আজি নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ

Pc India Today

আজি নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ। সমষ্টিটোত মুঠ ১৫গৰাকী প্রার্থী নির্বাচনী যুঁজত অৱতীৰ্ণ হৈছে। এওঁলোক হৈছে- বিজেপিৰ দেৱাশিস শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এআইইউডিএফৰ বদৰুদ্দিন আজমল আৰচিপিআইৰ ইনামূল হুদা, এছইউচিআই (চি)ৰ বৰ্ণালী শৰ্মা, নেচনেল ৰোড মেপ পার্টী ইণ্ডিয়াৰ হাফিজ বুৰহানুদ্দিন, নৱৰংগ কংগ্ৰেছ পাৰ্টীৰ কৰিমুল্লা শ্বেইখ, নির্দলীয় মণিৰুল হুছেইন, মোস্তাকিম আলী, নজৰুল ইছলাম, চাবিনা ইয়াচমিন, ছফিকুৰ ৰহমান, ইউনিছ তামুলী, আয়ুস কুমাৰ সিং আৰু ইমৰান হুছেইন। এই ১৫ প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ১৯,০২,০০৯ গৰাকী ভোটাৰে। মুঠ ১৫ গৰাকী প্রার্থীয়ে নির্বাচনী যুঁজত অবতীর্ণ হ’লেও শেহতীয়া প্রেক্ষাপট অনুসৰি মূল যুঁজখন বিজেপিৰ প্রার্থী দেৱাশিস শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা আৰু এআইইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ মাজতে সীমাবদ্ধ থকাটো পৰিষ্কাৰ হৈ পৰিছে। উল্লেখ্য যে আজি অনুষ্ঠিত হ’বলগীয়া নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনত নগাঁও আৰু মৰিগাঁও জিলাৰ আঠটা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ১৯,০২,০০৯ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। এওঁলোকৰ ভিতৰত ৯,৫৮,৫৯৫ গৰাকী পুৰুষ, ৯,৪৩, ৩৬৪ গৰাকী মহিলা আৰু ৫০ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।  সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও সংসদীয় সমষ্টি ধর্মীয় সংখ্যালঘু লোকৰ শক্তিশালী প্রভাৱ থকা সমষ্টি হিচাপে চিহ্নিত হৈছে। পূৰ্বৰ নগাঁও সংসদীয় সমষ্টিত হিন্দু আৰু ইছলামধর্মী লোকৰ ভোটৰ হাৰ আছিল ক্ৰমে ৪৮ আৰু ৫২ শতাংশ। এতিয়া নতুন সংসদীয় সমষ্টিৰ আঠটা বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটা হিন্দুপ্রধান সমষ্টি ক্রমে জাগীৰোড, বহা, নগাঁও-বটদ্ৰৱা আৰু মৰিগাঁও বিধানসভা সমষ্টি। বিপৰীতে লাহৰীঘাট, ধিং, ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিত ধর্মীয় সংখ্যালঘু ভোটাৰৰ প্ৰভাৱ বিৰাজমান। নগাঁও সংসদীয় সমষ্টিত মুঠ ভোটাৰৰ ১১,৪৮,৪১০ গৰাকী ধৰ্মীয় সংখ্যালঘু ভোটাৰ (৬০.৬৮%) আৰু হিন্দু ভোটাৰ ৭,৫০,৫৮২ (৩৮.৩৬%)। অন্যান্য ভোটাৰৰ হাৰ ২.৩৭ শতাংশ। ২০২৪ চনৰ সাধাৰণ নির্বাচনত নগাঁও সংসদীয় সমষ্টিত কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈয়ে হিন্দু ভোট কমকৈ পোৱাৰ বিপৰীতে ধর্মীয় সংখ্যালঘু ভোট অধিক লাভ কৰিছিল। আনহাতে ৯ অক্টোবৰত ভোটগণনা হ’ব।