অসমীয়া সমাজত ভাদ মাহৰ মাদকতা – উৰিশ্মা নাথ

অসমীয়া সমাজত ভাদ মাহৰ মাদকতা

 উৰিশ্মা নাথ, গৰুখুটি, দৰং

ভাদ মাহ অসমীয়া লোকজীৱন, ধৰ্মীয় বিশ্বাস আৰু সাংস্কৃতিক পৰম্পৰাৰ সৈতে গভীৰভাৱে জড়িত এটি পৱিত্ৰ মাহ। শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰ পৰাই ভাদ মাহৰ আৰম্ভণি হয়। অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ ভাদ শৰৎ ঋতুৰ অন্তৰ্গত। ‘ভাদ’ নামটো ‘পূৰ্বভাদ্ৰপদ’ নামৰ নক্ষত্ৰৰ পৰা উৎপত্তি হোৱা বুলি জনা যায়। প্ৰকৃতিৰ বুকুত এই সময়ছোৱাত যেন এক স্নিগ্ধ, শান্ত আৰু ভক্তিময় পৰিৱেশৰ সৃষ্টি হয়। কৃষিজীৱী অসমীয়া মানুহেও এই সময়ছোৱাত কৃষিকৰ্মৰ ব্যস্ততাৰ মাজৰ পৰা কিছু আহৰি লাভ কৰে আৰু ধৰ্মীয় তথা সামাজিক-সাংস্কৃতিক কাৰ্যকলাপত মনোনিৱেশ কৰে। ভাদ মাহৰ সৈতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মকথা ওতপ্ৰোতভাৱে জড়িত। ৰোহিণী নক্ষত্ৰৰ অষ্টমী তিথিত পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰ আবিৰ্ভাৱ হৈছিল বুলি হিন্দু ধৰ্মীয় বিশ্বাসত উল্লেখ আছে। শ্ৰীকৃষ্ণৰ জন্মৰ সেই পৱিত্ৰ মুহূৰ্তত যেন অন্ধকাৰৰ বুকু ভেদি পোহৰৰ আগমন ঘটিছিল। তেওঁৰ লীলা, প্ৰেম, কৰুণা আৰু ধৰ্মৰ বাণীয়ে যুগে যুগে মানুহৰ হৃদয় জয় কৰি আহিছে। সেয়ে ভাদ মাহ আহিলেই অসমীয়া সমাজৰ মনত ভক্তিৰ এক অনন্য অনুভূতি জাগ্ৰত হয়। শ্ৰীকৃষ্ণৰ ভক্তিৰসক কেন্দ্ৰ কৰি অসমত নৱবৈষ্ণৱ ধৰ্মৰ এক শক্তিশালী ধাৰাৰ সৃষ্টি হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজত একশৰণ নামধৰ্মৰ বীজ ৰোপণ কৰি ভক্তি আৰু সমন্বয়ৰ এক নতুন যুগৰ সূচনা কৰিছিল। তেওঁৰ মহান আদৰ্শ আৰু ৰসময়ী ভক্তিধাৰাই অসমীয়া সমাজ-জীৱনক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। জাতি-বৰ্ণৰ ভেদাভেদ আঁতৰাই মানুহৰ মাজত সমতা, ভ্ৰাতৃত্ব আৰু একতাৰ বাণী প্ৰচাৰ কৰাৰ উদ্দেশ্যে তেওঁ সত্ৰ আৰু নামঘৰৰ দৰে মহান সামাজিক-ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। নামঘৰ আৰু সত্ৰ কেৱল ধৰ্মীয় অনুষ্ঠানৰ কেন্দ্ৰই নহয়, অসমীয়া জাতিৰ সংস্কৃতি, সাহিত্য, সংগীত আৰু সামাজিক ঐক্যৰো এক শক্তিশালী আধাৰ। ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথি অসমীয়া বৈষ্ণৱ সমাজৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ। এই পৱিত্ৰ তিথিতে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱৰ তিৰোধান তিথি পালন কৰা হয়। আনহাতে, এই মাহতেই বৈষ্ণৱ গুৰু শ্ৰীহৰিদেৱৰ আবিৰ্ভাৱ হৈছিল বুলি বিশ্বাস কৰা হয়। সেয়েহে ভাদ মাহত ভক্তি, স্মৰণ আৰু গুৰু-বন্দনাৰ এক গভীৰ পৰিৱেশে সমগ্ৰ অসমক আৱৰি ধৰে। ভাদ মাহ আৰম্ভ হোৱাৰ লগে লগে অসমৰ সত্ৰ, নামঘৰ আৰু বৈষ্ণৱ সমাজ যেন হৰিনামৰ অমৃতধ্বনিত মুখৰিত হৈ উঠে। পুৱা-গধূলি নাম-প্ৰসংগ, কীৰ্তন, ভাগৱত পাঠ আৰু আয়তীৰ নামৰ ধ্বনিয়ে নামঘৰৰ পৰিৱেশ পৱিত্ৰ কৰি তোলে। ধূপ-ধূনাৰ সুগন্ধ, খোল-তালৰ মধুৰ শব্দ আৰু ভক্তসকলৰ একান্ত শ্ৰদ্ধাই সৃষ্টি কৰে এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশ। বিশ্বাস কৰা হয় যে হৰি নাম শ্ৰৱণ, কীৰ্তন আৰু স্মৰণৰ জৰিয়তে মানুহে পাপৰ পৰা মুক্তি লাভ কৰি ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰে। ভাদ মাহৰ অষ্টমী তিথি আকৌ আনন্দ আৰু ভক্তিৰে ভৰা এক বিশেষ দিন এই দিনটোতেই অতি উলহ-মালহ আৰু ধৰ্মীয় আস্থাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। নামঘৰসমূহত নিশা জাগৰণ, নাম-কীৰ্তন, ভাগৱত পাঠ আৰু কৃষ্ণ বন্দনাৰে ভক্তসকলৰ মন প্ৰাণ ভৰি পৰে। জন্মাষ্টমীৰ পিছদিনা পালন কৰা হয় নন্দোৎসৱ। ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ আনন্দত যেন সমগ্ৰ সমাজেই আনন্দত মতলীয়া হৈ উঠে। শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই উৎসৱৰ আনন্দত অংশগ্ৰহণ কৰে। ভাদ মাহৰ আন এক উল্লেখযোগ্য দিশ হৈছে শৰাই আগবঢ়োৱাৰ পৰম্পৰা। ভক্তপ্ৰাণ লোকসকলে পৰিয়ালৰ সুখ-শান্তি, মংগল আৰু সমৃদ্ধিৰ কামনাৰে মাহ-প্ৰসাদ, ফল-মূল, চাউল, কল, নাৰিকল আদি বিভিন্ন সামগ্ৰীৰে শৰাই আগবঢ়াই গুৰু-ভগৱন্তৰ আশীৰ্বাদ গ্ৰহণ কৰে। এই পৰম্পৰাৰ মাজেৰে কেৱল ধৰ্মীয় বিশ্বাসেই নহয়, অসমীয়া মানুহৰ সৰলতা, শ্ৰদ্ধা, কৃতজ্ঞতা আৰু আধ্যাত্মিক চেতনাও প্ৰকাশ পায়। প্ৰকৃতিৰ দিশৰ পৰাও ভাদ মাহৰ আছে এক নিজস্ব সৌন্দৰ্য। বৰষুণে ধুই নিকা কৰা সেউজীয়া পথাৰ, গছ-লতিকাৰ সজীৱতা, আকাশত ভাহি ফুৰা শুভ্ৰ মেঘ আৰু চৌদিশে বিৰাজ কৰা শান্ত পৰিৱেশে ভাদ মাহক এক বিশেষ মাদকতা প্ৰদান কৰে। এই প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত নামঘৰৰ পৰা ভাহি অহা হৰিনামৰ ধ্বনি যেন মানুহৰ অন্তৰাত্মাক স্পৰ্শ কৰি যায়। বাহিৰৰ সেউজীয়া প্ৰকৃতি আৰু অন্তৰৰ ভক্তিৰস মিলি ভাদ মাহক কৰি তোলে অনন্য। ভাদ মাহ সেয়ে কেৱল অসমীয়া বৰ্ষপঞ্জীৰ এটি মাহ নহয়; ই অসমীয়া জাতিৰ আধ্যাত্মিক চেতনা, বৈষ্ণৱ সংস্কৃতি আৰু সামাজিক ঐক্যৰ এক জীৱন্ত প্ৰতীক। শ্ৰীকৃষ্ণৰ ভক্তি, শংকৰদেৱ-মাধৱদেৱৰ মহান আদৰ্শ, নামঘৰ-সত্ৰৰ পৰম্পৰা আৰু হৰিনামৰ মধুৰ ধ্বনিয়ে এই মাহক কৰি তুলিছে পৱিত্ৰ আৰু মহিমামণ্ডিত। ভাদ মাহৰ প্ৰতিটো পল যেন ভক্তিৰসেৰে সিক্ত, প্ৰতিটো নাম যেন প্ৰাৰ্থনাৰে ভৰা আৰু প্ৰতিখন হৃদয় যেন ঈশ্বৰৰ প্ৰেমত আপ্লুত। সঁচাকৈয়ে, ভাদ মাহ অসমীয়া জীৱনৰ এক অনুপম অনুভূতি। ইয়াত আছে ধৰ্মৰ পৱিত্ৰতা, সংস্কৃতিৰ ঐশ্বৰ্য, প্ৰকৃতিৰ সৌন্দৰ্য আৰু ভক্তিৰ মাধুৰ্য। হৰিনামৰ অমিয়া ধ্বনিৰে মুখৰিত এই পৱিত্ৰ মাহে মানুহৰ অন্তৰত শান্তি, ভক্তি আৰু মানৱতাৰ বীজ সিঁচি দিয়ে। সেয়েহে ভাদ মাহ কেৱল এটি মাহ নহয়। ই প্ৰতিজন অসমীয়াৰ হৃদয়ত যুগ যুগ ধৰি জীয়াই থকা এক “মাদকতাময় ভক্তিৰ ঋতু”।