আনে বেয়া বুলি ক’লেও এদিন যাবই লাগিব – ৰিতু ভৰালী

Pc Unsplash

আনে বেয়া বুলি ক’লেও এদিন যাবই লাগিব

ৰিতু ভৰালী,যোৰহাট

পুৰুষে কান্দিলে হেনো ভাল নেদেখি
সেইবাবেই হাঁহি দিছোঁ-এতিয়া..কাইলৈ আৰু আপুনি বিচৰা সময়লৈ
আপুনি কেৱল আপোনাৰখিনিকে বিচাৰি আছিল
মৰম-ভালপোৱা-ধন-সম্পত্তি এইবোৰ মকৰাজালৰ কথা;
মোক নালাগে।মৃত চিঠিত শান্তি ঘূৰি নাহে অথবা জীৱন।
আৰু মই!টেবলেটবোৰ গিলি দিছোঁ প্ৰতিদিনে,
অন্তত বিষবোৰে মোক গিলি নিদিয়্ক।
মোৰো মন যায় জী উঠি জীৱন জীয়াবলৈ।
মদবোৰ হজম কৰিব নোৱাৰো।সামাজিকযে, বহু কথাই থাকে।
নোৱাৰো,চিগাৰেটৰ ধোঁৱাবোৰ চোমগামৰ পিঠিত লুকুৱাই ৰাখিব।
আচলতে, বিবেক হেৰুৱাই দিয়াৰ কথাটো মানি ল’ব নোখোজোঁ;
অথচ বহুবাৰ ভাবিছোঁ।
এইবাৰ অলপ বেলেগকৈ ভাবিছোঁ-
আনে বেয়া বুলি ক’লেও মই এদিন যাবই লাগিব।