কলেজৰ কেণ্টিনত
হেৰম্ব নাথ
কলেজৰ কেণ্টিনত
টিছু পেপাৰখনত
কি লিখিছিলা
আছেনে মনত
কেতিয়াবা পৰেনে মনত
আকৌ
উলাহতে
এদিন আঁকিছিলা
মোৰ ওঁঠযুৰি
পলকতে কৈছিলা চুমা দিম
প্ৰাণভৰি
যদি তুমি কোৱা ভালপাওঁ বুলি!
কলেজৰ কেণ্টিনত
হেৰম্ব নাথ