(১০ছেপ্তেম্বৰৰ বাবে)
নিমানন্দ দাসৰ আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি
অঞ্জু শাণ্ডিল্য
২০২৫ৰ ডিচেম্বৰ মাহৰ শেষৰ ফালে দুজন মানুহ আমাৰ ঘৰলৈ আহিছিল।এজন গোবিন কুমাৰ খাউণ্ড আৰু আনজন নিমানন্দ দাস ।দুয়ো ‘ৰুময়াঙ’ শীৰ্ষক উপন্যাস আৰু চিনেমাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত।’ৰুময়াঙ’ উপন্যাসৰ স্ৰষ্টা গোবিন কুমাৰ খাউণ্ড আৰু উপন্যাস খনৰ চিত্ৰায়ন হবলৈ গৈ আছে ,চিনেমাৰ পৰিচালক নিমানন্দ দাস ।’ৰুময়াঙ’ প্ৰকাশ হোৱাৰ পিছত গোবিন কুমাৰ খাউণ্ডে আমাক পঢ়িবলৈ দিছিল ।সেইখন পঢ়ি তেওঁৰ ইচ্ছা অনুসৰি ‘দৈনিক জনমভূমি’ কাকতত এক পৰ্যালোচনা লিখিছিলো ।পৰ্যালোচনা পঢ়ি বহুতে আমাক জনাইছিল, উপন্যাস খন বৰ মনোগ্ৰাহী হব যেন লাগিছে ।সঁচাকৈয়ে উপন্যাস খন মনোগ্ৰাহীয়েই নহয়, ৰোমাঞ্চকৰ ,শিহৰণকাৰীও।কাৰণ,’অৰণ্য মানৱ’যাদৱ পায়েঙদেৱৰ বিচিত্ৰ কাহিনীৰে উপন্যাস খন সজাই তোলা হৈছিল ।পাছত ঔপন্যাসিক,সাংবাদিক গোবিন কুমাৰ খাউণ্ডে আমাক জনাইছিল, ‘ৰুময়াঙ’ চিনেমা হব ।কথাটো জানিবলৈ পাই বৰ ভাল লাগিল! ২০১৮চনত ছবি খনৰ নিৰ্মাণ কৰাৰ বাবে চুক্তি ৱদ্ধ হৈছিল নিমানন্দ দাস ।ক’ভিড মহামাৰীৰ ছবি খনৰ কাম ৰৈ গৈছিল ।২০২৫চনৰপৰা পুনৰ আৰম্ভ হৈছিল আৰু চিত্ৰগ্ৰহণৰ কাম ৬০%সম্পূৰ্ণ হৈছিল ।কিন্তু যোৱা ৩০আগষ্টৰ পুৱতি নিশা মাজুলুৰ কমলাবাৰীত মৃত্যু ঘটে নিমানন্দ দাসৰ! ‘ৰুময়াঙ’ ছবিৰ চিত্ৰগ্ৰহণৰ কামতে মাজুলীতে আছিল পৰিচালক নিমানন্দ দাস ।তেখেতৰ মৃত্যু হোৱাৰ লগে লগেই ‘ৰুময়াঙ’ ছবিৰ নিৰ্মাণ কৰাৰ কাম আধৰুৱা হৈ গ’ল ।লগে লগে এক সপোন যেন হেৰাই যোৱাৰ উপক্ৰম হ’ল ।’ৰুময়াঙ’ৰ দ্বাৰা নিমানন্দ দাসে সপোন দেখিছিল, ‘অৰণ্য মানৱ’ যাদৱ পায়েঙদেৱৰ বিচিত্ৰ কাহিনী বিশ্ব বাসীয়ে জানিবলৈ পাব ছবি খনৰ অস্কাৰ সন্মানসহ স্বীকৃতি লাভ কৰি আন্তৰ্জাতিক প্ৰেক্ষাপটত উজ্জ্বলি উঠিব।আজি আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেত যতেই শান্তিত থাকক ।আৰু ‘ৰুময়াঙ’ ছবিৰ আধৰুৱা কাম সম্পূৰ্ণ হোৱাৰ কামনা কৰিছো। তেতিয়াহে যেন তেখেতৰ আত্মাই শান্তি পাব।
