ভুটানত হিমবাহ  বিস্ফোৰণ

ভুটানত হিমবাহ  বিস্ফোৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- নেপালৰ পিছত এইবাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হিমবাহৰ বিস্ফোৰণ। ভূটানৰ গাছা জিলাৰ ৱাকিলা পাহাৰৰ কাষৰ শ্বিনটাফু হ্রদ ভাঙি এক অতিকায় বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত প্রায় ৭৪ লাখ কিউবিক মিটাৰ পানী হঠাতে তললৈ বৈ আহি পুনাটছাংচু নদীৰ (ভাৰতত সোণকোষ) জলস্তৰ বৃদ্ধি কৰে। জানিব পৰা মতে, বৃহস্পতি বাৰে নিশা প্রায় ৯ বজাত সংঘটিত এই দুৰ্যোগৰ ফলত তীব্র বেগেৰে নামি অহা পানীয়ে ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে। শংকিত হৈ পৰিছে দাঁতিকাষৰীয়া জনসাধাৰণ। এই আকস্মিক জলপ্ৰলয়ৰ বাবে কেন্দ্ৰীয় জলশক্তি মন্ত্রালয়ে অসমৰ কোকৰাঝাৰ, ধুবুৰী আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰ, জলপাইগুৰি আৰু কোচবিহাৰ জিলাত উচ্চ পৰ্যায়ৰ সতর্কতা তথা পৰামৰ্শৱলী জাৰি কৰা হৈছে। উল্লেখ্য যে, ভুটানৰ ১৭টা সম্ভাব্য বিপজ্জনক হিমবাহ হ্ৰদৰ তালিকাৰ ভিতৰত শ্বিনটাফু অন্যতম। পুৱাৰ ভাগত সামাজিক মাধ্যমত প্ৰদান কৰা এক বিবৃতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ধুবুৰী আৰু কোকৰাঝাৰৰ সকলো বিপদাশংকাপূৰ্ণ ৰাজহ চক্ৰত ভূটানত হিম বাহ হ্ৰদৰ বিস্ফোৰণৰ সম্ভাব্য প্ৰভাৱৰ ওপৰত আমি তীক্ষ্ণ দৃষ্টি আবদ্ধ ৰাখিছোঁ। এছ ডি আৰ এফ, এন ডি আৰ এফ আৰু অন্যান্য সংস্থাসমূহৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলি আছে আৰু প্রয়োজন হ’লে সঁহাৰি জনা বলৈ সম্পূৰ্ণৰূপে সাজু হৈ আছে। ৰাইজক সজাগ হৈ থাকি বলৈ, চৰকাৰী আপডেট অনুসৰণ কৰিবলৈ আৰু স্থানীয় বিষয়াসকলৰ সৈতে সহযোগিতা আগ বঢ়াবলৈ মুখ্যমন্ত্রী ড° শর্মাই আহ্বান জনায়।

বৃহস্পতিবাৰে জল শক্তি মন্ত্রণালয়ে অসম আৰু পশ্চিমবংগৰ বাবে জাৰি কৰা এক বিশেষ পৰামৰ্শত কোৱা হৈছে যে ভাৰতৰ দূতাবাসে ভূটানৰ পুনাটছাংচু নদী অৱবাহিকাত অৱস্থিত শ্বিস্তাফু হ্রদত হিমবাহ হ্রদ বিস্ফোৰণৰ খবৰ দিছে। ইফালে নদীখনৰ ওপৰ অংশত আকস্মিক বানৰ খবৰ পোৱাৰ পিছতে অসমৰ ধুবুৰী আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত ভাৰতৰ সোণকোষ নদীৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পাব পাৰে বুলি পৰামৰ্শৱলীত জানিবলৈ দিয়ে। জিলা দুখনৰ স্থানীয় কর্তৃপক্ষক সজাগ হৈ থাকিবলৈ, পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰু প্রয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলিও লগতে কোৱা হৈছে।  ইপিনে ভূটান হিমবাহ হ্ৰদৰ বিস্ফোৰণৰ ঘটনাই হিমালয়ৰ পাদদেশত বসবাস কৰা লাখ লাখ লোকৰ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ ভয়াৱহতাৰ প্ৰতি নতুনকৈ চিন্তাৰ উদ্রেক ঘটাইছে। ভূটানৰ এই সাম্প্ৰতিক দুৰ্যোগৰ পিছতে ভাৰতৰ গৃহ মন্ত্ৰালয় আৰু অন্যান্য দুর্যোগ ব্যৱস্থাপনা সংস্থাসমূহ অধিক তৎপৰ হৈ উঠিছে। সোণকোষ নদীৰ অৱবাহিকা অঞ্চলত বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ বাবে প্রশাসনে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যিক দুর্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ) তথা ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি বাহিনীক (এন ডি আৰ এফ) সাজু ৰখা হৈছে। এই জলপ্ৰলয়ৰ ফলত নদীৰ জলস্তৰ হঠাতে বৃদ্ধি পোৱাৰ লগতে ডাঙৰ কাঠৰ টুকুৰা, বোকা-মাটি আৰু ধ্বংসাৱশেষ বৈ আহিব পাৰে বুলি সতর্ক কৰি দিয়া হৈছে।