আন্ধাৰৰ সিপাৰে একাঁজলি ৰ’দ – অমূল্য চেতিয়া 

Pc StockCake

আন্ধাৰৰ সিপাৰে একাঁজলি ৰ’দ 

অমূল্য চেতিয়া 

শব্দবোৰ ৰংহীন
কঁপি উঠে কলম
কৰ্ণকুঁহৰত বাজে
বিভীষিকা কৰুণ সুৰ
ৰাতিবোৰ উজাগৰ
দিনত অকণমান সাহস
চকুপানীৰে বাট নেদেখা
ধূসৰ সময়
ভোকত আভোক এসাঁজ
পিয়াহত আতুৰ জল
ভঙা পঁজাত
হিয়াধাকুৰি কান্দোন
বুকু শুদা
ভঁৰালৰ সোণগুটিত ভেঁকুৰ
দুৰ্গন্ধত সহবাস
নাজল-নাথল ভাৱনা
সংগ্ৰামে আনিব শান্তি
আন্ধাৰৰ সিপাৰে একাঁজলি ৰ’দ
ভাগৰিলে নহ’ব এইয়াই জীৱন।