The October Theory – নাচিমা য়াচমিন

The October Theory 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

অক্টোবৰ মাহ —ছ’চিয়েল মিডিয়াত October Theory নামৰ এটা বাক্য বৰকৈ চৰ্চা হৈ আছে । বছৰটো শেষ হোৱাৰ আগতে পুৰণি মানুহ ঘূৰি আহে, সম্পৰ্কবোৰৰ প্ৰকৃত ৰূপ ওলাই পৰে, জীৱনলৈ নতুন পৰিৱৰ্তন আহে—এনেকুৱা কিছুমান কথা।

অনুৰাধাই এইবোৰৰ বিশেষ বিশ্বাস নকৰিছিল। কিন্তু  অক্টোবৰৰে এটি নিশাত তাইৰ ফোনলৈ নম্বৰ এটাৰ পৰা অহা মেছেজ  জিলিকি উঠিল। নম্বৰটো চিনি পাবলৈ তাইৰ অলপো সময় নালাগিল। এইয়া অৰিন্দমৰ মেছেজ,

 :” অনুৰাধা, ভালে আছা?”

ফোনটো হাতত লৈ তাই অলপ সময় ৰৈ থাকিল। দীঘলীয়া হুমুনিয়াহ এটা কাঢ়ি নিজকে স্বভাৱিক কৰি তাই মেছেজৰ উত্তৰ দিলে।

:” হুম ভাল। তোমাৰ কোৱা? “

:” মোৰো ভালেই। পিছে কি কৰি আছা?”

:” বিশেষ একো নহয়। তুমি?”

:” ময়ো এনেই আছোঁ । “

:” পিছে ইমান দিনৰ মূৰত কি বুলি মনত পেলালা?”

:” হুম , এবছৰ হৈ গৈছে তোমাৰ লগত কথা নাপাতা। মনত সদায় পৰে কিন্তু মেছেজ এটা দিবলৈ সাহস নহয়। আজি বহুত সাহস গোটাই মেছেজ কৰিলোঁ তোমাৰ খবৰ এটা ল’বলৈ অনুৰাধা,,,”

:” হুম।

এবছৰ ধৰি সিহঁতৰ মাজত কোনো যোগাযোগ নাছিল। সম্পৰ্কটো শেষ হৈছিল কোনো ডাঙৰ কাজিয়াৰ বাবে নহয়, বৰঞ্চ সৰু সৰু কথাবোৰ জমা হৈ থকাৰ ফলত। অনুৰাধাই কথা পাতিব বিচাৰিলে অৰিন্দম ব্যস্ত আছিল। কিবা কথাত তাইৰ বেয়া লাগিলে সি পিছত কথা পাতিম বুলি কৈ পাহৰি গৈছিল। শেষত অনুৰাধাই ফোন কৰা বন্ধ কৰিছিল। অৰিন্দমেও তাইক ৰখাবলৈ বিশেষ চেষ্টা কৰা নাছিল।

পিছদিনা পুৱা আকৌ মেছেজ আহিল।

:” good morning অনুৰাধা । “

:” হুম, মৰ্ণিং। “

:” অনুৰাধা তুমি এতিয়া আৰু আগৰ দৰে মৰমলগাকৈ কথা নোকোৱা হৈছা। “

:” কাৰণ মই আৰু আগৰ অনুৰাধা হৈ থকা নাই। “

:” অনুৰাধা, মই তোমাক বহুত কষ্ট দিছোঁ, মোক এবাৰ ক্ষমা কৰি দিয়া প্লিছ। তোমাৰ মৰমলগা কথাবিলাক মই বহুত মিছ কৰোঁ।

:” হহুৱালা, মোৰ কথাবোৰ চোন তোমাৰ বাবে বিৰক্তিকৰ হৈ পৰিছিল। তুমি ব্যস্ততাৰ অজুহাত দি,,,,,,”

:”  মই জানো, আগতে বহুত ভুল কৰিছিলোঁ, তোমাৰ পৰা আঁতৰি থাকি মই মোৰ ভুল উপলব্ধি কৰিব পাৰিছোঁ। অনুৰাধা মোক এটা সুযোগ দিয়া এইবাৰ মই তোমাক অভিযোগ কৰাৰ এটা সুযোগো নিদিওঁ।”

: ” বাৰু ভাৱি চাম।”

পিছদিনাখন অৰিন্দমে ফোন কৰিলে।

:” অনুৰাধা তোমাৰ লগত এবাৰ লগ কৰিব বিচাৰো । প্লিচ না নকৰিবা।”

:” কিয় ?”

:” বহুত কথা আছে তোমাক ক’বলৈ। মই অলপো ভালে নাই অনুৰাধা। মোক এইমুহূৰ্তত ইম’শ্বনেল চাপৰ্টৰ প্ৰয়োজন। তোমাক প্ৰয়োজন। প্লিছ এবাৰ লগ কৰা।”

অনুৰাধাই অলপ ভাবি ক’লে—

:” ঠিক আছে। “

পিছদিনা অৰিন্দমে তাইক আগতে প্ৰায়ে যোৱা কফি শ্বপখনত আহিবলৈ ক’লে।

অৰিন্দম আগতেই আহি বহি আছিল। অনুৰাধাক দেখি সি  হাঁহিলে।  অনুৰাধাই কৃত্ৰিম হাঁহি এটা মাৰিলে। স্মৃতিবোৰ যদিওঁ তাইৰ চকুত ভাঁহি ফুৰিছে, তাই এইবোৰক আঁতৰাই পঠাবলৈ চেষ্টা কৰিলে।

:” বহা অনুৰাধা । ” — অৰিন্দমে চকীখন টানি তাইক বহিব দিলে।

:” thank you “

:” অনুৰাধা তুমি অলপো সলনি হোৱা নাই।”

:” চাগে।”

সি আকৌ হাঁহিলে। ৱেটাৰে কফি দি যোৱাৰ পিছত অৰিন্দমে ক’বলৈ আৰম্ভ কৰিলে।

:” সঁচা কথা ক’বলৈ গ’লে  মই ভাবিছিলোঁ তুমি মোৰ মেছেজৰ উত্তৰেই নিদিবা।”

:” ময়ো প্ৰথমতে দিব নালাগে বুলিয়েই ভাবিছিলোঁ।”

:” তেনেহ’লে দিলা কিয়?”

:” তুমি কি ক’ব খুজিছা, জানিবলৈ মন গ’ল।”

অৰিন্দমে কাপটো হাতত তুলি ল’লে।

:” মই আগতে তোমাক বহুত অৱহেলা কৰিছিলোঁ। তেতিয়া কথাবোৰ ইমান গুৰুত্বসহকাৰে লোৱা নাছিলোঁ।তুমি অলপ সময় বিচাৰিছিলা। মই সেইটোও দিব পৰা নাছিলোঁ।  কিন্তু এতিয়া বুজিছোঁ তোমাৰ অবিহনে মই সুখী হ’ব নোৱাৰোঁ।

অনুৰাধাই একো নক’লে মাথোঁ কফি  খোৱাত গুৰুত্ব দিলে।

অৰিন্দমে তাইৰ ফালে চাই আকৌ ক’লে—

:” তুমি এতিয়াও মোৰ ওপৰত খং কৰি আছা নেকি?”

:” নাই।”

:” তেনেহ’লে আমি আকৌ এবাৰ চেষ্টা কৰি চাব নোৱাৰোঁনে?”

অনুৰাধাই কাপটো থৈ দিলে। অৰিন্দমে তাইৰ হাতত ধৰি ক’লে—

:”মই ভাবিছিলোঁ, তোমাৰ লগত কথা পতা বন্ধ হোৱাৰ পিছত সকলো ঠিক হৈ যাব। কিন্তু একো ঠিক হোৱা নাই। মই বেলেগৰ লগত সুখী হ’ব পাৰিম বুলি ভাৱিছিলো কিন্তু মই কেতিয়াও সুখী হ’ব পৰা নাই।

:” হুম।”

  সি কিছু সময় মনে মনে থাকিল। তাৰ পাছত অনুৰাধাৰ গালত দুখন হাতেৰে ধৰি ক’লে —

:” অনুৰাধা তুমি মোক  মিছ কৰিছিলা নে?”

:” হুম কৰিছিলোঁ। প্ৰথম কেইমাহমান বহুত কৰিছিলোঁ।”

:” আৰু এতিয়া?”

:” তাৰ পিছত কামত ব্যস্ত হৈ পৰিলোঁ। । বন্ধুবোৰৰ লগত সময় কটাবলৈ ধৰিলোঁ। নিজক গুৰুত্ব দিবলৈ আৰম্ভ কৰিলোঁ।লাহে লাহে সকলোবোৰ সহজ হৈ পৰিল।”

অৰিন্দমৰ মুখৰ বৰণ সলনি হৈ গ’ল। সি কিবা এটা ক’ব বিচাৰিছিল কিন্তু একো নক’লে।কিছু সময় পিছত অৰিন্দমে সুধিলে,

:”  অনুৰাধা ,আমি  বন্ধু হৈ থাকিব নোৱাৰোঁনে?”

:” নাই নিবিচাৰো। আৰু তুমি নিজৰ ভুলবোৰ বুজি পোৱা বুলি কৈছা যেতিয়া, আগলৈ মনত ৰাখিবা।  এটা সময়ৰ পাছত অপেক্ষাবিলাকেও ঠেহ পাতে। আৰু এনেকৈয়ে এদিন নীৰৱে  উশাহ বন্ধ হৈ ইয়াৰ মৃত্যু ঘটে। অৱহেলা, অযত্নত যিদৰে লোত মামৰে ধৰে ঠিক তেনেদৰে সম্পৰ্ক এটাতো মামৰে ধৰে। কিন্তু লো আৰু মানুহ দুয়ো একে নহয়। জড় বস্তুটো একো ক’ব নোৱাৰি তেনেকৈয়ে পৰি থাকে কিন্তু মানুহে নিজকে গঢ়ি পিটি আগতকৈ মজবুত কৰি হে তোলে। চৰি অৰিন্দম আমি আৰু কেতিয়াও লগ নাপাওঁ।”

অৰিন্দমে মূৰ দুপিয়ালে। কফি শেষ হোৱাৰ পিছত সিহঁতে বাহিৰলৈ ওলাই আহিল। বৰষুণ পৰি আছিল। দুয়ো কিছু সময় দোকানখনৰ চালিৰ তলত ৰৈ থাকিল।  অনুৰাধাই নিজৰ মনৰ একোণত থকা কষ্ট দুখ বেদনা বিলাক আজি সম্পূৰ্ণভাৱে এই বৰষুণজাকৰ পানীত ডুবাই দিব পাৰিছে।অলপ পাছতে বৰষুণজাক কমিল।

:” মই তোমাক ড্ৰপ কৰি দিম।” —অৰিন্দমে  ক’লে।

:” thank you মই কেব বুক কৰি লম। আমাৰ পথ একে নহয়, বিপৰীত। “

অৰিন্দম আৰু তাই যোৱা বাট একে দিশতেই আছিল। সি অনুৰাধাৰ কথাৰ অৰ্থ বুজি পালে, একো নক’লে সি।

:” ঠিক আছে। “

কেব  আহি পোৱাত অনুৰাধাই দুৱাৰখন খুলিলে।

:” নিজৰ যত্ন ল’বা।”— অৰিন্দমে ক’লে।

 :” তুমিও।”

গাড়ীখন আঁতৰি যোৱালৈকে অৰিন্দমে চাই থাকিল। অনুৰাধাই এবাৰো পিছলৈ ঘূৰি নাচালে।

সেই নিশা অনুৰাধাই ফোনত ছ’চিয়েল মিডিয়া চাই থাকোঁতে আকৌ এটা পষ্ট চকুত পৰিল।

“October is the  month of emotional transitions, shifting relationships, and unexpected reunions.”

তাই পষ্টটো পঢ়ি হাঁহিলে আৰু ফোনটো থৈ দিলে।

পিছদিনা অফিচত তাইৰ সহকৰ্মী মেঘালীয়ে সুধিলে—

:” কি হ’ল অনু? আজি বৰ শান্ত যেন লাগিছে।”

:” এনেই।”

:” কালি ক’ৰবালৈ গৈছিলা নেকি? ষ্ট’ৰীত কফিৰ ফটো দিছিলা যে।”

:” হুম,অৰিন্দমৰ লগত দেখা কৰিব গৈছিলোঁ।”

মেঘালীয়ে আচৰিত হৈ সুধিলে—

:” কি! ইমান দিনৰ পিছত? কিয়?”

:” ঘূৰি আহিব বিচাৰিছিল।”

:” আৰু তুমি কি ক’লা? Patch up কৰিলা নি?”

:” নাই।”

মেঘালীয়ে কিছু সময় তাইলৈ চাই থাকিল।

:” অনু ,  তুমি ঠিকে আছা নহয়?”

:” নাই। মানে, অলপ অদ্ভুত লাগিছিল। কিন্তু এতিয়া  মই ঠিকে আছোঁ।”

অনুৰাধাই কম্পিউটাৰটো খুলি কাম আৰম্ভ কৰিলে।

বাহিৰত অক্টোবৰৰ ৰ’দ ওলাইছিল। আজিৰ দিনটো অনুৰাধাৰ বাবে আন দিনাৰ দৰেই এটা সাধাৰণ দিন আছিল।

অক্টোবৰত অৰিন্দম ঘূৰি আহিছিল হয় কিন্তু অনুৰাধাই তাক পুনৰ নিজৰ জীৱনত ঠাই দিয়া নাছিল।

আৰু এইবাৰ তাই সিদ্ধান্তৰ বাবে  কাৰো পৰা অনুমতি লোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাছিল।

হয়তো October Theory মানে কেৱল পুৰণি মানুহৰ উভতি অহা নহয় ; বৰঞ্চ তেওঁলোক উভতি আহিলে আমি নিজকে কিমান সলনি হোৱা দেখোঁ, তাৰো এটা উপলব্ধি। কিছুমান মানুহক আমি হেৰুৱাব নিবিচাৰোঁ, তথাপি এদিন তেওঁলোকৰ অবিহনেও জীয়াই থাকিবলৈ শিকোঁ। তাৰ পিছত যেতিয়া তেওঁলোক পুনৰ আমাৰ জীৱনলৈ আহে, তেতিয়া আমি আগৰ সেই একেজন মানুহ হৈ নাথাকোঁ—যিজনে তেওঁলোকৰ এটা মেছেজৰ বাবে গোটেই ৰাতি অপেক্ষা কৰিছিল, যিজনে সম্পৰ্কটো বচাবলৈ নিজৰ অনুভূতিবোৰ বাৰে বাৰে বুজাইছিল। হয়তো সেইবাবেই অক্টোবৰৰ লগত পুৰণি মানুহৰ উভতি অহাৰ ধাৰণাটো ইমান মিলি যায়। কেলেণ্ডাৰৰ পাত সলনি হোৱাৰ দৰে আমাৰ জীৱনো সলনি হয়, আৰু কেতিয়াবা সেই পৰিৱৰ্তনটো বুজিবলৈ অতীতৰ কোনোবা এজনৰ উভতি অহাটোৱেই যথেষ্ট। কাৰণ কেতিয়াবা অক্টোবৰত ঘূৰি আহে মানুহজন নহয়, ঘূৰি আহে তেওঁৰ সৈতে জড়িত স্মৃতিবোৰ ; আৰু সেই স্মৃতিবোৰৰ সন্মুখীন হৈহে আমি বুজি পাওঁ যে আমি কিমান দূৰ আগবাঢ়ি আহিলোঁ।