শংকৰদেৱ কলাক্ষেত্রত ৰাজ্যিক বিজেপিৰ বৰ্ধিত কার্যনির্বাহক সভা
ৰঙিলী বাৰ্ত্তাসেৱা- ‘জনসেৱাই নাৰায়ণ সেৱা’- এই আদৰ্শক সাৰোগত কৰি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ কাষত সেৱাৰ মনোভাবেৰে উপনীত হ’ব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতি জীৱনৰ ২৫ বছৰীয়া সেৱা যাত্রা উপলক্ষে গ্রহণ কৰা ‘সেৱা সংকল্প অভিযান’ৰ জৰিয়তে দলৰ কাৰ্যকৰ্তাসকলে জনসাধাৰণৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযুক্ত হৈ সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্রকাশ কৰিব লাগিব।’ এই আহ্বান মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বৰ্ধিত কার্যনির্বাহক সভাত এই সন্দৰ্ভত গ্ৰহণ কৰা হ’ল এক বিস্তৃত সিদ্ধান্ত। মুখ্যতঃ জনসেৱাই নাৰায়ণ সেৱা এই আদৰ্শক সাৰোগত কৰি বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ কাষত সেৱাৰ মনোভাবেৰে উপনীত হ’ব লাগিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সংসদীয় ৰাজনৈতিক জীৱনৰ ২৫ বছৰীয়া সেৱা যাত্রা উপলক্ষে গ্রহণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্রকাশ কৰা বাবে আজি বর্ধিত কার্যনির্বাহক সভাত আহ্বান জনালে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এই কার্যনির্বাহক সভাত ভাষণ দি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- জনসেৱা বিজেপিৰ সাংগঠনিক আৰু ৰাজনৈতিক দৰ্শনৰ অন্যতম মূল আধাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হিচাপে বিগত সময়ছোৱাত দেশবাসীৰ সেৱা, দৰিদ্ৰ আৰু বঞ্চিত লোকৰ কল্যাণ, সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এক অনন্য দৃষ্টান্ত স্থাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয়- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক উপলক্ষে কেৱল উদ্যাপনৰ মাজতেই সীমাবদ্ধ নাৰাখি সেৱাৰ জৰিয়তে সমাজৰ প্ৰতি দায়বদ্ধতা প্রকাশ কৰাৰ এক সুযোগ হিচাপে ল’ব লাগিব। মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক বিজেপিৰ সকলো স্তৰৰ কাৰ্যকৰ্তাক সেৱা সংকল্প অভিযানৰ প্ৰতিটো কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনায়। বিশেষকৈ ৰক্তদান, স্বচ্ছতা অভিযান, স্বাস্থ্য সেৱা, অংগনৱাড়ী কেন্দ্ৰৰ সৈতে সেৱামূলক কাৰ্যসূচী, যুৱ-ছাত্ৰসকলক জড়িত কৰা বিভিন্ন কাৰ্যসূচী আৰু অন্যান্য জনকল্যাণমূলক পদক্ষেপৰ জৰিয়তে এই অভিযানক সৰ্বব্যাপী কৰি তুলিবলৈ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। ইয়াৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্য সেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযানকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হ’ব। ইফালে কার্যনির্বাহক সভাত বিজেপিয়ে ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰক্তদান কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰে। মুখ্যমন্ত্রী ড° শর্মাই এই প্রসংগত কয়- অহা ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু তিথিৰ দিনা বিজেপিয়ে ৰক্তদানৰ জৰিয়তে এই দিনটো পালন কৰিব। ৰাজ্যৰ বিভিন্ন বিজেপিৰ কাৰ্যালয় আৰু নিৰ্ধাৰিত স্থানত ব্যাপক ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৰাজহুৱা জীৱনৰ ২৫ বছৰীয়া সেৱা যাত্ৰাৰ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে ২০০১ চনৰ ৭ অক্টোবৰ তাৰিখে গুজৰাটৰ মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণ কৰাৰ পৰা আৰম্ভকৰি মোদীয়ে নিৰন্তৰভাৱে দেশ আৰু জনসাধাৰণৰ সেৱাত নিজকে উৎসর্গা কৰি আহিছে। এই দীঘলীয়া সেৱা যাত্রাক সন্মান জনাই অসমতো ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰ, ২০২৬ লৈ সেৱা সংকল্প অভিযান জন সেৱাই নাৰায়ণ সেৱা শীর্ষক মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে বিধায়ক দীপ্পু ৰঞ্জন শৰ্মাই আৰু সমর্থন আগবঢ়ায় মন্ত্রী নীলিমা দেৱী, ৰাজ্যিক সম্পাদক অভিজিত নাথে। সভাত মন্ত্রী জয়ন্ত মল্ল বৰুৱা, অশোক সিংহল, অজন্তা নেওগ, ডাঃ ৰণোজ পেণ্ড, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, নৱনিযুক্ত সম্পাদক হৰিশ দ্বিবেদীকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।
