ডিব্ৰুগড়ত দুকুৰি মহিলাৰ উপস্থিতিত নিৰ্মালি গাঁও মহিলা শিল্পী সমাজ গঠন

ডিব্ৰুগড়ত দুকুৰি মহিলাৰ উপস্থিতিত নিৰ্মালি গাঁও মহিলা শিল্পী সমাজ গঠন

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ সাংস্কৃতিক জগতত এক নতুন অনুষ্ঠানৰ জন্ম হয়। প্ৰায় দুকুৰি মহিলাৰ উপস্থিতিত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ ভাৰতী দত্তৰ সভাপতিত্বত, বিশিষ্ট সমাজ সেৱক ভূৱন মোহন গোস্বামীৰ বিশেষ উদ্যোগত নিৰ্মালি গাঁও উদ্যানত অনুষ্ঠিত সভাত ‘নিৰ্মালি গাঁও মহিলা শিল্পী সমাজ’ নামৰ সাংস্কৃতিক অনুষ্ঠানটি সৰ্ব সন্মতি গঠন কৰা হয়।এই উদ্দেশ্যে নিৰ্মালি গাঁৱৰ শিশু উদ্যানত এখনি সভাৰ আয়োজন কৰা হয়। শ্ৰীশ্ৰী চেকেৰাতলি সত্রৰ ডেকা সত্রীয়া গোস্বামীৰ দিহা পৰামৰ্শক সভাত সমবেত হোৱা সকলো ৰাইজে সন্মতি জনোৱাত ” নিৰ্মালি গাওঁ মহিলা শিল্পী সমাজ নামৰ গঠন কৰা হয়। শিল্প-সংস্কৃতিক আগুৱাই নিবলৈ স্হানীয় মহিলা সকলক একত্রিত কৰি গঠিত হোৱা শিল্পী সমাজৰ সভানেত্রী হিচাবে কানৈ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপিকা, বিশিষ্ট সাহিত্যিক ড০ ভাৰতী দত্তক দায়িত্ব অৰ্পণ কৰা হয়।সম্পাদিকা ববী গগৈ দত্ত আৰু সহকাৰী সম্পাদিকা শেৱালি দত্ত আৰু দিপীকা পাটৈক দায়িত্ব প্ৰদান কৰা হয়। অঞ্চলটোৰ মহিলা সকলৰ শিল্প প্ৰতিভা বিকাশৰ লগতে সমাজৰ প্ৰতি অৱদান আগবঢ়োৱাৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠানটো গঠন কৰা হয়। সভাত প্ৰায় দুকুৰি মহিলাই অংশগ্ৰহণ কৰে। নৱ গঠিত শিল্পী সমাজৰ প্রথম অনুষ্ঠান হিচাবে অহা ৫ নবেম্বৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস উদযাপন আৰু শ্ৰদ্ধাঞ্জলী অনুষ্ঠান পালন কৰিবলৈও সভাই সিদ্ধান্ত গ্রহণ কৰে।