গুৱাহাটীৰ নিশাবোৰৰ অকাল্পনিক জুইত -ভৱিষ্যৎ প্ৰজন্ম জ্বলিছে নেকি?
লক্ষীনন্দন কলিতা
গুৱাহাটী এখন সপোনৰ চহৰ। দিনৰ ব্যস্ততা শেষ হোৱাৰ পাছতো ইয়াৰ নিশাবোৰ সম্পূৰ্ণ নীৰৱ নহয়।জ্বলি থাকে ৰাস্তাৰ লাইট, চলি থাকে যান-বাহন, জাগি থাকে অসংখ্য মানুহ কিন্তু এই পোহৰৰ মাজতেই কেতিয়াবা এনে কিছুমান ঘটনা ঘটে, যিবোৰে এটা গভীৰ প্ৰশ্ন এৰি যায়-আমি কেৱল এখন চহৰৰ নিশা হেৰুৱাইছোঁ নে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ নিৰাপদ শৈশৱ আৰু যৌৱনো হেৰুৱাইছোঁ?
এই প্ৰশ্নটো কেৱল কল্পনাৰ নহয়। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত গুৱাহাটীত যুৱসমাজৰ মাজত নেশাজাতীয় সামগ্ৰীৰ প্ৰভাৱক লৈ উদ্বেগৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে জালুকবাৰী, মালিগাঁও, পাণ্ডু আৰু আজাৰাৰ বিভিন্ন অঞ্চলত নিশাৰ পেট্ৰ’লিং আৰু নিৰীক্ষণ বৃদ্ধি কৰাৰ কথা প্ৰকাশ পাইছে। শিক্ষাৰ্থী আৰু স্থানীয় বাসিন্দাসকলেও নেশা আৰু ইয়াৰ সৈতে জড়িত অপৰাধৰ বিৰুদ্ধে অধিক সজাগতা আৰু নিয়মীয়া নজৰদাৰীৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে।
আকৌ, ২০২৬ চনৰ মে’ মাহত গুৱাহাটীৰ বশিষ্ঠ আৰু গড়চুকত সংঘটিত দুটা পৃথক নিশাৰ পথ দুৰ্ঘটনাত তিনিজন যুৱকে প্ৰাণ হেৰুৱাইছিল। ছেপ্টেম্বৰ মাহতো জি এছ ৰোডত সংঘটিত এটা হিট-এণ্ড-ৰান ঘটনাত এজন স্কুটাৰ আৰোহী যুৱকৰ মৃত্যু ঘটে,আৰক্ষীৰ তথ্য অনুসৰি ঘটনাটোৰ সৈতে জড়িত বাহনখনত মদৰ বটল উদ্ধাৰ হৈছিল।
এই ঘটনাবোৰক কোনো এটা কাৰণৰ সৈতে সৰলভাৱে জড়িত কৰি চাব নোৱাৰি। কিন্তু ঘটনাবোৰে নিশাৰ সময়ত নেশা, অসাৱধানতা, দ্ৰুতগতি, সামাজিক নিয়ন্ত্ৰণৰ অভাৱ আৰু যুৱসমাজৰ সুৰক্ষা,এই সকলোবোৰ বিষয় নতুনকৈ ভাবিবলৈ বাধ্য কৰে।
আনহাতে, অসমৰ ক্ষেত্ৰতো কিশোৰ-কিশোৰীৰ সৈতে জড়িত অপৰাধৰ পৰিসংখ্যাই উদ্বেগৰ কাৰণ দেখুৱাইছে। গৃহ মন্ত্ৰালয়ৰ তথ্যৰ উদ্ধৃতিৰে প্ৰকাশিত প্ৰতিবেদন অনুসৰি, অসমত ২০২৪ চনত কিশোৰৰ বিৰুদ্ধে ২০৬টা গোচৰ পঞ্জীয়ন হৈছিল, যিটো ২০২৩ চনৰ ১৪০টা গোচৰৰ তুলনাত বৃদ্ধি।
কিন্তু ইয়াতেই আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল-সমস্যাটোক কেৱল আৰক্ষীৰ সমস্যা বুলি ভাবিলে নহ’ব। এজন কিশোৰ নিশা কিয় উদ্দেশ্যহীনভাৱে ঘূৰি ফুৰিছে? এজন যুৱকে কিয় নিজৰ জীৱনৰ মূল্য পাহৰি বিপজ্জনক সিদ্ধান্ত লৈছে? এজন অভিভাৱকে সন্তানৰ মনৰ ভিতৰত চলি থকা পৰিৱৰ্তন কিমানখিনি জানে?
আৰু সমাজে,আমি,তেওঁলোকক সময়মতে শুনিছোঁনে?
প্ৰতিটো ভুলৰ আঁৰত কেৱল এজন ব্যক্তিৰ দোষ নাথাকে,কেতিয়াবা তাৰ আঁৰত থাকে এখন নীৰৱ সমাজ, ব্যস্ত অভিভাৱক, ভুল বন্ধুত্ব, মানসিক একাকীত্ব আৰু দিশহীনতাৰ দীঘলীয়া ছাঁ। গুৱাহাটীৰ নিশাবোৰ সেয়ে কেৱল ভয়ৰ প্ৰতীক হ’ব নালাগে। এই নিশাবোৰে আমাক সজাগ কৰাৰ সুযোগো দিব পাৰে। চহৰখনত আৰক্ষীৰ নিয়মীয়া নজৰদাৰী যেনেকৈ প্ৰয়োজন, তেনেকৈ বিদ্যালয়-মহাবিদ্যালয়ত জীৱনমুখী শিক্ষা, পৰিয়ালত বন্ধুত্বপূৰ্ণ পৰিৱেশ, যুৱসমাজৰ বাবে ক্ৰীড়া-সংস্কৃতি-সাহিত্যৰ সুস্থ পৰিসৰ আৰু নেশাৰ বিৰুদ্ধে বিজ্ঞানভিত্তিক সজাগতাও সমানে প্ৰয়োজন।
কাৰণ এজন যুৱকক ভুল পথত যোৱাৰ পাছত শাস্তি দিয়াতকৈ, তেওঁ ভুল পথটো চিনাক্ত কৰাৰ আগতেই তেওঁৰ কাষত থিয় হোৱাটোহে অধিক মূল্যৱান।
গুৱাহাটীৰ নিশাৰ পোহৰবোৰ সঁচাকৈয়ে ধুনীয়া কিন্তু সেই পোহৰৰ তলত যদি কোনো কিশোৰৰ সপোন অন্ধকাৰত ডুব যায়, তেন্তে কেৱল ৰাস্তাবোৰ পোহৰাই ৰাখিলেই নহ’ব—পোহৰাব লাগিব আমাৰ সন্তানৰ চিন্তা, সপোন আৰু ভৱিষ্যতৰ পথটোও।
সেয়ে প্ৰশ্নটো হয়তো কেৱল- “গুৱাহাটীৰ নিশাবোৰত জুই জ্বলিছে নেকি?”
নহয়। প্ৰকৃত প্ৰশ্নটো হ’ল-“সেই জুইৰ উত্তাপত আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ সপোনবোৰ পুৰি যোৱাৰ আগতেই আমি সজাগ হ’মনে?”
