আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় লিঅ’নেল মেছিৰ

Pc NDTV Sports

আন্তঃৰাষ্ট্ৰীয় ফুটবলক বিদায় লিঅ’নেল মেছিৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আর্জেন্টিনাৰ হৈ লিঅ’নেল মেছিৰ অন্তিমখন মেচ। মঙলবাৰে বুয়েনছ আয়াৰ্ছত প্ৰাক্তন  বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাৰ হৈ অন্তিমবাৰৰ বাবে ৰাষ্ট্ৰীয় দলৰ জাৰ্চি পৰিধান কৰে লিঅ’নেল মেছিয়ে । ইয়াৰ লগে লগে এক আৱেগিক মুহূৰ্তত মেছিয়ে নিজৰ ২১ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্ত পেলায় ।   আর্জেন্টিনাৰ ছুপাৰ ষ্টাৰ মেছিৰ অন্তিমখন খেল চাবলৈ ৮৫ হাজাৰ দর্শকেৰে ঠাহ খাই পৰিছিল ষ্টেডিয়াম। এঞ্জেল ডি মাৰিয়া, নিকোলাছ অ’টামেণ্ডি, ফ্ৰান্সৰ প্ৰাক্তন ফুটবলাৰ ডেভিদ ট্রেজেগুৱেটকো দেখা গৈছিল।খেল আৰম্ভ হোৱাৰ আগতে মনুমেন্টেলত দেখা গৈছিল ১০ নম্বৰৰ বিশাল জাৰ্ছী। তাৰ ওপৰত লিখা আছিল গ্লেছিয়াছ। ষ্টেডিয়ামত উপস্থিত হৈছিল মেছিৰ মাতৃ, পত্নীসহ তিনি সন্তান। স্টেডিয়ামৰ প্ৰতিজন দর্শকে পিন্ধি আছিল আর্জেন্টিনাৰ জাৰ্ছী। পিছফালে লিখা আছিল মেছিৰ নাম। ছুপাৰ ষ্টাৰ মেছিয়ে খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে ষ্টেডিয়ামত উপস্থিত থকা সহস্রাধিক অনুৰাগীয়ে থিয় হৈ অভিবাদন জনায়। জাতীয় সংগীত বাজি উঠাৰ লগে লগে নিজৰ আৱেগক ধৰি ৰাখিব নোৱাৰিলে মেছিয়ে। আর্জেন্টিনাৰ অধিনায়কগৰাকীৰ চকুৰ পৰা নিগৰিছিল অশ্রু। তেওঁৰ চকুলো ধৰা পৰিছিল কেমেৰাত। দৰ্শকৰ মাজত থকা তেওঁৰ পত্নী আৰু মাতৃৰ চকুৰ পৰাও ওলাইছিল চকুলো। প্রশিক্ষক লিঅ’নেল স্কাল’নিয়েও হৈ পৰিছিল আৱেগিক। মেচখনৰ টছৰ পূৰ্বে মেছিক এটা স্মাৰক প্ৰদান কৰে প্ৰতিদ্বন্দ্বী বেনিনে। আমাজন জংঘলৰ শৈলীত নিৰ্মিত ভাস্কৰ্যৰ সৈতে আছিল এখন চিঠি। আর্জেন্টিনাৰ জাৰ্ছীত নিজৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচতো মেছিয়ে গ’ল আৰু দুটা এছিষ্টেৰে স্মৰণীয় কৰি তুলিলে। মেচখনত আর্জেন্টিনাই বেনিনক ৩-০ গ’লত পৰাস্ত কৰে। মেচখনৰ ৭১ মিনিটত পেনাল্টীৰ জৰিয়তে গ’ল স্ক’ৰ কৰে মেছিয়ে আৰু ইয়াৰ লগে লগে কেৰিয়াৰত আন্তঃৰাষ্ট্ৰীয় গ’লৰ সংখ্যা ১২৬টালৈ বৃদ্ধি কৰে। মেচখনত মেছিয়ে এটা গ’ল কৰাৰ লগতে তেওঁ দুটা গ’লৰ বাবে সতীৰ্থক সুযোগৰো সৃষ্টি কৰি দিয়ে।  ২০০৫ চনৰ ১৭আগষ্টত আর্জেন্টিনাৰ হৈ আন্তঃৰাষ্ট্ৰীয় ফুটবলত অভিষেক ঘটিছিল মেছিৰ। দেশখনৰ হৈ ২০৭খন মেচ খেলি ১২৬টা গ’লেৰে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ সামৰণি মাৰে মেছিয়ে। মেছিৰ কেৰিয়াৰ কেৱল ব্যক্তিগত অভিলেখতে সীমাবদ্ধ নহয়। আর্জেন্টিনাৰ সৈতে তেওঁ ২০০৮ চনৰ বেইজিং অলিম্পিকত সোণৰ পদক জয় কৰিছিল। ইয়াৰ পিছত ২০২১ আৰু ২০২৪ চনত কোপা আমেৰিকাৰ খিতাপ জয় কৰে। কিন্তু তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ ডাঙৰ সফলতা আহিছিল ২০২২ চনত। সেইবাৰ মেছিৰ নেতৃত্বত আর্জেন্টিনাই ফিফা বিশ্বকাপৰ খিতাপ জয় কৰিছিল। ইয়াৰ উপৰি ২০২২ চনত তেওঁ ফাইনেলিছিমাৰ খিতাপো জয় কৰে। ২০২৬ চনৰ বিশ্বকাপ আছিল মেছিৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ অন্তিমখন বৃহৎ প্রতিযোগিতা। ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ ফাইনেলত স্পেইনৰ হাতত পৰাস্ত হৈ ৰানাৰ্ছআপত ক্ষান্ত থাকে আর্জেন্টিনাই।