অচিন শিহৰণ এটি মোৰ বুকুত জাগে – অংকিতা শৰ্মা

Pc StockCake

অচিন শিহৰণ এটি মোৰ বুকুত জাগে

অংকিতা শৰ্মা , দেৰগাঁও

চেন্নাইৰ ৰাতিপুৱাটো কোনো দিনেই হঠাতে আৰম্ভ নহয়; ই এক মন্থৰ আৰু ছন্দময় জাগৰণ। বঙ্গোপসাগৰৰ বুকুত সূৰ্যটোৱে ভূমুকি মৰাৰ লগে লগেই এক নোনা বতাহৰ ঢৌ চহৰখনৰ অকোৱা-পকোৱা গলিবোৰৰ মাজেৰে সোমাই আহে। সেই বতাহত সাগৰৰ গোন্ধ থাকে, থাকে এক অদ্ভুত আদৰ—যেন কোনোবাই টোপনি গৈ থকা মহানগৰখনৰ গালত আলফুলকৈ হাত ফুৰাই জগাই তুলিছে। দূৰৈৰ পৰা ভাহি আহে মন্দিৰৰ ঘণ্টাৰ সেই পবিত্ৰ শব্দ, যিটো লাহে লাহে ফিল্টাৰ কফিৰ তীব্ৰ সুবাসৰ সৈতে একাকাৰ হৈ এক নতুন দিনৰ ঠিকনা লিখে।

কিন্তু এই ব্যস্ত চহৰখনৰ কোলাহলৰ পৰা নিলগত, এটা পুৰণি বিল্ডিঙৰ তৃতীয় মহলাৰ এটা সৰু ভাড়া ঘৰত সময় যেন থমকি ৰৈছে। সোঁফালৰ সৰু কোঠাটোৰ খিৰিকীৰ ফাঁকেৰে ৰ’দৰ এচেৰেঙা পোহৰ সোমাই আহিছে। সেই পোহৰত কোঠাটোৰ ভিতৰৰ বিষণ্ণতাখিনি আৰু বেছি স্পষ্ট হৈ পৰিছে।

মজিয়াৰ ইফালে-সিফালে সিঁচৰতি হৈ পৰি আছে খালী বিয়েৰৰ বটলবোৰ। কোনোবাটো বটল কাতি হৈ পৰি আছে, কোনোবাটোৰ তলিত এতিয়াও অলপ পানীয় লাগি ধৰিছে—যিবোৰ আচলতে যোৱা নিশাৰ নিসংগতা আৰু অৱহেলাৰ নীৰৱ সাক্ষী। বিচনাৰ কাষত চিপচৰ খালী পেকেটবোৰ দুৰ্বল স্তূপৰ দৰে গোট খাই আছে। টেবুলৰ ওপৰত ধূলিৰ এটা ডাঠ আস্তৰণ আৰু আধা জ্বলি শেষ হোৱা চিগাৰেট। তাৰ মাজতে পৰি আছে এটা লেতেৰা গ্লাছ আৰু এটা আধা-মেলা লেপটপ। লেপটপৰ স্ক্ৰীণখনৰ ম্লান পোহৰে কোঠাটোৰ অপৰিষ্কাৰ অৱস্থাটোক যেন আৰু বেছি উপহাস কৰিছে।

মূৰৰ ওপৰত চিলিং ফেনখন একেটা গতিত ঘূৰি আছে ঠিকেই, কিন্তু সেই ঘূৰ্ণনে কোঠাটোৰ গধুৰ বতাহখিনিক পাতল কৰিব পৰা নাই।

হঠাৎ বাজি উঠা এলাৰ্মৰ তীক্ষ্ণ শব্দটোৱে কোঠাটোৰ স্তব্ধতা ভাঙি পেলালে। বিচনাখনত ব্লেংকেট এখন লৈ অপৰিপাটি ভাৱে পৰি থকা ছোৱালীজনী একেজাপে উঠি বহিল। সদায়ৰ দৰে আজিও তাইৰ শোৱাৰ ভংগীমা ওলোটা—ভৰিপথানত মূৰ আৰু গাৰুৰ ফালে ভৰি দুখন।

টোপনিৰ আমেজ এতিয়াও চকুৰ পাতত লাগি আছে। পিঠিলৈকে নামি যোৱা দীঘল চুলিখিনি সম্পূৰ্ণ জপৰা হৈ পৰিছে, য’ত এটা ক’লা ক্লাচাৰ কোনোমতে ওলমি ৰৈছে।যেন যিকোনো মুহূৰ্ততে খহি পৰিব। তাইৰ ডাঙৰ ডাঙৰ চকুযোৰ ৰঙা পৰিছে, হয়তো নিশাৰ উজাগৰী বা আধৰুৱা টোপনিৰ ক্লান্তি। নাকৰ মাজত থকা ৰূপালী ৰঙৰ ছেপ্টাম ৰিংটোৱে ৰ’দৰ পোহৰত চিকমিকাই উঠি তাইৰ মুখমণ্ডলত এক অবাধ্য আৰু স্বাধীনচেতিয়া ৰূপ দিছে। পিন্ধনত এটা চুটি ক্ৰপ-টপ আৰু হাফপেন্ট, যিয়ে তাইৰ বিশৃংখল জীৱনশৈলীৰ এক চানেকি দাঙি ধৰিছে।

: Oh shit!

বিৰক্তি আৰু উৎকণ্ঠা মিহলি এক অস্ফুট স্বৰ তাইৰ ওঁঠৰ পৰা ওলাই আহিল।

দীঘলকৈ হামি এটা মাৰি তাই বিচনাৰ কাষত পৰি থকা মোবাইলটোত সময়টো চালে। চকুৰ পলকতে যেন গোটেই এলাহ উৰা মাৰে । খৰধৰকৈ বিচনাৰ পৰা নামি তাই বাথৰুমৰ ফালে দৌৰ দিলে। বাহিৰত চহৰখনে গতি লৈছে, আৰু সেই গতিৰ সৈতে মিলি যাবলৈ তাইৰ হাতত এতিয়া এক চেকেণ্ডো অপচয় কৰিবলৈ সময় নাই।

ঋভিকা কৌশিক। চেন্নাইৰ দৰে এখন যান্ত্ৰিক মহানগৰীৰ এটা নামী কোম্পানীত ভৰি থৈছে তাই, মাত্ৰ দুদিনহে হৈছে। কিন্তু চাকৰি জীৱনৰ আৰম্ভণিটো সুখকৰ নাছিল তাই বাবে । প্ৰথম দিনাই নিজৰ পিন্ধন-উৰণৰ বাবে বৰমূৰীয়া বিষয়া অৰ্থাৎ বছৰ পৰা কটু কথা শুনিবলগীয়া হৈছে। আন কোনো হোৱা হ’লে হয়তো ঋভিকাই তাতেই চৰ দুটা শোধাই গুচি আহিলহেঁতেন। কাৰণ কাৰো অন্যায় সহি থকাটো তাইৰ তেজত নাই। কিন্তু যে মানুহ পৰিস্থিতিৰ দাস। আজি তাইক এই কামটোৰ বৰ প্ৰয়োজন।

মানুহৰ দৃষ্টিত ঋভিকা এগৰাকী উদ্ধত বা বেয়া ছোৱালী। তাইৰ যত্ন হীন চুলি, নাকৰ ছেপ্টাম ৰিং, নিশাৰ নিচা আৰু স্পষ্টবাদিতাই সমাজক আঙুলি তুলিবলৈ সুযোগ দিয়ে। কিন্তু সেই ৰুক্ষ আৱৰণটোৰ আঁৰত লুকাই আছে এক কৰুণ আৰু দায়িত্বশীল সংগ্ৰাম। মাক-দেউতাকহীন সংসাৰখনৰ ভৰ এতিয়া তাইৰ কান্ধত। হোষ্টেলত থকা ভাই-ভনীহালৰ পঢ়া-শুনা আৰু ভৱিষ্যতৰ বাবে তাই নিজৰ সত্তাক বলি দি এই যান্ত্ৰিকতাত বিলীন হৈছে।

আচৰিত লাগে, বাহিৰৰ পৰা অবাধ্য যেন লগা এই ছোৱালীজনীয়েই আচলতে নিজৰ পৰিয়ালৰ বাবে এজনী অটুট প্ৰাচীৰ। নিজৰ নিসংগতাক পাহৰিবলৈ আৰু দায়িত্বৰ গধুৰ বোজাটো কিছুসময়ৰ বাবে পাতলাবলৈ তাই কেতিয়াবা নিচাৰ আশ্ৰয় লয়। মানুহলৈ তাই ভয় নকৰে, প্ৰয়োজন হ’লে হাত উঠাবলৈকো কুণ্ঠাবোধ নকৰে। হয়তো এই কঠোৰতাই তাইৰ সুৰক্ষা কৱচ।অন্যথা মাক-দেউতাক অবিহনে এই নিষ্ঠুৰ পৃথিৱীখনে তাইক কেতিয়াবাই গিলি পেলালেহেঁতেন।

সকলোৰে বাবে তাই এতিয়া মাথোঁ এজনী Bad Girl।

আইনাখনৰ সন্মুখত থিয় হৈ ঋভিকাই নিজৰ প্ৰতিচ্ছবিখনলৈ ক্ষন্তেক থৰ লাগি চালে। চকুৰ তলৰ ক’লা দাগবোৰ মচিবলৈ তাইৰ আহৰি নাই। ফণিখনেৰে অবাধ্য চুলিখিনি কোনোমতে চম্ভালি তাই টানকৈ এটা পনিটেইল বান্ধি ললে। কালি দেওবাৰ আছিল বাবে নফনীয়ালে। এতিয়া চুলিৰ অৱস্থা বেয়া। কোনো মতে হে পনীটেইল ডাল বান্ধিচে।

প্ৰথম দিনা Boss কথা শুনিও তাইৰ স্বভাৱ সলনি নহ’ল। পিন্ধনত সেই একেই ঠায়ে ঠায়ে সূঁতা ওলাই থকা ফটা জিন্স আৰু এটা ক’লা চাৰ্ট। তাইও যে নিৰুপায় । এইবোৰৰ বাহিৰে কাপোৰ নাই তাইৰ আৰু কিনিবলৈ এই কেইদিন আহৰি পোৱা নাই । আজি আহোঁতে দুযোৰ মান ফৰ্মেল কাপোৰ লৈ আনিম বুলি ভাবি এইযোৰে পিন্ধি ললে।

মুখত প্ৰসাধনৰ নামত তাই সামান্য বেবী ক্ৰীম অকণমান সানি ললে। কথাটো ভাবিলে হয়তো বহুতে উপলুঙা কৰিব। যিজনী ছোৱালীৰ হাতত বিয়েৰৰ বটল থাকে, যাৰ মুখত চোকা ভাষা আৰু নাকত বিদ্ৰোহী ছেপ্টাম ৰিং, সেইজনী ছোৱালীয়ে এতিয়াও কেঁচুৱাৰ দৰে কোমল বেবী ক্ৰীম ব্যৱহাৰ কৰে! কিন্তু এই সুবাসটোৰ মাজতেই হয়তো তাই নিজৰ হেৰাই যোৱা শৈশৱটো বা মাকৰ সেই মৰমীয়াল স্পৰ্শটো বিচাৰি পায়। এই সামান্য ক্ৰীমকণেই তাইৰ ভিতৰত থকা সেই সৰল আৰু মৰম আকলুৱা ছোৱালীজনীৰ একমাত্ৰ অৱশিষ্ট চিন, যাক তাই পৃথিৱীৰ কঠোৰ দৃষ্টিৰ পৰা অতি সযতনে লুকুৱাই ৰাখিছে।

দম্ভ আৰু বিদ্ৰোহৰ এক আৱৰণ পিন্ধি ঋভিকা আকৌ সাজু হ’ল এখন নতুন যুদ্ধৰ বাবে। জানে আজি অফিচৰ দ্বিতীয়টো দিনত পুনৰ সেই ডাইনোছৰ বছ ৰ কথা শুনিব লাগিব। কিন্তু তাইৰো উপাই নাই।

বিশাল অফিচটোত ভৰি দিয়াৰ লগে লগেই এক অঘোষিত নিস্তব্ধতাই ঋভিকাক আগুৰি ধৰিলে। মানুহবোৰে তাইলৈ এনেদৰে চালে যেন কোনোবা অচিন গ্ৰহৰ পৰাহে এক অদ্ভুত প্ৰাণী নামি আহিছে। কাৰোবাৰ চকুত বিস্ময়, কাৰোবাৰ ওঁঠত বিদ্ৰূপৰ হাঁহি—কিন্তু ঋভিকাৰ বাবে সেইবোৰৰ কোনো মূল্য নাই। তাই কাৰো চাৱনিক গুৰুত্ব নিদি পোনচাটেই নিজৰ আসনখনত বহিলগৈ।

প্ৰথম দিনাই অৰ্জুনে তাইক কামবোৰৰ এক আভাষ দিছিল। অৰ্জুন তাইৰ চিনিয়ৰ, যাৰ ওপৰত নতুন কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব। ঋভিকাই আন কাৰো সৈতে কথা নপতাকৈয়ে নিজৰ কামত মনোনিবেশ কৰিলে। তাইৰ বাবে এই অফিচটো এটা যন্ত্ৰৰ দৰে, য’ত তাই নিজৰ আৱেগবোৰক লুকুৱাই ৰাখিব খোজে। কাৰোবাক আপোন কৰি লোৱা বা কাৰোবাৰ কাষ চপাৰ অভ্যাস তাইৰ বহু আগতেই হেৰাই গৈছে।

হঠাৎ এজন সহকৰ্মীৰ মাতত তাইৰ চিন্তাত যতি পৰিল।

: মিছ কৌশিক…

:  yes! ঋভিকাই মুৰ তুলি চালে।

: আপকো বছ বুলা ৰহে হ্যেঁ।

ধক্…

বুকুখন ধককৈ উঠিল তাইৰ। তাইৰ দুৰ্ভাগ্যৰ ৰাহু-কেতু যেন সক্ৰিয় হৈ উঠিছে। আজি আধা ঘণ্টা পলমকৈ অহাৰ বাবে যে কিমান গালি খাব লাগিব, তাৰ এক কাল্পনিক হিচাপ তাই কৰিয়ে পেলালে । তাৰ ওপৰি কাপোৰ ৰ লৈ আছেই।

বছৰ কেবিনৰ দুৱাৰমুখত ৰৈ তাই সুধিলে—

:May I come in, Sir?

ভিতৰৰ পৰা এটা গম্ভীৰ আৰু তীক্ষ্ণ স্বৰ ভাহি আহিল—

:Oh please come… By the way, I’m surprised you even know about discipline!

মেজৰ সিপাৰে বহি থকা এইজন ব্যক্তিয়েই হ’ল ঋদ্ৰান্ত ৰেড্ডী, আয়ুষ্মান এন্টাৰপ্ৰাইজ’ৰ সৰ্বেসৰ্বা অৰ্থাৎ CEO। ঋভিকাৰ দৃষ্টিত তেওঁ এজন কঠোৰ আৰু খঙাল বছ ।  তাইৰ ভাষাত ডাইনোছৰ। তেওঁৰ চকুৰ চাৱনিয়েই যেন ঋভিকাৰ ব্যক্তিত্বক চেপি খুন্দি শেষ কৰি দিব বিচাৰিছে।

মেজৰ সিপাৰে বহি থকা মানুহজনৰ বয়স চাগে ২৯ দেউৰী পাৰ কৰিছে। কিন্তু জিমত ঘাম উলিয়াই গঢ়া সেই সুঠাম আৰু আটিল দেহটো দেখিলে কোনোবাই একৈশ বছৰীয়া ডেকা বুলি ক’লেও আচৰিত হ’বলগীয়া একো নাই। মাগুৰ বৰণীয়া মুখমণ্ডলত  দাড়িৰ এক পাতল আৱৰণ।যেন কোনোবা চিনেমাৰ পৰ্দাৰ পৰা পোনপটীয়াকৈ নামি অহা এক গ্লেমাৰাছ নায়ক। ডিঙিলৈকে বৈ পৰা চুলিখিনি অতি কায়দাৰে পিছফালে এটা সৰু খোপাত আৱদ্ধ কৰি ৰাখিছে। আৰু সেই চকুযোৰ? নীলা ৰঙৰ এক গভীৰ সমুদ্ৰ, য’ত চালে চকু আ লাগি যায়।

কিন্তু ঋভিকাৰ বাবে সেই সৌন্দৰ্যৰ কোনো মূল্য নাই। ঋদ্ৰান্ত ৰেড্ডী নামৰ এই মানুহজন তাইৰ বাবে ডাইনোছৰৰ দৰে হে।যি কেৱল তাইৰ জীৱনৰ বাকী থকা শান্তি আৰু স্বস্তি কাঢ়ি নিবলৈ খাপ পিটি বহি থাকে।

ঋদ্ৰান্তই নিজৰ তীক্ষ্ণ দৃষ্টিৰে ঋভিকাক ওপৰৰ পৰা তললৈ এবাৰ নিৰীক্ষণ কৰিলে। তাৰপিছত এচিৰ চেঁচা বতাহকো তল পেলাই তেওঁৰ গম্ভীৰ স্বৰটো ভাহি আহিল:

: Mis. Kaushik, I clearly instructed you on your first day to report to the office in proper formal wear. This is the second time you’ve failed to comply. I expect this not to be repeated.

 পিছ মুহূৰ্ততে ঋদ্ৰান্তৰ মুখত এটা বিদ্ৰূপৰ হাঁহি বিৰিঙি উঠিল। তেওঁ হিন্দীতে যোগ দিলে—

: ৱৈচে তো আপকে ড্ৰেছ দেখ কৰ হি মুজে পতা চল গয়া হ্যেঁ কি আপকা কাম কৈচা হোগা। বাট ফিৰ ভী, আপ আপনে কাম পৰ যা চকতী হ্যেঁ।

অপমানৰ কাঁড় ডাল গৈ ঋভিকাৰ বুকুত বিন্ধিলে। কিন্তু তাই জানো হাৰ মানি  মৌন হৈ থকা ছোৱালী । আজি পৰ্যন্ত অফিচৰ কোনেও ঋদ্ৰান্ত ৰেড্ডীৰ চকুলৈ চকু থৈ কথা ক’বলৈ সাহস কৰা নাই, কিন্তু ঋভিকাই পোনপটীয়াকৈ তেওঁৰ সেই নীলা চকুযোৰলৈ চাই অতি শান্ত আৰু গহীন স্বৰেৰে ক’লে:

: With due respect, Sir, I thought this was a workplace that valued talent… not a fashion parade.

তাই ক্ষন্তেক ৰৈ পুনৰ ক’লে—

: মেঁ কৈচা কাম কৰতী হুঁ, ৱহ আপ মেৰে কাম কো দেখ কৰ ডিচাইড কীজিয়ে। মেৰে কাপৰো কা ক্যা হ্যেঁ? য়ে লোগো কে ঘমণ্ড কী তৰহ হ্যেঁ, কব উতৰ জায়ে কৌন জানে!

কথাকেইটা কৈ ঋভিকাই  অলপো  পলম নকৰি কেবিনৰ পৰা ওলাই গল।  আধা ঘণ্টা লেট অহা কথা কম বুলি ভবা ঋদ্ৰান্ত  হতভম্ব হৈ ঠাইতে ৰৈ তাই যোৱা দিশলৈ চাই ৰল ।

অফিচৰ আটাইতকৈ ওপৰৰ মহলাৰ সেই নির্জন টেৰেচখন এতিয়া ঋভিকাৰ বাবে একমাত্ৰ আশ্ৰয়স্থল। কাণত ইয়াৰফোনডাল গুজি দিছে তাই, য’ত জুবিন গাৰ্গৰ সেই চিনাকী কণ্ঠস্বৰটোৱে বতাহৰ সৈতে খেলিছে—

খেলি মেলি জীৱনৰ..
উঠা নমা গ্ৰাফতে..
ও মই গৈ বিলীন..
ৰঙা নীলা সময়ৰ..
মুখা পিন্ধা দালতে..
বন্দী হৈ এদিন..
হেৰাই নগৈ নিজক হেৰুৱাই..
উঠি ভাঁহি উভতি আহ চিঙি সিকলি সাহসেৰে..
ও জীৱন , দা ৰোড ইছ লং..
নাহাৰিবি নাহাৰিবি তই…

আঙুলিৰ ফাঁকত আধা-জ্বলা চিগাৰেটটোৰ পৰা ধোঁৱাবোৰ কুণ্ডলী পকাই ওপৰলৈ উৰি গৈছে।তাইৰ মনৰ অব্যক্ত কথাবোৰহে যেন সেই ধোঁৱাৰ সৈতে বিলীন হ’ব খুজিছে।

দিনটো ফাইলৰ পাহাৰৰ মাজতে পাৰ হ’ল তাইৰ। নতুনকৈ যোগদান কৰা বুলি জানিও তাইক জোখতকৈ বেছি কামৰ বোজা জাপি দিয়া হৈছে। ঋভিকাই ভালদৰে জানে যে এইয়া সেই ডাইনোছৰ টোৰেই চক্রান্ত। তথাপিও তাই কাৰো আগত আপত্তি কৰা নাই; বৰঞ্চ প্ৰতিটো কাম নিখুঁতভাৱে শেষ কৰিছে। আনৰ দৰে বহি বহি পৰচৰ্চা কৰাতকৈ কামৰ মাজত নিজক ব্যস্ত ৰখাটোৱেই তাই ভাল পায়। বিৰতিৰ সময়খিনিটো তাই কেণ্টিনলৈ যোৱাৰ পৰিৱৰ্তে এই নিসংগতাখিনিকেই বাছি লৈছে। পেটত ভোক থাকিলেও সেই উৎসুক মানুহবোৰৰ তীক্ষ্ণ চাৱনিবোৰ সহিবলৈ তাইৰ অকণো ইচ্ছা নাই।

ব্যস্ত চেন্নাই চহৰখনৰ যান্ত্ৰিকতা ওপৰৰ পৰা চাই থকাৰ মাজতে ফোনটো বাজি উঠিল। স্ক্ৰীনত ভনীয়েকৰ নামটো দেখি তাইৰ মনৰ গধুৰ ভাবটো নিমিষতে পাতল হৈ পৰিল।

ফোনটো কাণত লগাইয়েই তাই শুনিবলৈ পালে ভনীয়েকৰ উদ্বেগভৰা এটাৰ পিছত সিটো প্ৰশ্ন—

: বা, কিবা খালি নে? গা ঠিকে আছে নে? আকৌ কিবা অপথ্য খাইছ নেকি? চুলিত তেল অকমান দিছ নে নাই?

ঋভিকাৰ হাঁহি উঠিল। তাইতকৈ সৰু হৈও সিহঁত দুটাই তাইক মাক-দেউতাকৰ দৰেহে যতন লয়। তাই ধেমালি কৰি ক’লে—

: উফ্‌ মোৰ মা! অলপ উশাহটো লৈ ল। ইমানবোৰ প্ৰশ্ন একেলগে কৰিছ যে? পাহৰি নাযাবি, মই তোৰ বায়েৰহে, তই মোৰ নহয়!

: হ’ব হ’ব, আমি জানো তই নিজৰ কিমান যত্ন লৱ! এইবাৰ ভায়েকৰ মাতটো ভাহি আহিল। তাৰ কণ্ঠত এক মৰমীয়াল ভাবুকি—

: চাবি বা, গা বেয়া হ’লে কিন্তু পঢ়া-শুনা এৰি তোৰ ওচৰ পামগৈ!

মৰম আৰু আব্দাৰৰ সেই চুটি কথোপকথনখিনিৰ পিছত ফোনটো থৈ ঋভিকাই এক দীঘল নিশাহ ল’লে। এই দুটাৰ মুখলৈ চািয়েই তাই জীৱনৰ ইমানবোৰ কাইট থকা পথতো অবিৰতভাৱে খোজ দি আছে তাইৰ। সিহঁতৰ ভালপোৱাই তাইৰ সাহস, আৰু সিহঁতৰ সুৰক্ষাই তাইৰ একমাত্ৰ জীয়াই থকাৰ মন্ত্ৰ।

ঋভিকাৰ ফোনটো কটাৰ ঠিক পিছমুহূর্ততে পিচফালৰ পৰা এটা গম্ভীৰ খোজৰ শব্দ ভাহি আহিল। কোনোবাই যেন তাইৰ সেই নিসংগ পৃথিৱীখনত বিনা অনুমতিৰে প্ৰৱেশ কৰিছে। ঋভিকাই চক্ খাই পিছলৈ ঘূৰি চালে।

সেয়া ঋদ্ৰান্ত , দি ডাইনোছৰ বছ । হাতত এটা কফিৰ মগ লৈ তেঁও টেৰেচৰ ৰেলিংখনত আউজি থিয় হৈ আছে। তেওঁৰ সেই নীলা চকুহালত এতিয়া আগৰ দৰে খং বা বিদ্ৰূপ নাই, বৰঞ্চ এক অদ্ভুত কৌতূহলহে বিৰিঙি উঠিছে। হয়তো ভনীয়েকৰ সৈতে পতা ঋভিকাৰ সেই আৱেগিক কথাখিনিৰ কিছু অংশ তেওঁৰ কাণত পৰিছে।

: I didn’t know Ms. Kaushik could talk so gently.  মুঝে লগা থা কি তুম আপনে মুহ চে সিৰ্ফ আগ বৰছানা জানতি হো, পাৰ তুমহাৰী বাতোঁ মে তো গৰমি চে জ্যাদা নৰ মি হে

ঋভিকাই তাৰ কথাত থতমত খালে। তাইৰ হাতত এতিয়াও সেই আধা জ্বলা চিগাৰেটটো। তাই লৰালৰিকৈ সেইটো ভৰিৰে গচকি নুমুৱাই পেলালে।

: I didn’t know that secretly listening to others’ private matters was included in discipline, sir!

তাই পুনৰ নিজক চম্ভালি লৈ তীক্ষ্ণ মাতেৰে কৈ উঠিল।

ঋদ্ৰান্তই ওঁঠত এটা অৰ্থপূৰ্ণ হাঁহি লৈ ঋভিকাৰ তীব্ৰ বাক্যবাণক যেন একাষৰীয়া কৰি দিলে। তেওঁৰ সেই নীলা চকুহালেৰে তাইলৈ তীক্ষ্ণ ভাৱে চাই ৰল কিছু সময়।

 ঋদ্ৰান্তই কফিৰ মগটোত এটা চুমুক দি ক’লে,

  : I think আপ ভুল ৰহী হ্যেঁ।  য়েহ মেৰা অফিচ হ্যেঁ অৰ মেঁ কহি ভী কভী ভী যা চকতা হুঁ, মিছ কৌশিক।

তেওঁৰ দৃষ্টি ঋভিকাৰ হাতত থকা সেই আধাপোৰা চিগাৰেটটোৰ ওপৰত পৰিল। তেওঁ ধেমালিৰ সুৰত তাইক সুধি উঠিল –

: By the way, আপকা চাৰা কাম হো গয়া? যো আপ য়াহাঁ চিগাৰেট পী ৰহী থী?

তাৰ কথাত ঋভিকাৰ নিজৰ আত্মসন্মানত আঘাট পোৱা যেন  অনুভৱ হল। তাই অতি গহীনভাৱে ঋদ্ৰান্তৰ চকুলৈ চাই উত্তৰ দিলে:

: মুঝে লগতা হ্যেঁ আপকো চেকআপ কী জৰুৰত হ্যেঁ।

ঋদ্ৰান্তই কিবা এটা ক’বলৈ ওলাওঁতেই তাই বাধা দি পুনৰ ক’লে,

: কিউকি আপ ভুল ৰহে হ্যেঁ কি য়েহ ব্ৰেক কা টাইম হ্যেঁ। অৰ ৰহী বাত কাম কী, তো আপকো ৬ বজে চে পেহলে মিল যায়েগা।

কথাখিনি কৈ ঋভিকাই এক মুহূৰ্তও তাত অপেক্ষা নকৰি টেৰেছৰ পৰা নামি লিফ্টত উঠিল গৈ।

ঋদ্ৰান্তৰ মুখত পুনৰ সেই ৰহস্যময় হাঁহিটো বিৰিঙি উঠিল। তেওঁ বিৰবিৰাই উঠিল –

: Interesting…  I just like her attitude..she’s definitely not just another employee…

ঠিক ৬ বজাৰ কেইমিনিটমান আগতে ঋভিকা ঋদ্ৰান্তৰ কেবিনৰ সমুখত থিয় হ’ল। গোটেই অফিচটোত তেতিয়া এক ধৰণৰ গুঞ্জন।সকলোৱে উৎকণ্ঠাৰে অপেক্ষা কৰিছে, কাৰণ সকলোৱে ইতিমধ্যে গম পাইছে তাইৰ ওপৰত পৰা বছ তাণ্ডৱৰ কথা। যিমান খিনি কাম দিয়া হৈছিল সেইখিনি নতুন কৰ্মচাৰীৰ বাবে প্ৰায় অসম্ভৱ।

দুৱাৰত টোকৰ মাৰি  ঋভিকা সোমাই গ’ল। ঋদ্ৰান্তই তেতিয়া তেওঁৰ লেপটপত কিবা এটা টাইপ কৰি আছিল। তাই সোমাই অহা দেখি তেওঁ ঘড়ীটোলৈ চালে— ঠিক ৫:৫৮ বাজিছে।

: Here is the report, Sir. All tasks completed as per your standard.

ঋভিকাই অতি গহীনভাৱে ফাইলৰ থুপটো টেবুলৰ ওপৰত ৰাখিলে।

ঋদ্ৰান্তই ফাইলটো মেলি চালে। তেওঁ আচৰিত  হল যদিওঁ মুখলৈ আহিবলৈ নিদিলে। প্ৰতিটো হিচাপ, প্ৰতিটো ডিটেইল নিখুঁত। তেওঁ ভাবিছিল ঋভিকাই হয়তো ভুল কৰিব বা ক্ষমা খুজিবলৈ আহিব, কিন্তু তাই তেওঁৰ সকলো হিচাপ ওলোটা কৰি দিলে।

: Impressive, Ms. Kaushik. I didn’t think you could pull this off.

ঋদ্ৰান্তই ফাইলটো বন্ধ কৰি তাইৰ চকুলৈ চাই মনৰ ভিতৰতে ভাবিলে যদিওঁ মুখলৈ একো আহিবলৈ নিদিলে।

: ok.. you May leave now..

 স্বভাৱগত ভাৱে সি ৰুক্ষ মাতেৰে কৈ উঠা কথাষাৰ শুনাৰ লগে লগে তাইৰ মূৰত ধৰি গল। ইমান কষ্টত সকলো কৰিলে কিন্তু তাৰ পাছতো তাৰ ৰুক্ষ মাত। নিজৰ খঙ টো চম্ভালি যাবলৈ বুলি উঠিল তাই।

: By the way, Ms. Kaushik… are you always this stubborn, or is it just for me?

ঋদ্ৰান্তৰ স্বৰত এক বিদ্ৰূপৰ সুৰ।

ঋভিকাই দুৱাৰৰ ওচৰ পাই থমকি ৰ’ল। তাই পিছলৈ ঘূৰি নোচোৱাকৈয়ে ক’লে—

: I’m not stubborn, Sir. I’m just focused. অৰ কাম কী বাত হ্যেঁ তো মুঝে পতা হ্যেঁ কি মুঝে ক্যা কৰনা হ্যেঁ।

তাই কেবিনৰ পৰা ওলাই অহাৰ সময়ত ঋদ্ৰান্তৰ মুখত এটা দুৰ্বোধ্য হাঁহি বিৰিঙি উঠিল। ফাইলবোৰৰ ওপৰত হাত থৈ কিবা এটা গভীৰভাৱে ভাবি ভাবি তেওঁ হাঁহি আছে।

ঠিক সেই সময়তে কেবিনৰ ভিতৰলৈ  শিৱিন সোমাই আহিল। ঋদ্ৰান্তৰ নিজৰ ভায়েক, যি এই কোম্পানীৰে এজন গুৰুত্বপূৰ্ণ অংশ। শিৱিনে ককায়েকৰ মুখত তেনে এক বিৰল হাঁহি দেখি আচৰিত হৈ থমকি ৰ’ল।

: আন্না.. . য়ে ক্যা থা মতলব? আপ মুচকুৰা ৰহে থে??

শিৱিনৰ কণ্ঠত স্পষ্ট বিস্ময়। কাৰণ সি জানে যে ঋদ্ৰান্ত ৰেড্ডীৰ মুখত হাঁহি দেখাটো আৰু মৰুভূমিত বৰষুণ হোৱাটো একেই কথা।

ঋদ্ৰান্তই  ভায়েকৰ মাত শুনি উচপ খাই উঠিল। হাঁহিটো মুহূৰ্ততে গম্ভীৰতালৈ সলনি কৰি তেওঁ চকীখনত আউজি বহি ললে।

: কিউ? মেঁ মুচকুৰা নহীঁ চকতা??

 ঋদ্ৰান্তই ভায়েকৰ চকুলৈ চাই ওলোটাই প্ৰশ্ন কৰিলে।

শিৱিনে অলপ আগুৱাই আহি ক’লে—

: নহীঁ আন্না, বাত ৱহ নহীঁ হ্যেঁ। পৰ আপ অৰ উচ লড়কী কে বীচ… আই মীন, উচনে তো আপকো উলতা জৱাব দিয়া হ্যেঁ! অৰ আপ গুচ্ছা কৰনে কে বাজায় মুচকুৰা ৰহে হ্যেঁ? ইটছ ষ্টেঞ্জ।

ঋদ্ৰান্তই ফাইলটো সামৰি টেবুলৰ একাষে থৈ ক’লে-

 :She is different, Shiven.

 উচকি আঁখো মেঁ ডৰ নহীঁ, অৰ উচে মুযে ৰিজানে মে কৈ ইণ্টাৰেষ্ট নহী হে। অৰ মুঝে ঐচে লোগ পচন্দ হ্যেঁ।

চেন্নাইৰ ৰাস্তাত  এতিয়া নেৰানেপেৰা বৰষুণ। আকাশৰ পৰা যেন পানীৰ ঢলহে নামিছে। ঋভিকাই অফিচৰ গেটৰ মুখতে  ৰৈ আছে। তাইৰ সেই ক’লা চাৰ্টটো বৰষুণৰ ছিটিকনিত ইতিমধেই তিতিবলৈ আৰম্ভ কৰিছে।  আজি এখনো টেক্সী নাই পোৱা তাই।

ঠিক সেই সময়তে ঋদ্ৰান্তৰ ক’লা ৰঙৰ দামী মাৰ্চিডিজখন গেটৰ মুখত ৰল হি। খিৰিকীৰ কাঁচখন লাহেকৈ নামাই ঋদ্ৰান্তই তাইলৈ চালে। ড্ৰাইভিং চিটত ঋদ্ৰান্ত নিজেই, কাষত শিৱিন।

ঋদ্ৰান্তৰ চকুহাল এতিয়াও সেই গভীৰ নীলা সমুদ্ৰৰ দৰে শান্ত। তেওঁ ঋভিকাৰ তিতিবলৈ ধৰা অৱস্থাটো দেখি কৈ উঠিল –

: I don’t think you can wait for a taxi in this weather, Ms. Kaushik. বহুত তেজ বাৰিছ হ্যেঁ। Come, I’ll drop you.

 তেওঁৰ মাতত তাই থত মত খালে। এবাৰ বৰষুণজাকলৈ   আৰু এবাৰ ঋদ্ৰান্তলৈ চালে তাই ।  বৰষুণ নেৰে বুলি জনিও  বিদ্ৰোহী মনটোৱে লিফট ল’বলৈ সন্মতি দিয়া নাই তাইক।

: Thank you, Sir. But I can manage. মুঝে আদত হ্যেঁ খুদ কো চম্ভালনে কী। তাইৰ স্বৰত এতিয়াও সেই গহীন ভাব।

:I wasn’t asking you, Miss Kaushik. That was an order. Get into the car nicely, or if I have to put you in myself, you won’t like the way I do it.

তাৰ ৰুক্ষ মাতত কালৈও ভয় নকৰা তাই জনী ভয় খাই উঠিল।  বাধ্য হৈ পিছফালৰ দৰ্জাখন খুলি গাড়ীৰ ভিতৰত বহি ললে।

গাড়ীৰ ভিতৰৰ  বিলাসী সুবাস আৰু এচিৰ শীতলতাই তাইৰ তিতা গাটোত এক কঁপনি তুলিলে। ঋদ্ৰান্তই ৰিয়েৰ-ভিউ মিৰৰ  খনেৰে তাইৰ চকুলৈ চালে। চকুৱে চকুৱে পৰাত তাই দুচকু নমাই আনিল ।

: Address? ঋদ্ৰান্তৰ চুটি প্ৰশ্ন।

ঋভিকাই ঠিকনাটো ক’লে। গাড়ীখন চেন্নাইৰ পানীৰে ভৰা ৰাস্তাত লাহে লাহে আগুৱাবলৈ ধৰিলে।ঋদ্ৰান্তই মাজে মাজে ৰিয়েৰ-ভিউ মিৰৰখনেৰে পিছফালৰ চিটত বহি থকা ঋভিকালৈ চাইছে। তাইৰ জপৰা চুলিখিনিৰ পৰা পানীৰ টোপালবোৰ টপ টপকৈ তাইৰ কোলাত থকা বেগটোৰ ওপৰত পৰিছে।

শিৱিনে পৰিস্থিতিটো পাতল কৰিবলৈ মিউজিক চিষ্টেমৰ শব্দটো অলপ বঢ়াই দিলে। মিউজিক চিষ্টেমত বাজি উঠিল এক ধীৰ গতিৰ তামিল সুৰ।

: You’re shivering, Ms. Kaushik. আপ বহুত জ্যাদা ভিগ গ্যয়ী হ্যেঁ। ঋদ্ৰান্তই কথাষাৰ কৈয়েই গাড়ীৰ পিছফালৰ পৰা এখন চাফা টাৱেল তাইৰ ফালে আগবঢ়াই দিলে।

ঋভিকাই ল’বলৈ  অসহজ হোৱা দেখি তেওঁ আকৌ সেই একেই কঠোৰ সুৰত ক’লে—

: Don’t make me repeat my orders. চম্ভালনে কী আদত হ্যেঁ তো খুদ কৌ চম্ভালিয়ে ।

ঋভিকাই থিতাতে টাৱেলখন লৈ মূৰটো মচিবলৈ ধৰিলে।  এই মানুহজন ইমান ডমিনেন্টিং কিয়? প্ৰতিটো কথা আদেশ  দিয়ে। সঁচাই এটা ডাইনাছৰ।

কিছু সময়ৰ পাছতেই গাড়ীখন  সেই পুৰণি বিল্ডিঙৰ সৰু গলিটোত সোমাল, ঋদ্ৰান্তৰ চকুযোৰ অলপ কুঞ্চিত হৈ পৰিল। এইটো এলেকাত সাধাৰণতে মধ্যবিত্ত বা নিম্ন-মধ্যবিত্ত পৰিয়ালবোৰ থাকে। ক’ত সেই গ্লেমাৰাছ অফিচ, আৰু ক’ত এই জৰাজীৰ্ণ বাসগৃহ!

গাড়ীখন ৰোৱাৰ লগে লগে ঋভিকাই দৰ্জাখন খুলি  যাবলৈ ললে। কিন্তু ঋদ্ৰান্তই হঠাতে  কৈ উঠিল—

: Wait…

ঋদ্ৰান্তই নিজেই গাড়ীৰ পৰা নামি ছাতিটো মেলি ঋভিকাৰ ফালৰ দৰ্জাখন খুলি দিলে। এজন CEO-এ নিজৰ সাধাৰণ কৰ্মচাৰীৰ বাবে দৰ্জা খুলি ধৰা দৃশ্যটো ঋভিকাৰ বাবে কল্পনাৰো অগোচৰ। অলপ অস্বস্তি অনুভৱ কৰিলে তাই ।

: Thank you, Sir. But আপকো ইয়ে সব কৰনে কী জৰুৰত নহীঁ থী।

ঋদ্ৰান্তই তাইৰ চকুলৈ চাই ৰৈ গ’ল। বৰষুণৰ শব্দৰ মাজত তেওঁৰ কণ্ঠস্বৰ যেন এক চিনাকী সুৰ হৈ ভাহি আহি—

: I do what I feel is right, Miss Kaushik. জাও অব অন্দৰ।

 I don’t want my employee to fall sick tomorrow.

ঋভিকাই একো নকৈ বিল্ডিঙৰ ভিতৰলৈ দৌৰ দিলে। ঋদ্ৰান্তই তাই যোৱা পথটোলৈ চাই ৰ’ল।

চেন্নাইৰ  নেৰা নেপেৰা বৰষুণৰ মাজত পুৰণি বিল্ডিঙৰ অন্ধকাৰ চিৰিকেইটাৰে ঋভিকা ওপৰলৈ দৌৰ দিলে। তাইৰ মনটোত এতিয়াওঁ হাজাৰ প্ৰশ্ন। ঋদ্ৰান্তৰ  দামী মাৰ্চিডিজখনৰ বিলাসী সুবাস আৰু তেওঁৰ  গম্ভীৰ নিৰ্দেশবোৰ এতিয়াও তাইৰ চাৰিওফালে ঘূৰি ফুৰিছে। মানুহ ইমান কেনেকৈ সলনি হ’ব পাৰে? অফিচত যিজন মানুহ ‘ডাইনোছৰ’ৰ দৰে ভয়াৱহ, বৰষুণৰ মাজত তেৱেঁই আকৌ ছাতিটো ধৰি তাইৰ বাবে গাড়ীৰ দৰ্জা খুলি দিছে! উফ্ পাগল হৈ যাব তাই।

ঋভিকা নিজৰ মহলাটো পাই  ৰৈ গ’ল। তাইৰ বুকুখন ধপধপাই আছে । তাই লাহেকৈ চিৰিৰ কাষৰ সৰু খিৰিকীখনৰ ওচৰলৈ গৈ তললৈ চাই । ক’লা মাৰ্চিডিজখন এতিয়াও সেই পুৰণি গলিটোতে ৰৈ আছে। বৰষুণৰ ধাৰাসাৰ মেঘৰ মাজেৰে গাড়ীৰ হেডলাইটৰ পোহৰে গলিটোৰ আন্ধাৰখিনি ফালি পেলাইছে।

ঋদ্ৰান্ত এতিয়াও গাড়ীৰ বাহিৰতে থিয় হৈ আছে, ছাতিটো তেওঁৰ হাতত। তেওঁৰ দৃষ্টি ওপৰলৈ—ঠিক সেই খিৰিকীখনৰ ফালেই। ঋভিকাই লৰালৰিকৈ নিজক লুকুৱাই ল’লে।

: She lives here, Anna?   শিৱিনৰ মাতত এক ধৰণৰ সহানুভূতি আছিল।

ঋদ্ৰান্তই ড্ৰাইভিং হুইলখনত হাত থৈ গম্ভীৰ মাতেৰে ক’লে—

: Success doesn’t come from where you stay, Shiven. It comes from how you fight. অৰ য়ে লড়কী  লড়াই কৰনা জানতি হ্যেঁ।

গাড়ীখন গলিটোৰ পৰা লাহে লাহে ওলাই গ’ল। ঋভিকাই ওপৰৰ পৰা দেখিলে সেই ক’লা ছাঁটো লাহে লাহে অদৃশ্য হৈ গৈছে।

সময়ৰ সোঁত কোনো কাৰোবাৰ বাবে ৰৈ নাথাকে। সেই গতানুগতিক ছন্দতে ঋভিকাৰ চেন্নাইৰ এই যান্ত্ৰিক জীৱনটোৰ দুটা মাহ পাৰ হৈ গ’ল। অফিচৰ পৰা ঘৰ আৰু ঘৰৰ পৰা অফিচ—এইটোৱেই যেন এতিয়া তাইৰ জীৱনৰ একমাত্ৰ বৃত্ত। নিজৰ যত্ন লোৱাৰ আহৰি তাইৰ নাই। কেতিয়াবা এমুঠি খায়, কেতিয়াবা আকৌ কেইটামান বিস্কুটৰ ভৰসাতে নিশাৰ টোপনিৰ কোলাত ঢলি পৰে। দিনৰ ভাগত আহাৰৰ কথা তাই প্ৰায়ে পাহৰিয়ে থাকে। যেতিয়াই পেটে ভোকৰ জাননী দিয়ে, তাই একোণত থিয় হৈ চিগাৰেট এটা জ্বলাই লয়; যেন সেই ধোঁৱাবোৰেই তাইৰ ভোক আৰু ভাগৰ দুয়োটাকে সাময়িকভাৱে মচি পেলাব পাৰে।

অফিচৰ সেই গিজগিজাই থকা ভিৰৰ মাজতো ঋভিকা এতিয়াও এক দ্বীপৰ দৰে নিসংগ। অৰ্জুনৰ বাহিৰে কাৰো লগতে তাইৰ প্ৰয়োজনীয় কথাৰ বাহিৰে অন্য আলাপ নহয়। বাকী কলিগবোৰৰ বাবে তাই এতিয়াও এটা ‘ইউনিক পিচ’ যাৰ চাল-চলন, পিন্ধন-উৰণ আৰু মৌনতাক দূৰৰ পৰাই সকলোৱে কৌতুহলেৰে নিৰীক্ষণ কৰে।

সেইদিনা বৰষুণত তিতি অহাৰ পিছৰে পৰা ঋভিকাই অতি সাৱধানে ঋদ্ৰান্তৰ পৰা দূৰত্ব বজাই ৰাখিছে। তাই নিজৰ মনৰ দুৱাৰখনত ইমান ডাঠ তলা লগাই থৈছে যে কাৰোবাক কাষ চাপিবলৈ দিয়াৰ কথা তাই ভাবিবই নোৱাৰে। আনকি প্ৰয়োজনীয় ফাইলবোৰো তাই নিজে নিদি অৰ্জুনৰ হাতত দি দিয়ে। যিহেতু তাই এজনী সাধাৰণ কৰ্মচাৰী, গতিকে CEO ৰ সৈতে মুখামুখি হোৱাৰ সুযোগো বিশেষ নাথাকে।

আনহাতে, ঋদ্ৰান্তও যোৱা এটা মাহ নিজৰ এটা বৃহৎ ব্যৱসায়িক চুক্তি  লৈ অতিশয় ব্যস্ত আছিল। ঋভিকাৰ সেই অবাধ্য চকুহালৰ কথা মাজে মাজে মনলৈ আহিলেও কামৰ হেঁচাত সেয়া যেন ক’ৰবাত তল পৰি ৰৈছে। অৱশ্যে তাইক আমনি কৰাৰ স্বভাৱটো তেওঁ এৰা নাই; তাইক ব্যস্ত কৰি ৰাখিবলৈকে প্ৰতিদিনে ফাইলৰ এক বৃহৎ বোজা তাইৰ টেবুলত জমা কৰি দিয়ে।

চেন্নাইৰ এটা বিলাসী হোটেলৰ বলৰুমত আয়ুস্মান এন্টাৰপ্ৰাইজৰ সেই বৃহৎ সফলতাৰ উদযাপন চলিছে। চাৰিওফালে ৰঙীন পোহৰ, দামী সুৰা আৰু সুসজ্জিত মানুহৰ ভিৰ। ঋভিকাৰ বাবে এই পৰিৱেশটো একেবাৰে অচিনাকি আৰু বিৰক্তিকৰ। তাই যিমান পাৰে সিমান নিজক ভিৰৰ পৰা আঁতৰাই ৰাখিব বিচাৰিছিল, কিন্তু অৰ্জুনৰ বাৰে বাৰে কৰা অনুৰোধ আৰু টিম স্পিৰিটৰ দোহাই দিয়াৰ বাবে তাই অৱশেষত আহিবলৈ বাধ্য হ’ল।

অফিচৰ আন ছোৱালী বোৰে  জিলিকি থকা শাড়ী বা দামী গাউন পিন্ধি আহিছে আৰু ঋভিকাই পিন্ধি আহিছে এটা সাধাৰণ ক’লা লং কুৰ্তা আৰু বগা লেগিন্স। মুখত সেই একেই সামান্য বেবী ক্ৰীম। পনিটেইল বান্ধি ৰখা চুলি আৰু নাকৰ ছেপ্টাম ৰিংটোৱে তাইক আভিজাত্যৰ ভিৰৰ মাজতো সুকীয়া কৰি ৰাখিছে। তাই একোণত থিয় হৈ হাতত এটা জুচ ৰ গিলাচ লৈ মানুহবোৰৰ কৃত্ৰিম হাঁহিবোৰ নিৰীক্ষণ কৰি আছিল। তাই নিচা জাতীয় দ্ৰব্য মাত্ৰ নিজৰ লগত হে খাই। এনে ধৰণৰ পাৰ্টী,ক্লাব তাইৰ বাবে নহয়।

: Ms. Kaushik… I thought you only believed in files and cigarettes.  আপ পাৰ্টি মে আয়েগি মুজে লগা নহী থা ।

সন্মুখৰ গম্ভীৰ আৰু পৰিচিত মাতটো শুনি ঋভিকাই মূৰ তুলি চালে। ঋদ্ৰান্ত ৰেড্ডী। নীলা ৰঙৰ এটা থ্ৰী-পিচ চুটত তেওঁক এতিয়া কোনোবা গ্ৰীক দেৱতাৰ দৰে লাগিছে। তেওঁৰ হাতত এটা চেম্পেইনৰ গ্লাছ আৰু চকুহালত সেই একেই ৰহস্যময় চাৱনি।

ঋভিকাই গিলাচটোত এটা চুমুক দি ক’লে—

: I’m here just for the sake of formality, Sir. আপকা ডীল সাকছেচফুল হুৱা হ্যেঁ, উচকি খুশী মেঁ টিম কৌ জইন কৰনা জৰুৰী থা।

ঋদ্ৰান্তই তাইক ওপৰৰ পৰা তললৈ এবাৰ চাই মিচিকিয়ালে। ভিৰৰ মাজটো নিজক পৃথক কৰি ৰাখিব জানে ঋভিকাই।

: You always choose to be different, don’t you? হৰ কৈ ইহা চমক মা চাহতা হে। অৰ তুম  ইছ চমক চে কুদ কৌ অলগ কৰতি হো।

ঋভিকাই মিচিকিয়াই কৈ উঠিল:

: জিলিকিবলৈ পোহৰৰ দৰকাৰ হয় ছাৰ, মই আন্ধাৰৰ মানুহ।

ঋভিকাই অসমীয়াত কোৱা কথাষাৰত সি এপলক তাইক চাই ৰল। চকুৰ পলক নেপেলোৱাকৈ সি মাত্ৰ তাইৰ নিষ্পাপ মুখ খন চাই থাকিল বহুত সময়।

ঠিক সেই সময়তে পাৰ্টিৰ মিউজিকটো সলনি হ’ল। এটা ধীৰ গতিৰ ৰোমান্টিক ইংৰাজী গান বাজি উঠিল। ঋদ্ৰান্তই নিজৰ গ্লাছটো একাষে থৈ ঋভিকাৰ ফালে হাতখন আগবঢ়াই দিলে।

: Would you care for a dance, Ms. Kaushik?

পাৰ্টিৰ উজ্জল পোহৰ আৰু সুৰৰ খেলৰ মাজত ঋদ্ৰান্তই আগবঢ়াই দিয়া হাত খন ঋভিকাই চাই ৰল। গোটেই পাৰ্টিৰ মানুহবোৰৰ চকু এতিয়া সেই কোণটোৰ ফালে।CEO য়ে এজনী সাধাৰণ জুনিয়ৰ এম্প্লয়ীক ডান্সৰ বাবে অফাৰ দিছে!

ঋভিকাৰ বাবেও এইটো আচৰিত কথা। তাই নিজৰ ডাঙৰ ডাঙৰ চকু কেইটাৰে একে থৰে তেঁওলৈ চাই ৰল। না বুলি কব পাৰে যদিওঁ সৌজন্যতাৰ খাতিৰত তাই তেওঁৰ হাতত হাত দিলে। যিহেতু ইমান খিনি মানু্হৰ ওচৰত তাই তেওঁক না বুলি কৈ অপমানিত কৰিব বিচৰা নাছিল। ঋদ্ৰান্তই তাইক অতি আলফুলকৈ ডান্স ফ্ল’ৰৰ মাজলৈ লৈ গ’ল। গানৰ তালত দুয়োৰে খোজত এক অদ্ভুত ছন্দ আছিল। ঋদ্ৰান্তৰ এটা হাত ঋভিকাৰ কঁকালত আৰু আনটো হাতেৰে তাইৰ হাতখন খামোচ মাৰি ধৰিছিল। ঋভিকাৰ বাবে এইয়া কোনোবা পুৰুষৰ প্ৰথম স্পৰ্শ।

: You didn’t answer me, Ms. Kaushik. আন্ধাৰত থকাটো জানো তোমাৰ চখ, নে এয়া এক নিৰুপায় অৱস্থা? ঋদ্ৰান্তৰ কণ্ঠস্বৰ এতিয়া অতি ধীৰ আৰু মৰমীয়াল।

কিন্তু ঋভিকা যে আছৰিত তাৰ মুখত ইমান স্পষ্ট অসমীয়া শুনি ।

: এছে দেখনে কী জৰুৰত নহী। আপনে বিজনেছ কী নজহ চে মুজে 100  চে ভী যাদা লেংগুৱেজ আতা হে।

তাইক এনেকৈ চাই থকা দেখি তেওঁ কৈ উঠিল। তাই মাথোঁ মৌন হৈ তালৈ চাই থাকিল।

: কুছ চৱালোঁ কে জৱাব নহীঁ হোতে চৰ।

ঋভিকাই অস্ফুটস্বৰে কৈ উঠিল।

গানটো শেষ হ’বলৈ ধৰিছে। ঋদ্ৰান্তই অনুভৱ কৰিলে যে ঋভিকাৰ শৰীৰটো লাহে লাহে তেওঁৰ গাত ঢলি পৰিব খুজিছে। তাইৰ উশাহবোৰ চুটি হৈ আহিছে।

: “Are you okay, ঋভিকা?”

প্ৰথমবাৰৰ বাবে ঋদ্ৰান্তৰ মুখত নিজৰ নামটো শুনি ঋভিকাই মূৰ তুলি চাব খুজিলে, কিন্তু চকুৰ আগত সকলোবোৰ যেন ঘূৰিবলৈ ধৰিলে।

 : চৰ…

কথাবাৰ সম্পূৰ্ণ কৰাৰ আগতেই ঋভিকাৰ চকুহাল জাপ খাই গল।ঋদ্ৰান্তই ততাতৈয়াকৈ তাইক নিজৰ দুবাহুৰ মাজত আবদ্ধ কৰি ললে। পাৰ্টিৰ  কোলাহলৰ মাজত হঠাতে এক আতংকৰ সৃষ্টি হ’ল।

: Shiven!  গাড়ী নিকালৌ!

ঋদ্ৰান্তৰ কণ্ঠত এতিয়া কেৱল উদ্বেগ।

ঋদ্ৰান্তই ঋভিকাক কোলাত তুলি  পাৰ্টি হলৰ বাহিৰলৈ ওলাই গল।

শিৱিনে ইতিমধ্যে গাড়ীখন সাজু কৰি ৰাখিছিল। পিছফালৰ চিটত ঋভিকাক অতি সাৱধানে শুৱাই দি ঋদ্ৰান্তই তাইৰ মূৰটো নিজৰ কোলাত তুলি ল’লে।

চেন্নাইৰ নিস্তব্ধ ৰাজপথত গাড়ীখন তীব্ৰ গতিত দৌৰিবলৈ ধৰিলে। ঋদ্ৰান্তই তাইৰ কপালত হাত থৈ চালে—প্ৰচণ্ড জ্বৰত তাইৰ শৰীৰটো পুৰি যাব খুজিছে। দিনটো একো নোখোৱাকৈ কাম কৰাৰ ভাগৰ আৰু এক অসহ্যকৰ মানসিক হেঁচাই তাইক একেবাৰে নিঃশেষ কৰি পেলাইছে।

ঋদ্ৰান্তই অতি আলফুলকৈ তাইৰ গালত হাত ফুৰাই বিৰবিৰাই উঠিল

: ঋভিকা, open your eyes… ঋভিকা!

হস্পিটেলত ভৰ্তি কৰাৰ পিছত পৰীক্ষা-নিৰীক্ষা কৰি ডাক্তৰে জনালে যে এয়া চিভিয়াৰ ডিহাইড্ৰেছন আৰু অত্যাধিক মানসিক চাপৰ ফল। দীৰ্ঘদিন ধৰি নিজৰ শৰীৰৰ প্ৰতি কৰা অৱহেলা আৰু অপথ্য দ্ৰব্য সেৱনে আজি এক ভয়াৱহ ৰূপ লৈছে। তাইক লগে লগে চেলাইন দিয়া হ’ল।

হস্পিটেলৰ সেই বগা দেৱালবোৰৰ মাজত এতিয়া এক গধুৰ নিস্তব্ধতা বিৰাজ কৰিছে। ঋভিকাৰ হাতৰ সেই শেঁতা পৰা সিৰাৰে চেলাইনৰ টোপালবোৰ টপ-টপকৈ সোমাই গৈছে। ঋদ্ৰান্তই ওচৰৰে চকী এখনত বহি একেথিৰে তাইৰ শান্ত মুখখনলৈ চাই ৰ’ল। অফিচৰ  উদ্ধত ‘বেয়া ছোৱালী’জনীৰ মুখত এতিয়া কেৱল এক কৰুণ অসহায়তাহে বিৰিঙি উঠিছে।

প্ৰায় দুঘণ্টা জুৰি চেলাইনৰ সেই টোপালবোৰে ঋভিকাৰ শৰীৰত জীৱনৰ পুনৰাবৃত্তি ঘটালে। তাইৰ গধুৰ হৈ থকা চকুৰ পতা দুখন লাহেকৈ লৰচৰ কৰিলে।  চকু মেলি তাই প্ৰথমে হস্পিটেলৰ  শেঁতা বগা চিলিংখন দেখিলে, আৰু তাৰ পিছত কাষৰ চকীখনত বহি থকা সেই পৰিচিত মানুহজনক।

ঋদ্ৰান্ত। তেওঁ এতিয়াও সেই একেই গাম্ভীৰ্যৰে বহি আছে, যেন এজন অতন্দ্ৰ প্ৰহৰী।

: চৰ… আপ ইয়াহাঁ? আই মীন… মেঁ ইয়াহাঁ?

তাই আচৰিত হৈ সুধি উঠিল।

স্মৃতিবোৰ যেন টুকুৰা-টুকুৰকৈ তাইৰ মনলৈ উভতি আহিবলৈ ধৰিলে। পাৰ্টিৰ সেই সুৰৰ মূৰ্চ্ছনা, ঋদ্ৰান্তৰ সেই নীলা চকুৰ আমন্ত্ৰণ আৰু তাৰ পিছত হঠাতে সকলোবোৰ ধোৱা কোৱা হৈ যোৱা। তাই উচপ খাই উঠিল আৰু দুৰ্বল শৰীৰটোৰে হস্পিটেলৰ বেডখনৰ পৰা জোৰকৈ উঠিবলৈ চেষ্টা কৰিলে।

কিন্তু তাইৰ সেই প্ৰচেষ্টা সফল হ’বলৈ নিদি ঋদ্ৰান্তই অলপ ডাঙৰ কৈ চিঞৰি উঠিল –

: হিলনে কী কৌশিশ ভী মত কৰনা, বৰ্না আচ্ছা নহীঁ হোগা!

ঋদ্ৰান্তৰ মাতত খং স্পষ্ট । তেওঁৰ সেই নীলা চকুহাল যেন এক অগ্নিপিণ্ডহে, যিয়ে ঋভিকাৰ এই অসাৱধানতাক কোনোমতেই ক্ষমা কৰিব পৰা নাই। ঋভিকা হঠাতে থমকি ৰ’ল। যিজনী ছোৱালীয়ে কাৰো নিৰ্দেশ মানি চলাৰ অভ্যাস নাই, সেইজনীয়ে আজি ঋদ্ৰান্তৰ সেই ‘ডাইনোছৰ’ সদৃশ প্ৰতাপৰ ওচৰত যেন নিৰুপায় হৈ পুনৰ বিছনাত ঢলি পৰিল।

কোঠাটোত পুনৰ সেই গধুৰ নিস্তব্ধতা বিৰাজ কৰিলে। ঋদ্ৰান্তৰ দীঘল উশাহৰ বাহিৰে আৰু একো শব্দ কোঠাটোত নাই।

চেলাইনৰ শেষৰ টোপালটো ঋভিকাৰ শৰীৰত সোমাই যোৱাৰ লগে লগে তাই আকৌ এবাৰ উঠিবলৈ চেষ্টা কৰিলে। কিন্তু ঋদ্ৰান্তই এতিয়াও একেই গম্ভীৰতাৰে তাইৰ বিচনাৰ কাষত থিয় হৈ আছে। তেওঁৰ চকুৰ চাৱনিয়েই তাইক বিছনাত আৱদ্ধ কৰি ৰাখিছে।

ডাক্তৰে পৰীক্ষা কৰি যাবলৈ অনুমতি দিয়াৰ লগে লগে ঋভিকাই নিজৰ বেগটো লৈ ক’লে,

 : Thank you, Sir. অব মেঁ ঘৰ যা চক্তী হুঁ।

ঋদ্ৰান্তই একো উত্তৰ নিদিলে। তেওঁ  তাইৰ হাতখনত ধৰি হস্পিটেলৰ বাহিৰলৈ লৈ আহিল, য’ত তেওঁৰ ক’লা মাৰ্চিডিজখন ইতিমধ্যে সাজু  আছে । ঋভিকাই ভাবিলে তেওঁ তাইক তাইৰ ভেড়া ৰুমত নমাই দিব ।সেইবাবে কোনো প্ৰশ্ন নোসোধাকৈ তাই গাড়ীত বহি ললে। কিন্তু গাড়ীখন যেতিয়া এটা সম্পূৰ্ণ বিপৰীত দিশলৈ আগুৱাল, ঋভিকাৰ মনত শংকা জাগি উঠিল।

: ছৰ… য়েহ ৰাস্তা তো মেৰে ঘৰ কা নহীঁ হ্যেঁ।

ঋদ্ৰান্তই ড্ৰাইভিং হুইলৰ পৰা চকু আঁতৰাই এবাৰ তাইৰ শেঁতা মুখখনলৈ চালে। তেওঁৰ কণ্ঠত এইবাৰ আগতকৈও বেছি ‘ডমিনেন্টিং’ সুৰ ফুটি উঠিল—

:  চুপচাপ বেঠো, ঋভিকা। মেঁ তুমহেঁ তুমহাৰে ঘৰ নহীঁ লে যা ৰহা হুঁ। তুম মেৰে সাথ মেৰে ঘৰ চলো গী।

ঋভিকাই আচৰিত হৈ চিঞৰি উঠিল,

: লেকিন কিউ? মেঁ কিউ আপকে ঘৰ জাউঁগী?

গাড়ীখন হঠাতে ব্ৰেক মাৰি ৰাস্তাৰ একাষে ৰখাই ঋদ্ৰান্তই তাইৰ ফালে তীব্ৰ দৃষ্টিৰে চাই ৰল। তেওঁৰ সেই নীলা চকুহাল ৰঙা হৈ পৰিছে।

: কিওকি মে কেহ ৰহা হো।

ঋদ্ৰান্তৰ সেই সংক্ষিপ্ত  উত্তৰত ঋভিকা অলপ সময় ৰৈ গল।

: মই নিজৰ ঘৰলৈ যাওঁ। আপুনি মোক নমাই দিয়ক। এনেকৈ মই আপোনাৰ কথা মানিবলৈ বাধ্য নহয়।

ঋভিকাৰ মাতত থকা স্পষ্ট প্ৰত্যাহ্বানে ঋদ্ৰান্তক অলপ আচৰিত কৰিলে যদিও তেওঁ নিজৰ মুখলৈ আহিবলৈ নিদিলে। তেওঁ  অতি ধীৰ অথচ গভীৰ মাতেৰে ক’লে—

: মেনে বোলা না তুম মেৰে সাথ যা ৰহী হো, তো যা ৰহী হো। সমঝী?

ঋভিকাও সহজে হাৰ মনা ছোৱালী নহয়। তাইৰ খং এতিয়া চৰম সীমাত। তাই ওলোটাই প্ৰশ্ন কৰিলে—

: আপুনি হয় কোন মোক এনেকৈ জোৰ দিবলৈ?

ঋদ্ৰান্তই ড্ৰাইভিং হুইলত হাতখন টানকৈ থাপ মাৰি ধৰিলে। তেওঁৰ মুখত এক ৰহস্যময় আৰু অৰ্থপূৰ্ণ হাঁহি বিৰিঙি উঠিল। ঋভিকাৰ চকুলৈ চাই তেওঁ অতি গহীন খোজেৰে উত্তৰ দিলে—

: অভী তক তো কোই নহীঁ হুঁ… পৰ জল্ড হী বন জাওঁগা।

তেওঁৰ অস্পষ্ট উত্তৰটোত ঋভিকা  স্তব্ধ হৈ ৰল।’অতি সোনকালেই হৈ পৰিম’ এই কথাষাৰৰ অৰ্থ কি? ঋদ্ৰান্তই কি বুজাব বিচাৰিছে? তাই কিবা উত্তৰ দিয়াৰ আগতেই তেওঁ গাড়ীখন পুনৰ চলাই দিলে।

গাড়ীখনৰ ভিতৰত এক ধৰণৰ অস্বস্তিকৰ উত্তেজনাই বিৰাজ কৰিছে। ঋভিকাৰ বুকুত এতিয়া শংকাৰ ঢৌ উঠিছে। তাইৰ বিদ্ৰোহী সত্তাটোৱে যেন আজি প্ৰথমবাৰৰ বাবে এটা নেদেখা দেৱালত খুন্দা খাইছে। তাইৰ দুচকু সেমেকি উঠিল, কণ্ঠত এক অসহায় কাতৰতা। আগ-পাছ একো গুণা-গাঁথা নকৰাকৈয়ে তাই ঋদ্ৰান্তৰ চকুলৈ চাই কৈ গ’ল—

: প্লীজ মোক যাবলৈ দিয়ক। চাওঁক, মই আপুনি ভবাৰ দৰে ছোৱালী নহয়। অ’ মই অলপ উদণ্ড, মদ-চিগাৰেট খাওঁ, দৰকাৰ হ’লে মাৰ-পিটো কৰোঁ… কিন্তু মোৰ চৰিত্ৰ একেবাৰে পিয়ৰ …

ভয় মিহলি ঋভিকাৰ  সৰল স্বীকাৰোক্তি শুনি ঋদ্ৰান্ত থমকি ৰ’ল। তেওঁ গাড়ীৰ ড্ৰাইভিং হুইলৰ পৰা হাতখন আঁতৰাই আনি এক গভীৰ দৃষ্টিৰে তাইৰ সেই সজল চকুহাললৈ চালে সি। তাইৰ নিৰ্ভীকতাৰ আঁৰত থকা এই কণমানি ছোৱালীজনীক দেখি তেওঁৰ মনৰ কোণত ক’ৰবাত মৰম উপজিল। তেওঁ অতি শান্ত অথচ গহীন মাতেৰে সুধিলে—

: হো গয়া?? অৰ কুছ বাকী হ্যেঁ তো বোল লো।

ঋভিকাই একো উত্তৰ দিব নোৱাৰিলে। তাই কেৱল অস্ফুটস্বৰে ‘না’ বুজাবলৈ মূৰটো লৰাই দিলে। তাইৰ চকুলৈ চাই ঋদ্ৰান্তই এইবাৰ অলপ ধমক দিয়াৰ সুৰতে ক’লে—

: তুম আপনে ছোটে চে দিমাগ মেঁ জো সোঁচ ৰহী হো, ৱৈচা কুছ নহীঁ হ্যেঁ। অগৰ ঐচা হোতা তো মেঁ তুমহেঁ হোটেল লে জাতা, না কি আপনে ঘৰ!

ঋদ্ৰান্তৰ স্পষ্ট আৰু যুক্তিপূৰ্ণ কথাকেইটাই ঋভিকাৰ মনৰ পৰা ভয়ৰ কুঁৱলীখিনি অলপ হ’লেও আতৰালে যদিওঁ সম্পুৰ্ণ মূচ খোৱা নাই।

কিছু সময়ৰ পিছতে গাড়ীখন  এখন বিশাল লোৰ গেটৰ সন্মুখত ৰ’লহি, ঋভিকাৰ দুচকু বিস্ময়ত মেল খাই গ’ল। এয়া যেন চেন্নাই চহৰৰ মাজতে লুকুৱাই থোৱা এক আধুনিক ৰাজপ্ৰসাদ। বিশাল শুভ্ৰ অট্টালিকাটোৰ কাঁচৰ খিৰিকীবোৰত ৰাতিৰ পোহৰ পৰি এক ৰূপালী আভা বিৰিঙি উঠিছে। গেটখন খোল খাই যোৱাৰ লগে লগে নোনা বতাহৰ এক তীব্ৰ সোঁত ভাঁহি আহিল। যিয়ে জনাই দিলে যে সাগৰ ইয়াৰ পৰা নিচেই কাষত।

‘ৰেড্ডী মেনচন’— ঘৰ টোৰ বাহিৰত সোণালী আখৰে লিখা আছে এই বাক্য শাৰী।

গাড়ীৰ পৰা নামি মূল দুৱাৰেৰে সোমাই যোৱাৰ লগে লগে ঋভিকাৰ ভৰি দুখন যেন দামী ইৰানী দলিচাখনৰ কোমলতাত ডুব গ’ল। ওপৰত ওলমি থকা বিশাল ক্ৰিষ্টালৰ ঝাড়লণ্ঠনটোৰ পৰা নিগৰি অহা পোহৰে গোটেই হলঘৰটোক এক মায়াবী ৰূপ দিছে। চাৰিওফালে দামী চেগুন কাঠৰ আচবাব আৰু দেৱালত ওলমি থকা কিছুমান বিমূৰ্ত ছবি—যিবোৰে ঋদ্ৰান্তৰ গম্ভিৰ ব্যক্তিত্বৰ সৈতে এক অদ্ভুত মিল ৰাখিছে।

সেইবোৰ ৰ মাজতে তাইৰ চকু গল বৃহৎ চোফাত বহি থকা এজন বয়সীয়া আৰু অতি গম্ভীৰ চেহেৰাৰ মানুহজনলৈ আৰু তেওঁৰ কাষতে থকা উজ্জ্বল মুখমণ্ডলৰ মহিলা গৰাকীলৈ।

সোণালী ফ্রেমৰ চশমাযোৰ নাকৰ আগলৈ নমাই ঋদ্ৰান্তৰ দেউতাকে কিতাপখন জপাই থলে। কাষতে থকা মাকে অতি কৌতূহলেৰে ঋভিকাৰ সেই অগোছাল চুলি, শেঁতা পৰা মুখ আৰু   আজৱ কাপোৰ জোৰকৈ চালে। অলপ সময় থৰ হৈ তেওঁলোকৰ চকুহালত  চমক খেলি গ’ল। যেন চহৰৰ কোলাহলৰ পৰা ঋদ্ৰান্তই আজি কোনোবা এজনী হেৰাই যোৱা পখিলাক উদ্ধাৰ কৰি আনিছে।

ঋদ্ৰান্তৰ মাকে তেওঁলোকৰ ফালে আগুৱাই আহি এক মিঠা কৌতূহলেৰে সুধি উঠিল—

: কান্না, এভৰী ঈ আম্মায়ী? মা কোডালুনী তিসুকোচাব চ্যাপ্পকুণ্ডানে?

(কান্না, এই ছোৱালী জনী কোন অ? আমাক নজনোৱাকৈয়ে  আমালৈ বোৱাৰীলৈ আনিলে নেকি তই?)

মাকৰ সেই সৰল প্ৰশ্নটোত ঋভিকাই একো বুজি নাপালে। বেচেৰীয়ে যে হিন্দী ইংৰাজী আৰু অসমীয়া বাহিৰে অন্য ভাষা নাজানে। তাই তভক মাৰি ঋদ্ৰান্তৰ মুখলৈ চালে। ঋদ্ৰান্তই তাইৰ মুখ দেখিয়ে বুজিলে তাই যে একো আও ভাওঁ নাই পোৱা।

: অম্মা… ইদি মী কোডালু। কানি আমেকি ই মাটা ইঙ্কা তেলিয়াদু…( এইজনী আপোনাৰ বোৱাৰী। কিন্তু এই কথাটো তাই এতিয়াও নাজানে…)

: নুভু ইদি এপ্পুডু আলোচিঞ্চাভু?

( কেতিয়া কম ভাবিছ?)

: চিন্নাগগ চ্যাপ্টানু আম্মা. কানী ইপুডু তানু চালাই নীতিগা উন্দি, তনাকি বিশ্ৰান্তি কাভালি. ইপুডু মেমু এম মাটলাডুকুন্তন্নামো তনাকি অৰ্ধম কাভাটলেডু

(;বহুত সোনকালে কম মা। কিন্তু এতিয়া এইৰ গা বেয়া, তাইক বিশ্ৰাম ল’বলৈ দিয়া। আৰু আমি কি পাতি আছোঁ তাই একো বুজিও পোৱা নাই।)

মাক পুতেকৰ কথা নুবুজি ঋভিকাই এবাৰ মাকলৈ এবাৰ পুতেকলৈ চাই ৰৈছে। যেন কি হৈছে বুজিব খুজিছে।

কিন্তু তাৰ পাছৰ মুহূৰ্ততে যি ঘটিল, সেয়া ঋভিকাৰ কল্পনাৰো অগোচৰ।

ঋদ্ৰান্তৰ মাকে কোনো প্ৰশ্ন নকৰাকৈয়ে ঋভিকাক দুবাহুৰে আলফুলকৈ আঁকোৱালি ল’লে। সেই উষ্ম আলিংগনত ঋভিকাই নিজৰ হেৰাই যোৱা মাকৰ মৰমৰ সেই পৰিচিত গোন্ধটো যেন বিচাৰি পাইছে। মাকৰ কোমল হাতখনে  ঋভিকাৰ গালত স্পৰ্শ কৰা লগে লগে তাইৰ ভিতৰৰ বিদ্ৰোহী সত্তাটো যেন নিমিষতে মমৰ দৰে পমি গ’ল।

: বাউন্নামা? (ভালে আছানে মাজনী?)

ঘবৰাও মত বেটা, অব তুম হমাৰে সাথ হো।

মাকে এতিয়া ভঙা-ভঙা হিন্দী আৰু তেলেগু মিলাই তাইক অভয় দিলে। ঋদ্ৰান্তৰ দেউতাকেও মিচিকিয়াই হাঁহি এটা মাৰি তাইৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে। ঋভিকাৰ বাবে গোটেই পৰিৱেশটো একেবাৰে আচহুৱা। মাক দেউতাকৰ মৃত্যুৰ পাছত তাইৰ বাবে সকলো বৰ কঠিন হৈ পৰিছিল। মা-দেউতাৰ ছত্ৰছায়াত তাই আছিল এজনী মুকলি আকাশৰ পখী। জীৱনৰ তপত ৰ’দ বা বৰষুণৰ ধুমুহাই তাইক স্পৰ্শ কৰিব পৰা নাছিল। তেওঁলোকৰ বাবে তাই আছিল এক আলফুলীয়া সপোন,  য’ত দুখৰ কোনো স্থান নাছিল, কষ্টৰ কোনো সংজ্ঞা নাছিল । কিন্তু কালৰ কুটিল গতিত সেই ছত্ৰছায়া এদিন খহি পৰিল। মা-দেউতাৰ মৃত্যুৱে তাইক এক নিৰ্মম পৃথিৱীৰ সন্মুখত থিয় কৰাই থৈ গ’ল।

আলাসৰ সেই মৰমীয়াল ছোৱালীজনীৰ কোমল বুকুখনৰ চাৰিওফালে লাহে লাহে এটা কঠিন আৱৰণ গঢ়ি উঠিল। কাৰণ, কান্দিবলৈ তাইৰ আহৰি নাছিল; ভায়েক-ভনীয়েকৰ ভৱিষ্যতৰ গধুৰ দায়িত্বই তাইৰ কান্ধত বোজা হৈ চাব দিছিল । আপোন বুলি ভবা মানুহবোৰে প্ৰয়োজনৰ সময়ত ছাঁটোৰ দৰেই আঁতৰি গ’ল। তাই প্ৰথমে থমকি ৰৈছিল, সমাজখনক আকোৱালি ল’ব খুজিছিল, বন্ধুৰ হাত বিচাৰিছিল। কিন্তু যিসকলে বন্ধুৰ মুখা পিন্ধি কাষ চাপিছিল, তেওঁলোকৰ হাতত আছিল তাইক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ। বিশ্বাসৰ  প্ৰতিটো আঘাতত তাইৰ অন্তৰখন চপৰা-চপৰে খহি পৰিল।

তাৰ পাছৰ পৰাই তাই সলনি হ’ল। নিজৰ ভিতৰৰ কোমলতাখিনিক পহৰা দিবলৈ তাই এক নীৰৱতাৰ দেৱাল সাজি ল’লে। বাহিৰৰ পৰা তাই নিজক কঠিন দেখাই জীয়াই থকাৰ এক  নীৰৱ যুঁজ আৰম্ভ কৰিছিল। তাইৰ নিসংগতা প্ৰিয় নাছিল এইয়া মাত্ৰ তাইৰ নিজক সুৰক্ষিত ৰখাৰ এক আৱৰন।

নিশা  যেতিয়া দায়িত্বৰ কোলাহলবোৰ থমকি ৰয়, তেতিয়া  যন্ত্ৰণাৰ উপশম বিচাৰি তাই মদ আৰু চিগাৰেটৰ ধোঁৱাত নিজক হেৰুৱাই পেলায়। উজাগৰী নিশাৰ  ধোঁৱাবোৰত তাই হেৰুৱাই পেলোৱা শৈশৱ আৰু মৃত মাক-দেউতাকৰ মুখখন বিচাৰি ফুৰে। সেই যন্ত্ৰণা শব্দৰে বুজোৱা অসম্ভৱ। য’ত এফালে জীয়াই থকাৰ সংগ্ৰাম আৰু আনফালে নিজৰ অস্তিত্বৰ ক্ষয়। আৰু আজি যিখন চহৰত তাই ইমান দিনে সকলো কে যান্ত্ৰিক বুলি ভাবি আতৰি আছিল , সেইখন চহৰৰে ‘ডাইনোছৰটোৰ  ঘৰত তাই ইমান আপোনত্ব বিচাৰি পাব বুলি কেতিয়াও ভবা নাছিল।

তাই নিৰ্বাক হৈ ঋদ্ৰান্তলৈ চালে। ঋদ্ৰান্তই একো নকৈ কেৱল এটা চুটি মিচিকিয়া হাঁহিৰে তাইলৈ চাই ৰল। ঋভিকাৰ চকুৰ কোণত পানী জমা হৈছে।

সময়ৰ সোঁতত দিনবোৰ পাৰ হৈ গৈ আছে। ঋদ্ৰান্তৰ ঘৰখনৰ স্নেহৰ সুশীতল ছাঁত ঋভিকা কেনেকৈ যে সোমাই পৰিল, তাই নিজেই গম নাপালে। হাজাৰবাৰ অনুৰোধ কৰাৰ পিছতো ঋদ্ৰান্তই তাইক সেই নিসংগ ভাড়াতীয়া ঘৰটোলৈ আৰু উভতি যাবলৈ নিদিলে। তাইৰ কান্ধত থকা ভাই-ভনীৰ দায়িত্ববোৰো সি নীৰৱে নিজৰ মূৰত তুলি ললে। ঋদ্ৰান্তৰ মাক-দেউতাক আৰু শিৱিনৰ মৰমে তাইক আজি কালি আৱৰি ৰাখে।

তাইৰ মৰুভূমি সদৃশ নিসংগ জীৱনটো লাহে লাহে সলনি হ’বলৈ ধৰিছে। এতিয়া তাইৰ বাবে সময়মতে পুষ্টিকৰ আহাৰ আছে, চকুৰ পতাত জিৰণি লবলৈ এসাগৰ টোপনি আছে আৰু মনৰ কথা পাতিবলৈ কাষত মানুহ আছে। এতিয়া তাইৰ জীৱনত বিষাক্ত নিচাবোৰৰ কোনো স্থান নাই। মাদক দ্ৰব্য বা চিগাৰেটৰ ধোঁৱাবোৰ যেন বহু পুৰণি ইতিহাস হৈ ৰৈছে। কেতিয়াবা মনটো বেছি অশান্ত হ’লে পুৰণি অভ্যাসত ধৰি চিগাৰেট এটা জ্বলাই ল’ব খোজে যদিও ঋদ্ৰান্তৰ প্ৰকোপত সেইটো সম্ভৱ হৈ নুঠে। সি যে তাইৰ প্ৰতিটো ক্ষতিকাৰক পদক্ষেপৰ ওপৰত এক প্ৰহৰী হৈ থিয় দি থাকে।

কিন্তু অফিচৰ সেই একেজন ঋদ্ৰান্তই যেন সম্পূৰ্ণ অচিনাকি। তাত তেওঁ এতিয়াও সেই কঠোৰ, গহীন আৰু ভয়ংকৰ ‘ডাইনোছৰ’ হৈয়েই আছে। তাই কেতিয়াবা বিমোৰত পৰে— এইজনেই নে সেইজন মানুহ, যি জনক তাই ঘৰত এটা কোমল আৰু মৰমিয়াল ৰূপত লগ পায়? অফিচৰ চাৰিবেৰৰ মাজত তেওঁৰ ব্যক্তিত্বৰ গাম্ভীৰ্যই তাইক আচৰিত কৰি তোলে। ভালোঁ লাগে তেঁও যে ঘৰ আৰু কামক পৃথক কৰি ৰাখে। ঘৰ খনত আজিকালি তাই মাক দেউতাকৰ লগত বহুত কথা পাতে। মাক দেউতাকৰ ভঙা চিঙা হিন্দী শুনি মাজে মাজে হাঁহে। আকৌ কেইয়াবা অসমীয়া ও শিকিব বিচাৰে তেওঁ লোকে। দুটা এটা অৱশ্যে নিশিকাকৈ থকা নাই। ভঙা চিঙা হলেওঁ তাইৰ পৰা বহু পৰিমাণে শিকিছে। তথাপিও শব্দৰ উচ্চাৰণ প্ৰায়ে খেলি মেলি।

কেতিয়াবা ঋভিকাৰ মনৰ কোণত কিছুমান অবুজ প্ৰশ্নই খুন্দিয়াই থাকে— আচলতে তাই কোন তেওঁৰ? কিয় এজন মানুহে নিজৰ সকলো সুখ-সুবিধা নেওচি তাইৰ দৰে এজনী দিশহাৰা ছোৱালীক ইমান মৰমেৰে আগুৰি ৰাখিছে? কিন্তু যেতিয়াই তাই এই প্ৰশ্নবোৰ ঋদ্ৰান্তৰ চকুলৈ চাই সুধিব খোজে, তেতিয়া উত্তৰত তেওঁ মাথোঁ  হাঁহি দিয়ে। সেই হাঁহিটোৰ  গভীৰতা জোখাৰ সাধ্য যে ঋভিকাৰ নাই ।

সদায় দৰে আজিও অফিচৰ পৰা অকলেই উভতি আহিছে ঋভিকা। কিন্তু ঘৰ আহিয়ে  আচৰিত। ঘৰখনৰ ৰূপ যে সম্পূৰ্ণ সলনি হৈ গৈছে। ৰাতিপুৱা অফিচলৈ যাওঁতে যিখন ঘৰ একেবাৰে স্বাভাৱিক আছিল, এতিয়া সেইখন ঘৰ   ন  কইনাৰ দৰে জিলিকি উঠিছে। চৌদিশে ফুলেৰে সজোৱা এখন আলোকসজ্জাৰ মেলা। সকলো ফালে কৰ্মচাৰি নিজৰ কামত ব্যস্ত।

বিস্ময়ভৰা চকুৰে তাই চাৰিওফালে চালে। এনেতে শিৱিনক কাষতে পাই তাই সুধিলে—

: শিৱিন ভাই, ইয়ে চব ক্যা হ্যায়? আজ কুছ খাচ হ্যায় ক্যা? চুবহ তো সব অলগ থা!

: অৰে ৰু ! তুম আ গয়ি? হাঁ, আজ বহুত বড়া দিন হ্যায়। আজ আন্না কা ‘কল্যাণম’ হ্যায়।

বুজা নুবুজা আশংকাত তাইৰ বুকুখন কঁপি উঠিল। মুখৰ পৰা অলপ উচ্চ স্বৰত ওলাই আহিলে –

: কীয়া? কল্যাণম মতলব? ক্যা কহ ৰহে হো  আপ?

আনন্দত আত্মহাৰা হৈ শিৱিনে কৈ উঠিল –

: আৰে পাগল! কল্যাণম মতলব চাদী, ম্যাৰেজ! আজ মেৰে আন্না কি চাদী হ্যায়।

কথাৰ শুনাৰ লগে লগে ঋভিকাৰ ভৰিৰ তলৰ মাটিখিনি যেন খহি পৰিল। ইমান দিনে যাৰ মৰমৰ ছাঁত তাই নিজকে সুৰক্ষিত অনুভৱ কৰিছিল, যাৰ সান্নিধ্যত তাইৰ অন্ধকাৰ জীৱনলৈ পোহৰ আহিছিল, আজি সেইজন মানুহৰেই বিয়া? অথচ তাই একোৱেই নাজানে!

শিৱিনৰ মুখত বিয়াৰ কথা শুনি ঋভিকাৰ কলিজাটো যেন খন্তেকৰ বাবে স্তব্ধ হৈ গ’ল। বুকুৰ ভিতৰত এক অসহ্য যন্ত্ৰণাই খুন্দিয়াইছিল যদিও মুখত তাই এক শেঁতা হাঁহি বিৰিঙাই তুলিলে। যেন একো হোৱাই নাই, যেন এই খবৰে তাইক স্পৰ্শই কৰিব পৰা নাই। অতি স্বাভাৱিকভাৱে তাই শিৱিনৰ পৰা বিদায় লৈ নিজৰ কোঠাত সোমাল।

দুৱাৰখন জপাই  তাই  বাথৰুমত সোমাই শ্বাৱাৰটো খুলি দিলে। ওপৰৰ পৰা পৰা চেঁচা পানীখিনিৰ সৈতে মিহলি হৈ তাইৰ চকুলো বৈ গ’ল। কোনো শব্দ নকৰাকৈ তাই হুকহুকাই কান্দি উঠিল। তাইৰ নিসংগ জীৱনত ঋদ্ৰান্ত এক আশীৰ্বাদ, যিয়ে তাইক জীয়াই থকাৰ নতুন অৰ্থ দিছিল। আজি সেই একেজন মানুহৰ বিয়াৰ আয়োজনত তাইৰ বুকুখন ভাগি টুকুৰা-টুকুৰ হৈ গৈছে। কিন্তু কিয়? তাই বাৰু কেনেবাকৈ তাৰ প্ৰতি দুৰ্বল হৈ পৰিছিল নেকি? নাই নাই কোনোবাই তাইক সহায় কৰিলে বুলি তাই সেই মানু্হ জনৰ পৰা এইয়া আশা কৰিব নোৱাৰে। তাতে তাহাতঁৰ কোনো মিল নাই। তাই যদি মাটি সি সেই মাটিৰ ওপৰৰ আকাশ খন। যি কেতিয়াও মাটিত বিলীন হব নোৱাৰে। নিজক সংযত কৰি পানীৰে নিজৰ চকুৰ উখহি উঠা আৱেগবোৰ ধুই পেলালে । আয়নাৰ সন্মুখত থিয় হৈ চকুৰে বৈ যোৱা পানী খিনি মচি মুখত এক কৃত্ৰিম অথচ উজ্জ্বল হাঁহি পিন্ধি তাই বাহিৰলৈ ওলাই আহিল।  যিয়ে তাইক ইমান মৰম দিছে, তেওঁৰ সুখৰ দিনটোত তাই দুখৰ ছাঁ পৰিবলৈ নিদিয়ে।

বাহিৰলৈ ওলাই আহি তাই ঘৰৰ কামত ব্যস্ত থকা প্ৰতিজন মানুহক সহায় কৰিবলৈ আগবাঢ়ি গ’ল।

কিন্তু আচৰিত ধৰণে কোনেও তাইক একো কামেই কৰিবলৈ নিদিলে। মাক আৰু দেউতাকে মৰমেৰে তাইৰ মূৰত হাত ফুৰাই ক’লে,

: নহী চিন্না তুমহে কুছ ভী কৰনে কী জৰুৰত নহী হ্যায়। আজ তুমে কুছ কাম নহী কৰনা হ্যায়। তুম বাস আৰাম চে বৈঠো ঔৰ ইচ সুবাহম কো মেহচুচ কৰো। আজ তুমাৰা খুশ ৰহনা বহুত জৰুৰী হ্যায়।

কিন্তু বেচেৰী ঋভিকাই বুজিব নোৱাৰিলে এই মৰমৰ অন্তৰালত থকা গোপন ৰহস্যটো। আচলতে গোটেই ঘৰখনত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে কেৱল তাইৰ বাবেই। এই ‘কল্যাণম’  অন্য কাৰোৰে নহয়, এইয়া ঋদ্ৰান্ত আৰু ঋভিকাৰহে মিলনৰ ক্ষণ। সকলোৱে জানে, কেৱল কইনাই সাজিবলগীয়া ঋভিকাহে এই কথাৰ পৰা একেবাৰে অজ্ঞাত।

চৌদিশে উৎসৱৰ কোলাহল, অথচ ঋভিকাৰ মনৰ ভিতৰত এক মৰিশালী সদৃশ নিস্তব্ধতা। কোনেও তাইক কোনো কামতে হাত লাগিবলৈ নিদিয়াত তাই এক গভীৰ অভিমান আৰু বুকুত এক অসহ্য যন্ত্ৰণা লৈ মনে মনে নিজৰ কোঠাত সোমাই পৰিল। এতিয়ালৈকে ঋদ্ৰান্তক তাই নাই দেখা। তাই মনে মনে ভালেই পালে; কাৰণ এই মুহূৰ্তত ঋদ্ৰান্তৰ মুখখন দেখা মানেই নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱা। দুচকু জপাই তাই বিছনাত বাগৰি দিলে।

তেনেকুৱাতে কোঠাৰ দুৱাৰত কোনোবাই মৃদু টোকৰ দিলে। ঋভিকাই চকুৰ পানীখিনি খৰধৰকৈ মচি দুৱাৰখন খুলি দিলে। সন্মুখত ঋদ্ৰান্তৰ মাক থিয় হৈ আছে। তেওঁৰ হাতত এখন ডাঙৰ ৰূপালী থাল, য’ত জিলিকি উঠিছে এখন ধুনীয়াকৈ জপা দক্ষিণ ভাৰতীয় পাটৰ শাৰী আৰু বহুমূলীয়া সোণৰ গহনা।

তাই হতভম্ব হৈ মাকৰ চকুলৈ চালে। এক অবুজ বিস্ময়েৰে তাই সুধি উঠিল—

: ইয়ে সব ক্যা হ্যায় আন্টি?

মাকে এক তৃপ্তিৰ হাঁহি মাৰি তাইৰ কোঠাত সোমাই আহিল আৰু থালখন বিচনাত থৈ ক’লে—

: চিন্না, ইয়ে  ঋদ্দু( ঋদ্ৰান্ত) কী চাদী কে লিয়ে লায়ী হুঁ। আজ তুম য়েহি  পেহেন্না। বহুত বাগুন্তাদি । (বাগুন্তাদি- ধুনীয়া লাগিব)

ঋভিকাই গহনাবোৰৰ চমকনি দেখি অলপ থমকি ৰ’ল। ইমান গধুৰ আৰু দামী গহনা তাই কেনেকৈ পিন্ধিব? তাই অতি সংকোচেৰে কৈ উঠিল—

: পৰ আন্টি, ইয়ে তো বহুত ভাৰী গেহনে হ্যায়। মেঁ ইয়ে চব ক্যায়চে…

মাকে তাইৰ কথাটো আধাতে ৰখাই দি মৰমেৰে তাইৰ থুঁতৰিত ধৰি ক’লে—

: আৰে পাগলী, হামাৰে য়াহা চাদী মেঁ  এছে হী বংগাৰম ( সোণ) অৰ কাপৰে পেহেন্তে হ্যায়। তুম পেহনোগী তো মুঝে বহুত আচ্ছা লগেগা, না সন্তোষম ( বহুত ভাল লাগিব মোৰ) । ইনকা মান ৰখ লো বেটী।

মাকৰ সেই সৰল অনুৰোধত ঋভিকাৰ অস্বস্তি অলপ কমিল যদিও মনৰ ভিতৰত থকা দুখটোৱে আকৌ খুন্দা মাৰিলে। ঋদ্ৰান্তৰ বিয়াত তেওঁৰ মাকে তাইক ইমান আদৰেৰে সজাব খুজিছে। উফ প্ৰিয় পুৰুষৰ বিয়া তাই সাজি কাচি উপভোগ কৰিব। তাই একো নকয় সামান্য হাঁহি সন্মতি সূচক ভাবে মূৰ লৰালে।

ঋভিকাই আজি নিজৰ বুকুৰ নিভৃত কোণত উমি উমি জ্বলি থকা যন্ত্ৰণাবোৰক এক নিবিৰ আঁৰ কাপোৰেৰে ঢাকি থলে। ঋদ্ৰান্তৰ মাকৰ মৰমক নেওচি যোৱাৰ শক্তি তাইৰ নাই। সেয়ে, চকুৰ কোণত জমা হোৱা বিষাদখিনিক একাষৰীয়া কৰি থৈ তাই সেই  সাজযোৰ গাত মেৰিয়াই ল’লে।

সোণালী গুণাৰ কাম কৰা গাঢ় তেজ ৰঙা বৰণৰ সেই কাঞ্জীভৰম শাৰীখনত তাইক  অপূৰ্ব  কৰি তুলিছে। ডিঙিত   সোণৰ গধুৰ টেম্পল জুৱেলাৰী আৰু কাণত ডাঙৰ জুমকা জোৰে তাইৰ ৰূপক অন্য এক দিশ দিছে। হাতত পিন্ধি ৰখা সোণৰ খাৰুবোৰৰ মৃদু শব্দই কোঠাটোত এক নতুন ছন্দৰ সৃষ্টি কৰিছে। উকা কপালখনত এটা সৰু ৰঙা ফোঁট আৰু কঁকালত সোণালী অড্ডানামেৰে  ঋভিকাক সঁচাকৈয়ে কোনোবা দক্ষিণ ভাৰতীয় মন্দিৰৰ দেৱীৰ জীৱন্ত মূৰ্তি যেন দেখাইছে। চকুৰ পতাত  পাতলকৈ কাজলৰ আছ আৰু ওঁঠত অলপ লিষ্টিকেই তাইৰ সৌন্দৰ্যত আজি এক অনন্য মাত্ৰা দিছে। তাইৰ বে চিজিল চুলিখিনি সুন্দৰকৈ এটা খোপাত আৱদ্ধ কৰি তাৰ চাৰিওফালে সতেজ গাজৰাৰ মালাডাল মেৰিয়াই দিয়াৰ লগে লগে কোঠাটো এক শুৱনি গোন্ধত আমোলমোলাই উঠিল।

আইনাৰ সন্মুখত থিয় হৈ ঋভিকা নিজেই অবাক হৈ ৰ’ল। এই জনী জানো সেইজনী ঋভিকা? যাৰ নিত্য সংগী আছিল কেৱল ফটা জিন্স আৰু সাধাৰণ চাৰ্ট। আইনাৰ প্ৰতিবিম্বত জিলিকি থকা এই ৰূপটো তাইৰ বাবে সম্পূৰ্ণ অচিনাকি, এক সম্পূৰ্ণ বিপৰীত মেৰু। তাইৰ মনৰ দাপোনত হঠাতে অতীতৰ ম্লান ছবিবোৰ  ভাঁহি আহিল। মাক-দেউতাক জীয়াই থাকোঁতে প্ৰতি বছৰে সৰস্বতী পূজাত দেউতাকে তাইলৈ অতি মৰমেৰে নতুন চাদৰ-মেখেলা  আনিছিল। সেই সাজ পিন্ধি তাই কেনেকৈ বিমল আনন্দত আত্মহাৰা হৈছিল! কিন্তু তেওঁ লোক গুচি যোৱাৰ পিছত যে তাইৰ জীৱনৰ পৰা সকলো ৰং ধূসৰ হৈ পৰিল। আজি বহুত বছৰৰ পাছত তাই আকৌ এবাৰ নিজক ইমান ধুনীয়াকৈ সজাইছে, কিন্তু নিয়তিৰ কি বিচিত্ৰ খেলা— আজি তাইৰ  প্ৰিয় পুৰুষ জনৰ  বিয়া!

চকুপানী খিনি জোৰকৈ চকুৰ কোণতে ধৰি ৰাখি তাই  গভীৰ কৈ উশাহ ল’লে।  অসীম যন্ত্ৰনা আৰু বুকুৰ কঁপনি লৈ ওঁঠত হাঁহি এমূৰুকা লৈ তাই লাহেকৈ কোঠাৰ পৰা বাহিৰলৈ খোজ দিলে ।

ঋভিকাই লাহে লাহে চিৰিৰে তললৈ নামি আহিল। তলত তেতিয়া জনসমুদ্ৰত পৰিণত হৈছে। অপৰিচিত আলহী-অতিথিৰ ভিৰৰ মাজত তাইৰ চকুহাল তবধ মানিলে।  সকলোৰে দৃষ্টি  ঋভিকাৰ ওপৰত।  কোনোবা যদি তাইৰ অপৰূপ ৰূপত বিমুগ্ধ হৈছে, কোনোবাই আকৌ ফুচফুচাই কিবা কথা পাতিছে।

কিন্তু আটাইতকৈ ডাঙৰ চাৰপ্ৰাইজটো এতিয়াও বাকী আছিল। ভিৰৰ মাজৰ পৰা হঠাতে লৰি আহি তাইক সাৱটি ধৰিলে তাইৰ  ভায়েক-ভনীয়েেকে। সিহঁতক দেখি ঋভিকাৰ চকু কপালত উঠিল। শিৱিনে তাইক একো নজনাকৈয়ে সিহঁতক লৈ আহিব বুলি তাই কল্পনাও কৰা নাছিল। আনন্দ আৰু বিস্ময়ত তাইৰ চকু সেমেকি উঠিল।  কিন্তু এই গোটেই কাণ্ডটোৰ আঁৰত থকা উদ্দেশ্যটো তাই এতিয়াও গমেই পোৱা নাই।

অদূৰত থিয় হৈ ঋদ্ৰান্তই একেথৰে তাইক চাই আছে । তেওঁৰ পিন্ধনত  পৰম পবিত্ৰ আৰু ধকধকীয়া বগা চিল্কৰ ‘পঞ্চা’ (দক্ষিণ ভাৰতীয় ধুতি), যাৰ পাৰিটো ঘন সোণালী গুণাৰ কাৰুকাৰ্যৰে জিলিকি থকা। কঁকালত  ধুতিখন ধৰি ৰাখিবলৈ এখন সোণালী সূতাৰ কাম কৰা বস্ত্ৰ । তেওঁৰ সুঠাম আৰু বহল কান্ধৰ ওপৰত এখন মিহি চিল্কৰ অংগবস্ত্ৰম ( উত্তৰীয়)। তেওঁৰ ডিঙিত এডাল ডাঙৰ সোণৰ কণ্ঠী। আৰু হাতৰ মণিবন্ধত শকতকৈ গঢ়া সোণৰ  খাৰু।কপালত চন্দন আৰু সেন্দূৰৰ এটা দীঘলীয়া পবিত্ৰ তিলক। কাণত জিলিকি  থকা সৰু সোণৰ কুন্দলৰ সৈতে তেওঁক কোনোবা দেৱতাৰ দৰে দেখাইছে। । অফিচৰ  কঠোৰ ডাইনোছৰ জন আজি যেন সম্পূৰ্ণ এক পৃথক সত্তা। তেঁওৰ চকুহালত এক অপাৰ গাম্ভীৰ্য আৰু অধিকাৰবোধৰ মিশ্ৰণ। ঋভিকাৰ এই অপৰূপ সাজ-পাৰে তেওঁক যেন মন্ত্ৰমুগ্ধ কৰি পেলাইছে। বহু সময় নিৰৱে চাই থকাৰ পাছত, ঋদ্ৰান্ত লাহে লাহে তাইৰ ফালে আগবাঢ়ি আহিল।

গোটেই হলঘৰটোৰ কোলাহল  এক নিমিষতে নিস্তব্ধ হৈ পৰিল। ঋভিকাৰ বুকুৰ ধপধপনি বাঢ়ি গ’ল, এক অজান আশংকাই তাইক চানি ধৰিলে। সি কিয় তাইৰ ইমান কাষ চাপি আহিছে তাই একো বুজি পোৱা নাই । ঋদ্ৰান্তই একো নকৈ মাত্ৰ ঋভিকাৰ কোমল হাতখন নিজৰ হাতৰ মুঠিত চপাই ল’লে। সেই স্পৰ্শত এক বিচিত্ৰ সুৰক্ষা আৰু উষ্মতা অনুভৱ কৰিলে ঋভিকাই। ঋভিকাই একো বুজি পোৱাৰ আগতেই  ঋদ্ৰান্তই তাইক লাহেকৈ টানি লৈ গ’ল সোণালী পোহৰেৰে উদ্ভাসিত হৈ থকা সেই পবিত্ৰ হোমৰ গুৰিলৈ।

আৰু বেচেৰী ঋভিকাই একো নুবুজি আচৰিত হৈ এবাৰ ঋদ্ৰান্তৰ হাতলৈ আৰু এবাৰ বাকি বোৰলৈ চাই ৰল।

: How could you think I’d let you go? You’re the only one I want. You are mine, and I won’t let you belong to anyone else.

ঋদ্ৰান্তই তাইৰ হাত খন আলফুলে ধৰি অবাক হৈ থকা তাইলৈ চাই কৈ উঠিল।  ঋদ্ৰান্তৰ কথা শুনি ঋভিকাৰ চকু কপালত উঠিল। তাইৰ হৃদস্পন্দন এক মুহূৰ্তৰ বাবে যেন স্তব্ধ হৈ পৰিল। ক’বলৈ হেজাৰটা কথা আছিল যদিও ডিঙিৰ কাষত কিবা এটাই যেন সোপা মাৰি ধৰিলে। তাই একো মাতিব নোৱাৰিলে, মাথোঁ বিস্ময়ভৰা চকুৰে মুখ মেলি তেওঁৰ ফালে চাই ৰ’ল।

ঋদ্ৰান্তৰ ওঠত তেতিয়া এটা মৃদু আৰু অৰ্থপূৰ্ণ হাঁহি। ঋভিকাৰ অবাক চাৱনিটো  সি  বৰ কৈ উপভোগ কৰিছে। তাইৰ হাতখন অলপ জোৰেৰে হেঁচি ধৰি সি পুনৰ সুধি উঠিল—

: এছে মুঝে দেখতী ৰহোগী য়া মুঝে কুছ বলোগী? বোলো… মেৰে সাথ কল্যাণম মনাওগী?

এইবাৰ তাই ফেঁকুৰি উঠিল। তাইক ফেকুৰা দেখি সি আলফুলে তাইক  সাৱতি ধৰিলে। তাইও ঋদ্ৰান্তক জোৰকৈ খামুচি ধৰিল । লগে লগে তাত থকা সকলোৱে হাত চাপৰি বজাই উঠিল। সকলোৰে উপস্থিতি উমান পাই ঋভিকা লাজত ৰঙা পৰি গল।তাই লাহেকৈ ঋদ্ৰান্তৰ বুকুৰ পৰা নিজকে আঁতৰাই আনি তলমূৰ কৰিলে। তাইৰ সেই ৰঙা পৰা মুখখনে উপস্থিত সকলোকে আৰু অধিক আমোদ দিলে। শিৱিনৰ মুখত তেতিয়া এক বিজয়ী হাঁহি।সি যে বহু আগৰে পৰাই এই দিনটোৰ অপেক্ষা কৰি আছিল।

কিছু সময়ৰ পাছত ঋদ্ৰান্ত আৰু ঋভিকা পবিত্ৰ অগ্নিক সাক্ষী কৰি মুখামুখিকৈ বহিল। চৌদিশে চন্দনৰ সুবাস আৰু নাদস্বৰমৰ পবিত্ৰ ধ্বনিয়ে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছিল। সম্পূৰ্ণ দক্ষিণ ভাৰতীয় পৰম্পৰা আৰু ‘কল্যাণম’ৰ প্ৰতিটো নীতি-নিয়মৰ মাজেৰে তেওঁলোকৰ মিলনৰ যাত্ৰা আৰম্ভ হ’ল।

পুৰোহিতৰ বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ মুহূৰ্তটো আহি পালে। ঋদ্ৰান্তই এক গভীৰ বিশ্বাসেৰে ঋভিকাৰ ডিঙিত সোণালী ‘থালী’ (মংগলসূত্ৰ) ডাল বান্ধি দিলে। অতি সযতনে ঋদ্ৰান্তই থালীৰ তিনিটা গাঁথি মাৰিলে। সেই মুহূৰ্তত ঋভিকাৰ চকুহাল আৱেগত সেমেকি উঠিল।

তাৰপিছত আহিল অগ্নি প্ৰদক্ষিণৰ সময়।পবিত্ৰ অগ্নিক সাক্ষী কৰি দুয়ো সাতপাক ঘূৰিলে।

প্ৰতিটো খোজে যেন ক’ব খুজিছে এতিয়াৰে পৰা তেওঁলোকৰ দুখবোৰ আধা আধা আৰু সুখবোৰ দুগুণ । দক্ষিণ ভাৰতীয় নিয়ম অনুসৰি ঋদ্ৰান্তই আঁঠু লৈ ঋভিকাৰ ভৰিৰ আঙুলিত ৰূপৰ মেট্টি(আঙুঠি) পিন্ধাই দিলে, যাৰ অৰ্থ ঋভিকা এতিয়াৰে পৰা তেওঁৰ অৰ্ধাংগিনী , ঘৰ খনৰ গৌৰৱ। দুয়ো আজিৰ পৰা ইজনে আনজনৰ পৰিপূৰক।

বিয়াৰ সমস্ত ব্যস্ততা আৰু কোলাহলৰ অন্তত,  গোটেই ঘৰখন নিস্তব্ধ হৈ পৰিল, ঋদ্ৰান্ত আৰু ঋভিকা তেওঁলোকৰ নৱ-সজ্জিত কোঠাটোত অকলে মুখামুখি হ’ল। খিৰিকীৰে অহা জোনাকৰ পোহৰত ঋভিকাই পিন্ধি থকা শাড়ীখনৰ সোণালী কামবোৰ জিলিকি উঠিছে। তাই এতিয়াও লাজ আৰু আৱেগৰ এক মিশ্ৰিত অনুভৱত কঁপিবলৈ ধৰিছে লাহে লাহে।

ঋদ্ৰান্তই লাহেকৈ তাইৰ ওচৰ চাপি আহিল। সি তাইৰ দুখন হাত নিজৰ হাতৰ মুঠিত লৈ অতি কোমল মাতেৰে কৈ উঠিল –

:Why are you looking at me like this? Now you are officially mine.You don’t have to be scared anymore.

ঋভিকাই একো নকৈ মাথোঁ তাইৰ ডিঙিত জিলিকি থকা থালী ডালত হাত বুলালে। তাইৰ নিসংগ জীৱনত ঋদ্ৰান্তই কেনেকৈ এক মায়াবী পোহৰ ছটিয়াই দিলে, সেয়া ভাবি তাই আৱেগিক হৈ পৰিল। তাইৰ চকুপানী খিনি মোহাৰি দি ঋদ্ৰান্তই পুনৰ ক’লে:

: promise, I will never leave you alone.My love and this home will always make you feel safe.

ঋদ্ৰান্তৰ কথাখিনি শুনি ঋভিকাৰ বুকুখন জুৰ পৰি গ’ল। তাই লাহেকৈ ঋদ্ৰান্তৰ বুকুত মূৰটো থৈ দিলে। ঋদ্ৰান্তই তাইৰ চুলিত চুমা এটা খাই হাঁহি এটা মাৰি ক’লে

: অৰ হাঁ ,অফিচ মে আব ভী মে ওহী ‘ডাইনোছৰ’ হী ৰহূংগা, লেকিন সিৰ্ফ দুনিয়া কে লিয়ে।তুমহাৰে লিয়ে মে ছিৰ্ফ তুমহাৰা ভৰ্ত্তা ( গিৰিয়েক )।

ঋভিকাই চকুলোৰ মাজতেই খিলখিলাই হাঁহি দিলে।

ঋদ্ৰান্তই তাইক অতি মৰমেৰে নিজৰ দুই বাহুৰ মাজত সাৱটি ধৰিলে।  যেন পৃথিৱীৰ সকলো ধুমুহাৰ পৰা তাইক এই আলিংগনৰ মাজতেই লুকুৱাই ৰাখিব। তাৰ

খিৰিকীৰ ফাঁকেৰে নিশাৰ জোনাকে অতি সাৱধানে ভূমুকি মাৰি  দুটি হৃদয়ৰ মিলনৰ নীৰৱ সাক্ষী হৈ ৰল। জোনাকৰ  স্নিগ্ধ পোহৰত ঋভিকাৰ কপালৰ সেন্দূৰৰ ফোঁটটো আৰু ডিঙিৰ  সোণালী ‘থালী’ডাল এক অপূৰ্ব জ্যোতিৰে উজলি উঠিল।