টোপনিৰ ভাওনা – বনজিত দাস

Pc Unsplash

টোপনিৰ ভাওনা 

বনজিত দাস,ৰিহাবাৰী , বজালী

টোপনি গ’লেই টোপনি অহা নুবুজায়
চকু জপালেই নিশা নাহে
কেতিয়াবা টোপনিৰ নিস্তব্ধতাৰ বুকুত
হাজাৰ শব্দই
উজাগৰে কথা কয় ।
মনটো শুই পৰিলেও
স্মৃতি বোৰে টোপনি নেযায়
অদৃশ্য কোলাহলত
এটা মানুহে
নিজৰ সৈতে নিজেই
গোটেই ৰাতি কথা পাতে ।
টোপনিৰ ভাও জুৰিলে
টোপনি অহা নুবুজায়
চকু জপালেই
সপোন দুৱাৰ নোখোলে ।
কানত সত্যৰ মাত
তথাপিও নুশুনাৰ ভাও
জগাবলৈ লাগে
সময়ৰ প্ৰচণ্ড আঘাত  ।
টোপনিৰ ভাও জুৰা মানুহক
জগাবলৈ মহা মস্কিল !