শিক্ষামন্ত্ৰীৰ উপস্থিতিত ৬ প্রতিষ্ঠানৰে বুজাবুজি চুক্তি স্বাক্ষৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে সাজু শিক্ষা ব্যৱস্থা গঢ়াৰ বাবে অসম চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছে। অসমৰ বিদ্যালয় শিক্ষাখণ্ডত কৃত্রিম বুদ্ধিমত্তা (এআই), প্রযুক্তি আৰু অভিনৱ শিক্ষা সমাধানৰ ব্যৱহাৰ আগুৱাই নিয়াৰ লক্ষ্যৰে ৬টাকৈ আগশাৰীৰ সংস্থাৰ সৈতে বুজাবুজি চুক্তি সম্পাদন কৰিলে সমগ্র শিক্ষা অভিযান (এছএছএ)-এ। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ উপস্থিতিত সমগ্ৰ শিক্ষাৰ ৰাজ্যিক মিছন কার্যালয়ত সম্পন্ন হোৱা এই চুক্তিৰ ৬টা প্রগতিশীল প্রতিষ্ঠান হ’ল- গুগল এআই, আইআইটি মাদ্রাজ, এলইএছএইচ, এডুকেটেড গার্লছ, একষ্টেপ-এক্সএল আৰু কেনভা এডুকেচন। এই চুক্তি অনুসৰি অংশীদাৰিত্ব লাভ কৰা প্ৰতিষ্ঠানসমূহে শিক্ষকৰ দক্ষতা শক্তিশালী কৰাৰ লগতে মৌলিক শিক্ষণ উন্নত কৰা, মূল্যায়ন ব্যৱস্থা বৃদ্ধি কৰা, ডিজিটেল সৃষ্টিশীলতা আৰু উদ্ভাৱন প্ৰসাৰ কৰিবলৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে পাঠদান কৰিব। মুখ্যতঃ কৃত্রিম বুদ্ধিমত্তা, প্রযুক্তি আৰু উদ্ভাৱনৰ সম্ভাৱনীয়তাক আগত লৈ বিদ্যালয় শিক্ষা সবল কৰি তুলিবলৈ এই আগশাৰীৰ প্ৰতিষ্ঠানসমূহে কৰ্মৰত হ’ব। বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা গুগল এআই-এ শিক্ষকসকলক এআইচালিত শৈক্ষিক সঁজুলি, ডিজিটেল দক্ষতা আৰু পেছাদাৰী বিকাশৰ দ্বাৰা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। গুগল এআইৰ সৈতে অংশীদাৰিত্বৰ লক্ষ্য হৈছে অসমৰ শিক্ষকসকলক ডিজিটেল পৰিচয় আৰু নোট বুককে ধৰি এআইৰ দ্বাৰা চালিত শিক্ষামূলক সঁজুলিৰ সুবিধাৰে পাঠদান কৰোৱা। এই পদক্ষেপত অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজীকে ধৰি আঞ্চলিক ভাষাৰ স্থানীয় প্রশিক্ষণ বিষয়বস্তু অন্তর্ভুক্ত কৰা হ’ব। এই প্রশিক্ষণত শিক্ষা বিজ্ঞান, পাঠ পৰিকল্পনা আৰু প্ৰশাসনিক কামৰ বাবে এআইৰ ফলপ্রসূ ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। গুগলে পেছাদাৰী বিকাশ শক্তিশালী আৰু গুণগত ৰূপায়ণ নিশ্চিত কৰিবলৈ এছচিইআৰটি আৰু ডিআইইটিকে ধৰি ৰাজ্যখনৰ বৰ্তমানৰ শিক্ষক-প্রশিক্ষণ আন্তঃগাঁথনিৰ সৈতে সহযোগিতা কৰিব। একেদৰে আইআইটি মাদ্রাজে শিক্ষকসকলৰ মাজত এআই দক্ষতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই লক্ষ্যৰে প্ৰতিষ্ঠানটোৱে ২০২৭ চনৰ মে’ মাহৰ ভিতৰত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ প্রায় এক লাখ শিক্ষকক বিশেষ প্রশিক্ষণ দিব। এই প্রশিক্ষণৰ লগতে শিক্ষকসকলক তুলি দিয়া হ’ব এখন হাতপুথি আৰু এআইৰ সঁজুলিৰ সুবিধা। আৰম্ভণিতে ৪০জন বিশেষজ্ঞ শিক্ষকক মাষ্টাৰ্ছ ট্রেইনাৰ ৰূপে প্রশিক্ষণ দিয়া হ’ব আৰু এই মাষ্টাৰ্ছ ট্রেইনাৰে পৰৱৰ্তী সময়ত আন শিক্ষকসকলক প্রশিক্ষণ দিব। এলইএছএইচ-ৱাধাৱনী এআইৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পঠন সাৱলীলতাৰ এআই সক্ষম মূল্যায়ণৰ জৰিয়তে মৌলিক স্বাক্ষৰতা শক্তিশালী কৰিব। আনহাতে এডুকেটেড গার্লছ হৈছে গ্রাম্য আৰু শৈক্ষিকভাৱে দুৰ্বল ছাত্রী অথবা যুৱতীসকলৰ শিক্ষাৰ সুবিধা উন্নত কৰাৰ এক প্ৰক্ৰিয়া। ২০০৭ চনৰ পৰা এডুকেটেড গাৰ্লছে ৰাজ্য চৰকাৰসমূহৰ সৈতে অংশীদাৰিত্ব কৰি বিদ্যালয় এৰা ছোৱালীসকলক চিনাক্ত কৰি তেওঁলোকক পুনৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ লগতে বিদ্যালয় শিক্ষাৰ দ্বাৰা আগুৱাই নিয়া কামত ব্ৰতি হৈ আছে। মুখ্যতঃ অসম ৰাজ্যিক মুক্ত বিদ্যালয় আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্রতিষ্ঠানৰ জৰিয়তে ১৫-১৮ বছৰ বয়সৰ বিদ্যালয় এৰা ছাত্ৰীসকলক চিনাক্ত কৰি পুনৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ লগতে তেওঁলোকক বিভিন্ন ধৰণে সহায় আগবঢ়াব। এই প্ৰসংগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মেলত কয়- কৃত্রিম বুদ্ধিমত্তা বা এআই আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। জ্ঞাত বা অজ্ঞাতভাৱে আমি ইয়াৰ ব্যৱহাৰ কৰি আছোঁ। অসম চৰকাৰে এক সিদ্ধান্ত গ্রহণ কৰিছে যে এআইৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰ শক্তিশালী কৰা হ’ব। এই উদ্দেশ্যে বিদ্যালয় শিক্ষা বিভাগত কিছু পদক্ষেপ গ্রহণ কৰা হৈছে। বিশেষকৈ শিক্ষকৰ মাজত সর্বাধিক গুৰুত্ব দিয়া হৈছে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰাৰো। শিক্ষকসকলক ইয়াৰ বাবে বিশেষভাৱে প্রশিক্ষণ দিয়াৰ লগতে পাঠ্যক্ৰমৰ বিভিন্ন দিশ ডিজিটেল কন্টেন্ট ক্রিয়েট কৰালৈকে এআইসমূহ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে আইআইটি মাদ্রাজে বিশেষ এক প্লেটফর্ম সাজু কৰিছে। সেয়া হৈছে বোধন এআই। বোধন এআইৰ মূল কথা হৈছে শিক্ষকসকলৰ দক্ষতা কিদৰে বৃদ্ধি কৰা হ’ব। ইয়াৰ বাবে এক লাখ শিক্ষকক বিশেষভাৱে প্রশিক্ষিত কৰি তোলা হ’ব। একেদৰে গুগল এআই শিক্ষকসকলে কিদৰে ব্যৱহাৰ কৰিব সেই দিশত সহায় কৰিব।
