শাৰদীয় স্তৱক – প্ৰভাত বণিয়া

শাৰদীয় স্তৱক

‌ প্ৰভাত বণিয়া

শৰত আহিলেই শেৱালীৰ সুগন্ধত
মলমলায় পদূলি
নৈৰ নিজানত হালেজালে শুভ্ৰ শুভ্ৰ কহুৱা ফুল
ৰঙতে মতলীয়া হয় জীয়াৰী-বোৱাৰী
শিশু চেমনীয়া,ডেকা-গাভৰু,

বাজে ধাক ঢোল
শংখ ঘণ্টা
দেৱী দুৰ্গা আহে মৰ্তলোকলৈ
মন হয় উন্মনা
আন্ধাৰ আঁতৰি যায় ।