অসম আৰক্ষীত নতুনকৈ গঠন হ’ব দুটা বেটেলিয়ন

অসম আৰক্ষীত নতুনকৈ গঠন হ’ব দুটা বেটেলিয়ন

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰাজ্যৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলৰ দুদিনীয়া সন্মিলনৰ বৃহস্পতিবাৰে সামৰণি পৰে। ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অধিক শক্তিশালী কৰা, অপৰাধ নিয়ন্ত্রণ তথা অপৰাধৰ অনুসন্ধান অধিক ফলপ্ৰসু কৰা আৰু নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এই সন্মিলনত অসম আৰক্ষীৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয়ত বিস্তৃত আৰু ফলপ্রসূ আলোচনা কৰা হয়। সন্মিলনৰ সামৰণিত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি অধিক শক্তিশালী কৰাৰ লগতে অপৰাধ হ্রাস কৰাৰ বাবে সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হৈছে। তেওঁ কয় যে, যিকোনো পৰিস্থিতিত আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ৰোধ কৰিবলৈ সময়োপযোগী সিদ্ধান্ত গ্রহণ কৰিব লাগিব আৰক্ষীয়ে। এই প্রসংগত মুখ্যমন্ত্রীয়ে কয়- আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীক অধিক সক্ষম কৰি তোলাৰ ওপৰত সন্মিলনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। আনহাতে অপৰাধ অনুসন্ধান আৰু আদালতত অভিযোগ দাখিলৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে লাভ কৰিছে উল্লেখযোগ্য সফলতা। বর্তমান ৮০ শতাংশতকৈ অধিক পঞ্জীয়নভুক্ত গোচৰৰ অভিযোগনামা নির্ধাৰিত ৬০ দিন বা ৯০ দিনৰ ভিতৰত আদালতত দাখিল কৰিবলৈ অসম আৰক্ষী সক্ষম হৈছে। একেদৰে অসম আৰক্ষীয়ে অপৰাধ অনুসন্ধান আৰু আদালতত অভিযোগনামা দাখিলৰ ক্ষেত্ৰত অভূতপূর্ব সফলতা লাভ কৰিছে। ২০২১ চনত গোচৰ নিষ্পত্তিৰ হাৰ আছিল ৭ শতাংশ, বর্তমান গোচৰ নিষ্পত্তিৰ সংখ্যা ২৯ শতাংশলৈ বৃদ্ধি হৈছে। চলিত বর্ষত ৩৫ শতাংশলৈ গোচৰ নিষ্পত্তিৰ লক্ষ্য লোৱা হৈছে। আনহাতে অসমত এছডিআৰএফত নতুনকৈ এটা বেটেলিয়ন গঠন কৰা, অইল ইণ্ডিয়া, অ’এনজিচি আদিৰ নিৰাপত্তাৰ দিশলৈ লক্ষ্য ৰাখি অতিৰিক্ত এটা পুলিচ বেটেলিয়ন গঠন কৰাৰ কথা আজি উল্লেখ কৰে। সেই অনুসৰি অসমত নতুনকৈ দুটা পুলিচ বেটেলিয়ন গঠনৰ দিশত আজি আৰক্ষী অধীক্ষক সম্মিলনত সিদ্ধান্ত গ্রহণ কৰা হয়। একেদৰে অসম আৰক্ষীত বহুদিন স্থবিৰ হৈ থকা পদোন্নতিসমূহ অতি সোনকালে সম্পন্ন কৰা হ’ব, যাতে অহা বৰ্ষত আৰক্ষীত ৫ হাজাৰতকৈ অধিক পদ পূৰণ কৰিব পৰা যায়। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে যোৱা ৫ বছৰত ৰাজ্য চৰকাৰে ২১ হাজাৰতকৈ অধিক পদত আৰক্ষীত নিযুক্তি দিয়া হৈছে। এই কার্যকালতো চৰকাৰে ১৫-২০ হাজাৰ নিযুক্তি অসম আৰক্ষীত দিয়া হ’ব। সেই দিশতো সন্মিলনত আলোচনা কৰা হয়। সংবাদ মেলত মুখ্যমন্ত্রীয়ে লাচিত বৰফুকন পুলিচ একাডেমী এখন পূর্ণাংগ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰক্ষী প্রশিক্ষণ একাডেমী হিচাপে গঢ়ি তোলাৰ ক্ষেত্রতো বিশেষ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি উল্লেখ কৰি এই দিশত সন্মিলনত আলোচনা কৰাৰ কথা উল্লেখ কৰে। বিশেষকৈ ঘোঁৰাচালনা, শুটিং ৰেঞ্জ, খেলৰ বিভাগ, কৰ্মচাৰীৰ আৱাসৰ সুবিধাকে ধৰি একাডেমীখনক অধিক আগুৱাই লৈ যোৱাৰ বাবে সন্মিলনত আজি কেইবাটাও সিদ্ধান্ত গ্রহণ কৰা হৈছে। এই সম্মিলনখন নতুন চৰকাৰৰ বাবে প্ৰথম সন্মিলন আছিল আৰু কেইবাটাও দায়িত্ব আৰক্ষী অধীক্ষকসকলক প্ৰদান কৰা হৈছে। অহা ফেব্ৰুৱাৰী মাহত বঙাইগাঁৱত দ্বিতীয় আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত হ’ব। ছমাহ বা চাৰি মাহৰ ভিতৰত আৰক্ষী অধীক্ষক সম্মিলনত লোৱা সিদ্ধান্তসমূহ কাৰ্যকৰী কৰা হ’ব।