ৰাইজৰ দলৰে মিত্ৰতা ভংগ প্রদেশ কংগ্ৰেছৰ

ৰাইজৰ দলৰে মিত্ৰতা ভংগ প্রদেশ কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ৰাইজৰ দলৰে মিত্রতা ভংগ কৰিলে কংগ্ৰেছে । বৃহস্পতিবাৰে  ৰাইজৰ দলৰ সৈতে থকা সকলোধৰণৰ আনুষ্ঠানিক মিত্রতা ভংগ কৰাৰ কথা ঘোষণা কৰিলে প্রদেশ কংগ্রেছে। গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদ মেল সম্বোধন কৰি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিল কংগ্ৰেছ নেতৃত্ব। কংগ্ৰেছ নেতা ৰিপুণ বৰা, ৰকিবুল হুছেইন, মীৰা বৰঠাকুৰৰ স্পষ্ট মন্তব্য-কংগ্ৰেছৰ ভোটেৰে বিধায়ক হোৱা অখিল গগৈয়ে পদত্যাগ কৰি নতুনকৈ নিৰ্বাচনৰ সন্মুখীন হওক। ইমান লেতেৰা পাৰ্টীৰ সমৰ্থন লৈ তুমি বিধায়ক হৈছা, অসমৰ ৰাইজক ক্ষমা খুজি পদত্যাগ কৰা। ৰাইজ মোৰ ভুল হৈ গ’ল বুলি ক্ষমা খোজা। মিত্ৰতাৰ সকলো নিয়ম জলাঞ্জলি দিয়াৰ অভিযোগ তুলি ৰিপুণ বৰাই কয়- ৰাইজৰ দলৰ সৈতে যি মিত্ৰতা আছিল, সেয়া ভংগ কৰি আমি বোজামুক্ত হ’লোঁ। অখিল গগৈ আমাৰ বাবে এক বেজা আছিল। এই বোজা আঁতৰি যোৱাত আমি সুখী। কংগ্ৰেছৰ দলৰ এই সিদ্ধান্ত যথেষ্ট শুদ্ধ। আমাৰ লগতে থাকি বুকুতে যেতিয়া কামুৰিব, ফেঁটী সাপক যদি আমি গাখীৰ খুৱাই খুৱাই পুহি থাকোঁ, সেয়া আমাৰ বাবে কিমান বিপজ্জনক হ’ব। উল্লেখ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাত বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশক্ৰমে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱাৰ স্বাক্ষৰ সম্বলিত এক গুৰুত্বপূৰ্ণ সাংগঠনিক চাৰ্কুলাৰ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে জাৰি কৰা হয় । চাৰ্কুলাৰখনত কোৱা হৈছে, “বিগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈ যুঁজ দিয়া আৰু ৰাইজৰ মাজলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰাৰ লক্ষ্যৰে কংগ্ৰেছে ৰাইজৰ দলসহ কেইবাটাও আঞ্চলিক আৰু বাওঁপন্থী সৰ্বভাৰতীয় দলক একত্ৰিত কৰি নিৰ্বাচনী মিত্ৰজোঁট গঠন কৰিছিল । কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে এই দীৰ্ঘ সময়ছোৱাত ৰাইজৰ দলৰ নেতৃত্বই মিত্ৰজোঁটৰ নীতি-নিয়ম আৰু মৰ্যাদা উলংঘা কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভুৱা অপপ্ৰচাৰ আৰু চৰিত্ৰহননৰ নিকৃষ্ট ৰাজনীতিত লিপ্ত হৈ পৰে । কেৱল সেয়াই নহয়, বিৰোধী মিত্ৰজোঁটত চামিল থকা অন্যান্য অংশীদাৰ দলসমূহৰ শীৰ্ষ নেতৃবৰ্গৰ বিৰুদ্ধেও ৰাইজৰ দলৰ নেতৃত্বই বিভিন্ন সময়ত ভিত্তিহীন, অনাকাংক্ষিত আৰু অসন্মানজনক মন্তব্য প্ৰদান কৰি মিত্ৰতাৰ মৌলিক আচাৰ-নীতিক বাৰে বাৰে আঘাত হানিছে ।” মিত্ৰজোঁটৰ এনে ধৰণৰ চৰম নীতিবিৰোধী আচৰণৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ দলৰ সৈতে ভৱিষ্যতে ৰাজনৈতিক সম্পৰ্ক বাহাল ৰখাটো আৰু কোনোপধ্যেই সম্ভৱপৰ নহয় বুলি কংগ্ৰেছ দলে স্পষ্ট কৰি দিছে । ইফালে মিত্ৰতা ভংগ হ’লেও কংগ্ৰেছ নিজৰ লক্ষ্যত অটল থাকিব বুলি দলটোৱে সদৰী কৰিছে । দলটোৱে পূৰ্বৰ দৰেই সাধাৰণ ৰাইজৰ প্ৰতিটো জ্বলন্ত সমস্যা আৰু স্বাৰ্থজড়িত বিষয় সজোৰে উত্থাপন কৰি যাব আৰু বৰ্তমানৰ বিজেপি চৰকাৰখনৰ জনবিৰোধী কাম-কাজ, অন্যায় নীতি আৰু অপশাসনৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক জবাবদিহিতা অব্যাহত ৰাখিব বুলি দৃঢ়তাৰে ঘোষণা কৰিছে। উল্লেখ্য যে কেইদিনমান পূৰ্বে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কংগ্ৰেছ দলক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছক ‘ভ্ৰষ্টাচাৰী দল’ আখ্যা দিছিল ।