ডিব্ৰুগড় জিলা ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ চাহৰ গুণগত মান ৰক্ষাৰ ক্ষেত্ৰত সৰ্বাত্মক পদক্ষেপ গ্রহণ

ডিব্ৰুগড় জিলা ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ চাহৰ গুণগত মান ৰক্ষাৰ ক্ষেত্ৰত সৰ্বাত্মক পদক্ষেপ গ্রহণ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে লক্ষ্য কৰি আহিছে যে, মূলতঃ কেঁচা চাহ পাতৰ গুণগত মানৰ ভিত্তিতে মূল্য নির্ধাৰিত হয়। সেয়েহে জিলাখনৰ ১৯ খন আঞ্চলিক সমিতিৰ অন্তৰ্গত প্ৰায় ৪০,০০০ চাহ খেতিয়কক কেঁচা চাহপাতৰ গুণগত মান সম্পূৰ্ণ ৰক্ষাৰ বাবে সর্বাত্মক পদক্ষেপ গ্রহণ কৰাৰ সন্দৰ্ভত সন্থাই জিলা সমিতিৰ সভাপতি কবুল হাতীবৰুৱা আৰু সম্পাদক নির্মল চেতিয়াই এক বিবৃতি যোগে জনাইছে যে, কেঁচা চাহ পাতৰ মূল্যৰ উত্থান-পতনে খেতিয়কক যথেষ্ট নিৰাপত্তাহীনতাত ভোগাইছে। গতিকে এক সুস্থিৰ তথা গ্রহণযোগ্য মূল্য প্রাপ্যৰ বাবে জিলাখনৰ ১৯ খন আঞ্চলিক সমিতিৰ বিষয়ববীয়া সকলক সাক্ষাত কৰি চাহৰ গুণগত মানদণ্ড ৰক্ষাৰ বাবে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ তথা সচেতন হ’বলৈ আহ্বান জনায়। লগতে তেওঁলোকে জনায় যে, গুণগত মান ৰক্ষাৰ ক্ষেত্ৰত কেঁচা চাহপাত সৰবৰাহকাৰী সকল আৰু কলঘৰ কর্তৃপক্ষয়ো কেঁচা চাহপাত কঢ়িওৱা গাড়ীবিলাকে যাতে অতিৰিক্ত পৰিবহন নকৰে তাৰ বাবে চকু দিবলৈ অনুৰোধ জনায়। ২০২৭ বর্ষতো চাহ উদ্যোগৰ বাবে আদর্শ তথা উল্লেখযোগ্য বর্ষ হিচাপে গঢ়ি তুলিবৰ বাবে উদ্যোগটোৰ লগত জড়িত প্রত্যক্ষ পৰোক্ষ সকলো পক্ষই বৃহত্তৰ স্বাৰ্থৰ খাতিৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। বিশেষকৈ চাহ উদ্যোগৰ বজাৰখনত দেখা দিয়া ব্যাপক প্রত্যাহ্বান ৰোধ কৰিবৰ বাবে খেতিয়ক সকলে প্রতিটো স্তৰতে সচেতন হোৱাটো অত্যন্ত জৰুৰী। এই সন্দর্ভত নেতাদ্বয়ে জনায় যে, ইতিমধ্যে অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রীয়েও ক্ষুদ্র চাহ খেতিয়কৰ কেঁচা চাহ পাতৰ লেন-দেনকে ধৰি অন্যান্য সমস্যাৱলী সমাধানৰ বাবে বলিষ্ঠ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি জনোৱাৰ কথা অৱগত কৰি জিলা পৰ্যায়ত থকা ক্ষুদ্র চাহ খেতিয়ক নিৰীক্ষণ সমিতিখনো শক্তিশালী কৰিবৰ বাবে জিলা আয়ুক্তলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। এই সুযোগতে ডিব্ৰুগড় জিলা সমিতিয়েও চাহ খেতিয়ক স্বার্থ সুৰক্ষাৰ বাবে পদক্ষেপ গ্রহণ কৰাৰ বিষয়ে এক বিবৃতি যোগে কাকতত জানিবলৈ দিয়ে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক নিৰ্মল চেতিয়া।