আছে মোৰ বুকুত সেই মৰম – এছ ইছলাম

Pc Pexels

আছে মোৰ বুকুত সেই মৰম

এছ ইছলাম, শিক্ষক
 পশ্চিম মইনবৰী, বৰপেটা 

আছে মোৰ বুকুত সেই মৰম
তোমাৰ বাবে মৰিবলৈ
সকলো বাধা নেওচি
আহোঁ তোমাৰ কাষলৈ।
আছে মোৰ বুকুত সেই মৰম
জানা তুমি মনালিছা?
মৰমৰ পিয়লা সাগৰ লেখীয়া
হৃদয়ত পিয়াহ নুগুচা।
মোৰ হৃদয়ৰ গোপন কোণত
আজিও তোমাৰে প্ৰতিচ্ছবিয়ে হাঁহে
তুমি মোৰ মনৰ কোনটো এলবামত
কেৱল মইহে অনুভৱ কৰোঁ।
আজিও সেই বসন্তৰ ঢল
আছে মোৰ বুকুত
আছোঁ তোমাৰ বাবে বাট চাই
লগ পালেই যেন ঢালি দিম
মোৰ হিয়া তোমাৰ বাবে উপচাই !
তুমি হাঁহিলে এতিয়াও
মই সৰগ ৰচা যেন পাওঁ
তুমি অভিমান কৰিলে
আজিও মোৰ দুচকুত বাৰিষা নামে।
মোৰ হৃদয়ৰ স্বাভিমানবোৰ
তোমাৰ বাবে খহে
তোমাৰ অভিমানী মৰমত মই
আজিও পৰোঁ চগা হৈ।
তুমি অবিহনে
মই হেৰাই যাওঁ
হিয়াৰ মৰম বিচাৰি তোমাৰ
আজিও উশাহ কঁপে মোৰ।
তুমি মোৰ মন গহ্বৰত
আজিও আছা কুশলে
মোৰ মন আকাশত
তোমাৰ বাবে জোন জ্বলে।