প্ৰেম – হৰেন কপ্তাক

Pc StockCake

প্ৰেম

 হৰেন কপ্তাক,ধেমাজি

ৰাতিৰ জোনাটিয়ে কঢ়িয়াই আনিছিল
ভালপোৱাৰ এমুঠি জোনাক
ওৰে ৰাতি তিতিছিলো হাঁড় কঁপোৱা নিয়ৰত,
আকাশৰ তৰা গণি চিঞৰি দিছিলো
প্ৰেমৰ গভীৰতাৰ সীমা
ডাকোৱাল কাইটীয়ে মোনাত ভৰাই অনা মৰমবোৰ
টিলিঙা বজাই দৌৰি আহি
মেলি দিছিল কল্পনাৰ সাগৰত
তেতিয়া কৃত্ৰিমতা নাছিল কোনোদিন প্ৰেমৰ
ৰিচাৰ্জৰ নামত বিক্ৰী নগৈছিল কলিজাৰ
আজিকালি বিজ্ঞাপনো চলে প্ৰেমক লৈ
দাম দৰ চলে মবাইল, গাড়ী…
ৰূপালী ৰঙৰ আলসুৱা হৃদয়বোৰ
নীলাম হয় ৰঙচুৱা প্ৰেমৰ বজাৰ এটিত
এতিয়া জোনাকো নাই ডাকোৱালো নাই
হাঁড় কপাবলৈ নিয়ৰো নাই
আছে মাথোঁ যান্ত্ৰিকতাৰ এখন পৃথিৱী
য’ত নিতৌ বহে এজাক প্ৰেমৰ বেপাৰী