বাকৰুদ্ধ চহৰত কলমৰ দুখ
শৰৎ দাস, গহপুৰ, ব্ৰহ্মাজান
চহৰখনৰ বুকুত
এতিয়া এপাল ভেড়াৰ
দপদপনি
বন্ধ দুৱাৰৰ আঁৰত
মুখ লুকুৱাই
কবিৰ কলমত
এখন অশ্ৰুৰ নৈ
মুক্ত বতাহৰ ঠিকনা
বিচাৰি পকী
দেৱালবোৰৰ কাষত কাণ পাতি
অসংখ্য মানুহৰ সমদল
ৰঙীন মুখবোৰৰ
আঁউসীৰ এটি জোন আঁকি
কবি এতিয়া মগ্ন
জোনাকবিহীন
শব্দৰ বাটত
অমাৱস্যাৰ অঁকা
চকুবোৰে
শিলৰ দৰে ৰৈ আছে
কবিৰ মন আজি
শিল পৰা কপৌৰ দৰে
সাগৰ খনো থমকি ৰল
ঢৌবোৰেও মাত নেমাতে
এজাক সঁচা শব্দ
প্ৰসৱৰ সময়তেই
এজাক আবতৰীয়া
কুঁৱলীয়ে
ডেউকা তিয়াই নিয়ে
কবিৰ
উৰণীয়া
কলমটো
চিয়াঁহীৰ বুকুত
তেজৰ চিটিকণি
পৰাৰ ভয়ত
পংগু হাতদুখনে
খামুচি ধৰে বাৰে বাৰে
কাগজৰ নীৰৱতাৰ
বুকুত
এতিয়া বাকৰুদ্ধ চহৰত
কবিৰ কলমৰ দুখ
