অসম আৰক্ষীত ব্যাপক ৰদ-বদল 

Pc Wikipedia

অসম আৰক্ষীত ব্যাপক ৰদ-বদল 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম আৰক্ষীৰ বিষয়া পৰ্যায়ত ব্যাপক সালসলনি ঘটোৱা হৈছে । এক গুৰুত্বপূৰ্ণ ৰদবদলত অসম আৰক্ষীৰ উপ-আয়ুক্ত, বেটেলিয়ন কমাণ্ডেণ্টকে ধৰি বিভিন্ন পদবীৰ ৩৫ জনৰো অধিক বিষয়াক বদলি কৰা হৈছে ৷ মঙলবাৰে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰা হয় । সেই অনুসৰি গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত মাহাতো অমিত কুমাৰ সিদ্ধি প্রসাদক বদলি কৰি নিযুক্তি দিয়া হৈছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বিভাগৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে। আনহাতে মুখ্যমন্ত্ৰীৰ নিৰাপত্তা বিভাগত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব চম্ভালি থকা উৎপল বায়নক বদলি কৰি নিযুক্তি দিয়া হৈছে সীমান্ত শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিচাপে। আনহাতে কার্বি আংলংস্থিত ২৩সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক নির্মল বৈশ্যক উক্ত স্থানৰ পৰা বদলি কৰি নিযুক্তি দিয়া হৈছে অগ্নি আৰু আপতকালীন বিভাগৰ উপ-সঞ্চালক হিচাপে। একেদৰে শদিয়াৰ ষষ্ঠ অসম কমাণ্ডো বেটেলিয়নৰ অধিনায়ক আনন্দ টকবিকো বদলি কৰি নিযুক্তি দিয়া হৈছে ২৩সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক হিচাপে। গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (প্রট’কল) ইফটাৰাখাৰ আলীক বদলি কৰি নিযুক্তি দিয়া হৈছে বৰপেটাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে। শ্রীভূমি জিলাৰ পঞ্চদশ অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক গীতাঞ্জলি দলেক বদলি কৰি নিযুক্তি দিয়া হৈছে গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (প্রট’কল) হিচাপে। কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্রকাশ মেধিক বদলি কৰি নিযুক্তি দিয়া হৈছে সহকাৰী আৰক্ষী মহাপৰিদৰ্শক হিচাপে। পৃথ্বিৰাজ ৰাজখোৱাক তিনিচুকীয়াৰ নতুন এএছপি হিচাপে, মৃণ্ময় দাসক শিৱসাগৰ জিলাৰ এএছপি (অপৰাধ) হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখ্য যে গৃহ বিভাগে উক্ত নির্দেশযোগে মুঠ ৩৫গৰাকী আইপিএছ-এপিএছ বিষয়াক বদলিৰ লগতে নতুনকৈ নিযুক্তি দিছে।