শতায়ু গৰকা ৰাধাৰাণী দাসৰ স্মৰণত চন্দামাৰীত শোকসভা

শতায়ু গৰকা ৰাধাৰাণী দাসৰ স্মৰণত চন্দামাৰীত শোকসভা

বিহমাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  বিহালী আঞ্চলিক নমঃশূদ্ৰ উন্নয়ন পৰিষদৰ সাংগঠনিক সম্পাদক নিতাই দাসৰ মাতৃ ৰাধাৰাণী দাসৰ স্মৰণত আজি বিশ্বনাথ জিলাৰ চন্দামাৰীত এক শোকসভা অনুষ্ঠিত হয়। যোৱা ২৫ অক্টোবৰৰ নিশা ১০৩ বছৰ বয়সত তেখেতৰ বিয়োগ ঘটে। তেখেতৰ বিয়োগত সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে। আজি পৰিষদৰ উদ্যোগত তেখেতৰ বাসগৃহত অনুষ্ঠিত শোকসভাত প্ৰয়াতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু ধূপ-দীপ জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। লগতে প্ৰয়াতৰ আত্মাৰ চিৰশান্তি কামনাৰে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। শোকসভাৰ আঁত ধৰে পৰিষদৰ সম্পাদক প্ৰেম বৈষ্ণৱে। শ্ৰদ্ধাঞ্জলি পত্ৰ পাঠ কৰে কোষাধ্যক্ষ বিনোদ চৰকাৰে। সভাত পৰিষদৰ উপদেষ্টা জিতেন মণ্ডল, সাংগঠনিক সম্পাদক ধৰণী কান্ত ৰয় আৰু সভাপতি ড০ বিজয় মণ্ডলে বক্তব্য ৰাখি সদ্য প্ৰয়াত ৰাধাৰাণী দাসক এগৰাকী সৰল, ধৰ্মপৰায়ণ আৰু আদৰ্শৱতী মাতৃ হিচাপে স্মৰণ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। শোকসভাত মৃদুল মণ্ডল, বিপ্লৱ ৰয়, জয়ন্ত বিশ্বাস, সমীৰ মণ্ডল, ৰাজু মণ্ডল, ৰামানন্দ দাসকে আদি কৰি বহু লোক উপস্থিত থাকি সমবেদনা জ্ঞাপন কৰে।