মৃতকৰ সংখ্যা ১,০০০ অতিক্রম

Pc The Statesman

মৃতকৰ সংখ্যা ১,০০০ অতিক্রম

ৰঙিলী বাৰ্ত্তাসেৱা- ভয়ংকৰ জলপ্রলয়ে নেপালত সৃষ্টি কৰা বিপৰ্যয় এতিয়াও দূৰ হোৱা নাই। প্রলয়ংকৰী বানত মৃতকৰ সংখ্যাই অতিক্ৰম কৰিছে ১,০০০ৰ ঘৰ। বৰ্তমানেও সন্ধানহীন হৈ আছে ৪ সহস্রাধিক। ইয়াৰ ভিতৰত ৩২০জন বিদেশী নাগৰিক। স্থানীয় ৰাইজে দাবী কৰা অনুসৰি নিখোজ হৈ থকা লোক ১৫ হাজাৰতকৈও বেছি হ’ব। সেই ফালৰ পৰা চাবলৈ গ’লে মহাপ্রলয়ত প্রাণহানি ঘটা লোকৰ সংখ্যা আৰু অধিক হ’ব পাৰে। প্ৰতিদিনেই বোকামাটি স্তৰৰ পৰা উদ্ধাৰ হৈ আছে ইটোৰ পাছত সিটোকৈ শৱ। বোকামাটিৰ তলত যে আৰু কিমানসংখ্যক লোকৰ মৃতদেহ আবদ্ধ হৈ আছে, সেয়া এতিয়াই নিশ্চিতকৈ ক’ব নোৱাৰি। সেয়া উদ্ধাৰ কৰিবলৈ হয়তো কিছুদিনৰ প্ৰয়োজন হ’ব। প্রলয়ংকৰী বানত নেপালৰ ৮খন জিলা সাংঘাতিক ধৰণে ক্ষতিগ্রস্ত হৈছে। বোকামাটি-জলস্রোতত নিশ্চিহ্ন হৈ পৰিছে এই জিলাকেইখনৰ বহু লোকালয়। পথ-দলং-আন্তঃগাঁথনি সম্পূৰ্ণৰূপে বিধ্বস্ত। নেপাল আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চিটোৱানত ২৭২টা, নুৱাকোটত ৯৫টা, খাদিঙত ৫৫টা, তানাহূত ৩৭টা, ৰসুৱাত ২৪টা, পূব নোৱালপার্চিত ২০৭টা, পশ্চিম নোৱালপাৰ্চিত ১৫১টা আৰু গোর্খা জিলাত ৬২টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভোটে কোশী আৰু ত্রিশূলী নদীৰ তীব্ৰ সোঁতত বহু লোকক কেইবা কিলোমিটাৰ উটুৱাই লৈ গৈছিল। যাৰ বাবে উদ্ধাৰ অভিযান যথেষ্ট কঠিন হৈ পৰিছে। আটাইতকৈ দুঃখজনক কথাটো হ’ল- মৃতদেহ উদ্ধাৰ কৰিলেও চিনাক্তকৰণ প্ৰক্ৰিয়াই অগ্রগতি লাভ কৰা নাই। অধিকাংশ শৱই নাই চিনাক্তকৰণ কৰিব পৰা অৱস্থাত। এনে অৱস্থাত ডিএনএৰ নমুনা সংগ্ৰহ কৰি মৃতদেহসমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছে। কিন্তু মৃতদেহসমূহ কিমান দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰিব, তাক লৈও বিমোৰত পৰিছে নেপাল প্রশাসন। কিয়নো মৃতদেহ ৰাখিবলৈ এতিয়া নেপালত মৰ্গৰ অভাৱ। অস্থায়ীভাৱে কেতবোৰ ঘৰত মৃতদেহ ৰখাৰ ব্যৱস্থা কৰা হৈছে যদিও দীর্ঘদিন সংৰক্ষণ কৰি ৰাখিবলৈ তাত আন্তঃগাঁথনিৰ অভাৱ। ইয়াৰ পৰিপ্ৰেক্ষিতত নেপাল চৰকাৰে ডিএনএ নমুনাসহ পর্যাপ্ত তথ্য সংগ্ৰহ কৰি মৃতদেহৰ গণসৎকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে নেপাল চৰকাৰে।