ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ চেক বিতৰণ

ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ চেক বিতৰণ::৭৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিলে আঁচনিৰ সুবিধা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ উচ্চ শিক্ষানুষ্ঠান কানৈ বাণিজ্য মহাবিদ্যালয়ত  অসম চৰকাৰৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ অধীনত হিতাধিকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত চেক বিতৰণ অনুষ্ঠিত হয়। এই কাৰ্যসূচীৰ জৰিয়তে মহাবিদ্যালয়খনৰ বিভিন্ন ষাণ্মাসিকৰ মুঠ ৭৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আঁচনি দুখনৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয়।পৰিসংখ্যা বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° অজিত গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা আৰু প্ৰশাসনিক বিষয়া বৰ্ষা তালুকদাৰ গগৈ।অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে আঁচনিৰ হিতাধিকাৰী ছাত্ৰ-ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ শৈক্ষিক উত্তৰণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয়। তেওঁ এনে আঁচনিয়ে শিক্ষাৰ্থীসকলক পঢ়া-শুনাত অধিক মনোনিৱেশ কৰিবলৈ উৎসাহিত কৰাৰ লগতে উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সহায়ক ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্য অতিথি অসীম হাজৰিকাই নিজৰ ভাষণত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল কেনেদৰে উপকৃত হৈছে, সেই সন্দৰ্ভত এক মননশীল বক্তব্য আগবঢ়ায়। তেওঁ শিক্ষাৰ্থী সকলক চৰকাৰী সুবিধাৰ সদ্ব্যৱহাৰ কৰি নিজৰ শৈক্ষিক লক্ষ্যত উপনীত হ’বলৈ আহ্বান জনায়।ইয়াৰ সমান্তৰালকৈ গুৱাহাটীৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰিত ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ কেন্দ্ৰীয় চেক বিতৰণ অনুষ্ঠানো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে  প্ৰত্যক্ষ কৰে। কেন্দ্ৰীয় অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।অনুষ্ঠানটোৰ আন এক গুৰুত্বপূৰ্ণ দিশ হিচাপে অধ্যক্ষ ড° জয়দেৱ গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া উপস্থিতিক উৎসাহিত কৰাৰ উদ্দেশ্যে বিশেষ পুৰস্কাৰ ঘোষণা কৰে। ঘোষণা অনুসৰি, শ্ৰেণীকোঠাত ১০০ শতাংশ উপস্থিতি থকা শিক্ষাৰ্থীক ২,০০০ টকা আৰু ৯৫ শতাংশতকৈ অধিক কিন্তু ১০০ শতাংশতকৈ কম উপস্থিতি থকা শিক্ষাৰ্থীক ১,০০০ টকাকৈ অধ্যক্ষৰ তৰফৰ পৰা প্ৰদান কৰা হয়। চৰকাৰী আঁচনিৰ আৰ্থিক সহায় আৰু শিক্ষানুষ্ঠানৰ এনে উৎসাহজনক পদক্ষেপে শিক্ষাৰ্থীসকলক ভৱিষ্যতে অধিক দায়িত্বশীল আৰু আত্মনিৰ্ভৰশীল হ’বলৈ অনুপ্ৰাণিত কৰিব। ন’ডাল বিষয়া ড° পল্লৱী কাশ্যপে শলাগৰ শৰাই আগবঢ়ায়।অনুষ্ঠানত মহাবিদ্যালয়খনৰ বহু শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।