কংগ্ৰেছ হৈছে বিভাজনৰ বীজঃ সর্বানন্দ সোণোৱাল

কংগ্ৰেছ হৈছে বিভাজনৰ বীজঃ সর্বানন্দ সোণোৱাল

ৰঙিলী বাৰ্ত্তাসেৱা- কংগ্ৰেছ ভাৰতবৰ্ষৰ চিৰশত্রু। কংগ্ৰেছ দলটো হৈছে গণতন্ত্ৰৰ হত্যাকাৰী।  মূলতঃ কংগ্ৰেছ হৈছে বিভাজনৰ বীজ আৰু বিভেদকামী ৰাজনীতিৰ প্ৰতীক। । আনহাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী হৈছে নতুন ভাৰতৰ খনিকৰ।  দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে ডিব্ৰুগড়ত ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ নিৰ্দেশমর্মে ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত চৌকিডিঙ্গী খেলপথাৰৰ পৰা পুৰণি হাইস্কুল খেলপথাৰলৈ এক বিশাল ‘জন জাগৰণ সমদল’ৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে কংগ্রেছ দলক তীব্র আক্ৰমণ কৰি এইদৰে কয়। তেওঁ আৰু কয় যে কেৱল পৰিয়ালতন্ত্র, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি লৈয়েইন্যস্ত স্বার্থ পূৰণৰ বাবে কংগ্ৰেছে বিগত ৬০ বছৰীয়া ৰাজত্বকালত ভাৰতবৰ্ষৰ জনগণক যেনেধৰণে প্ৰতাৰণা কৰিলে, দুর্নীতি- ভ্ৰষ্টাচাৰ আৰু দৰিদ্ৰ জনসাধাৰণৰ অধিকাৰ খৰ্ব কৰি সমগ্ৰ ভাৰতবৰ্ষতেই গণতন্ত্ৰৰ অৱস্থা দুৰ্বল কৰিলে, তাৰ বাবে আজি কংগ্ৰেছক বাৰম্বাৰ প্ৰতিটো নির্বাচনতেই ভাৰতবৰ্ষৰ জনতাই সঠিকভাবে তেওঁলোকক শাস্তি প্রদান কৰিছে। সেইভাবে আগন্তুক দিনতো এই কংগ্ৰেছ কোনোদিনেই ভাৰতবৰ্ষৰ জনতাৰ হৃদয় জয় কৰিব নোৱাৰে আৰু তেওঁলোক প্রতিটো নির্বাচনতেই পৰাজিত হ’ব, এই কথা নিশ্চিত। বাপুজী, ড° আম্বেদকাৰ, চৰ্দাৰ বল্লভভাই পেটেল, শ্যামাপ্রসাদ মুখার্জী আৰু পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰে মহান ব্যক্তিসকলৰ দ্বাৰা গঢ় লৈ উঠা ভাৰতৰ গণতন্ত্ৰক কংগ্ৰেছে হত্যা কৰাৰ এই মহাপাপৰ বাবে দেশৰ জনতাই তেওঁলোকক প্রতিটো নির্বাচনতে সঠিক শাস্তি প্রদান কৰি আহিছে আৰু ভৱিষ্যতেও তেওঁলোক পৰাজিত হোৱাটো নিশ্চিত বুলি মন্ত্ৰী সোনোৱালে স্পষ্ট কৰি দিয়ে।

সমদলত ভাষণ দি মন্ত্ৰী সোণোৱালে কংগ্ৰেছৰ ৰাজনীতি, নিৰ্বাচনী ব্যৱস্থাৰ বিশেষ নিবিড় সংশোধন, সন্দৰ্ভত আৰু সাংবিধানিক প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে কংগ্ৰেছ-ইণ্ডি এলায়েঞ্চে উত্থাপন কৰা প্ৰশ্নক তীব্র ভাষাৰে সমালোচনা কৰে। কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ অভিযোগ- কংগ্রেছে ৰাষ্ট্ৰবিৰোধী শক্তিৰে মিলি দেশত বিভ্রান্তিৰ সৃষ্টি কৰিছে। তেওঁ কয়- দেশৰ স্বাৰ্থৰ ওপৰত কোনো ৰাজনৈতিক স্বার্থক স্থান দিব নোৱাৰি। ভাৰতৰ ঐক্য, অখণ্ডতা আৰু সুৰক্ষাৰ সৈতে কোনোধৰণৰ আপোচ কৰা নহ’ব। দেশৰ সাংবিধানিক প্রতিষ্ঠানসমূহৰ বিশ্বাসযোগ্যতাক লৈ প্রশ্ন উত্থাপন কৰা কাৰ্যই কংগ্ৰেছৰ গণতান্ত্রিক প্ৰমূল্যবোধৰ প্ৰতি থকা দৃষ্টিভংগীৰ ওপৰত প্ৰশ্নৰ অৱকাশৰ সৃষ্টি কৰিছে। কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে দেশবাসীৰ ওচৰত নিজৰ স্থিতিৰ বাবে জবাবদিহি হোৱা উচিত। উল্লেখ্য যে দেশবিৰোধী অপশক্তিৰ বিৰুদ্ধে সাধাৰণ ৰাইজক সচেতন কৰাৰ লক্ষ্যৰে তথা কংগ্ৰেছ আৰু ইণ্ডি এলায়েঞ্চৰ দলসমূহে দিল্লীত ৰূপায়ণ কৰা প্ৰতিবাদৰ বিৰোধিতা কৰি যোৱা দুটা দিনত বিজেপিয়ে নলবাৰী, যোৰহাট, শিলচৰ আৰু গুৱাহাটীত বিশাল জনজাগৰণ সমদল উলিয়াইছে। সহস্রাধিক জনতাৰ সমর্থনত উলিওৱা এই জনজাগৰণ সমদল ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড়, তেজপুৰ আৰু নামনিত অসমৰ অন্যতম গুৰুত্বপূৰ্ণ চহৰ বৰপেটাৰোডতো উলিওৱা হয়। আজি ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ পৰা চৰকাৰী পুৰণা হাইস্কুল খেলপথাৰলৈকে বিজেপিয়ে কংগ্ৰেছ আৰু ইণ্ডি এলায়েঞ্চৰ সমৰ্থিত দলসমূহৰ বিৰুদ্ধে উলিওৱা জনজাগৰণত জিলাখনৰ সৰ্বস্তৰৰ ১৫ হাজাৰতকৈও অধিক লোকে অংশগ্রহণ কৰে। এই সমদলত কেন্দ্রীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে দলৰ সাধাৰণ সম্পাদক ঋতুপর্ণ বৰুৱা, মন্ত্রী বিমল বড়া, ৰামেশ্বৰ তেলী, বিধায়ক প্রশান্ত ফুকন, চক্ৰধৰ গগৈ, বিনোদ হাজৰিকা, সাংসদ তেৰছ গোৱালাকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে। আনহাতে বৰপেটাৰোডত আয়োজিত সমদল কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। সমদলৰ পূর্বে ভাষণ দি সভাপতি শইকীয়াই কয়- যোৱা কেইটামান দিন ধৰি কিছু অপশক্তিয়ে দেশখনক অস্থিৰ কৰিবলৈ অহৰহ চেষ্টা কৰি আছে। দেশখনক অস্থিৰ কৰাৰ নামত বিৰোধী বিদেশী শক্তিৰ সৈতে হাত মিলাইছে। ৰাহুল গান্ধী আৰু বাঁওপন্থীয়ে বিচাৰিছে দেশলৈ বিশৃংখলতা আহক। কিন্তু ৰাইজ আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে। বিগত ৬০ বছৰে দেশৰ জনতাক অপশাসন উপহাৰ দিয়া কংগ্ৰেছ তথা গান্ধী পৰিয়ালে পুনৰ জনতাক এক অশান্তিকৰ পৰিৱেশৰ মাজলৈ নিবলৈ চেষ্টা কৰিছে। প্রায় ২০ সহস্রাধিক লোকৰ উপস্থিতিত উলিওৱা এই সমদলত মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, দলৰ উপ-সভাপতি মনোজ বৰুৱা, বৰপেটা জিলা বিজেপিৰ সভানেত্রী সবিতা দেৱনাথকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। ইফালে বিজেপিৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ঐতিহাসিক তেজপুৰত উলিওৱা হয় আন এক জনজাগৰণ সমদল। ৰাষ্ট্ৰবাদী চিন্তাৰে উদ্বুদ্ধ হৈ শোণিতপুৰ জিলাৰ প্রায় ১৫ হাজাৰতকৈ অধিক যুৱক-যুৱতী তথা জিলাখনৰ সকলো পৰ্যায়ৰ কাৰ্যকৰ্তা একত্রিত হৈ অপশক্তি আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে এই সমদলত অংশ লয়। তেজপুৰৰ ঐতিহাসিক শ্বহীদ বাকৰিৰ পৰা আৰম্ভ হোৱা এই সমদল যাত্ৰাত ভাৰত মাতা কী জয়, ৰাষ্ট্ৰীয় একতাৰ ধ্বনিৰে সমগ্ৰ তেজপুৰৰ ৰাজপথ উত্তাল কৰি তোলে। সমদলটোৱে ভৰ্তক আৰু ত্রিবেণী হৈ জয়মতী পথাৰত উপস্থিত হয় আৰু তাত সামৰণি পৰে। এই সমদলত মন্ত্রী অশোক সিংহল, সাংসদ ৰঞ্জিত দত্ত, বিধায়ক পল্লৱলোচন দাস, পদ্ম হাজৰিকা, কৃষ্ণ কমল তাঁতী, ঋতুপর্ণ শর্মাকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।