশ্য বতাহে?
লাজ্জ , ভয়, হিংসা, বিদ্বেষ, গৰ্ব, সন্মান কি আৰু কিয় লাগে?
অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ছায়া , মোৰ খোজত কিয় খোজ কাঢ়ে?
মইতো একো অনা নাই আহোঁতে,
মইতো একো লৈয়ো নাযাওঁ—লৈ যোৱাৰ বাটেচোন নাই।
মই মোক বিচাৰি পোৱা নাই আজিলৈকে,
বিচাৰি পোৱাৰ আশাৰ ৰেঙণি আকাশত জ্বলা দেখা নাই।
আপুনি পাইছে নেকি মোক বিচাৰি?
(শান্ত হ, শান্ত হ, সেউজীয়া মন।)
আপুনি দিয়ক মোক মোৰ সংজ্ঞা,
কওক মোৰ বৰণ, দিয়ক মোক মোৰ ঠিকনাৰ বাট,
যাৰ নেগুৰ ধৰি মই মোক বিচাৰি যাব পাৰোঁ।
শুনিছেনে, অ’ৰি, শুনিছেনে?
আপুনি মোক মোৰ সৈতে পৰিচয় কৰাই দিয়া হ’লে ধন্য হ’লোঁহেঁতেন।
