ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা নিৰ্মিত অসমীয়া পাণ্ডুলিপিৰ ডিজিটেল আৰ্কাইভ
ৰঙিলী বাৰ্ত্তাসেৱা- ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱে তেওঁলোকৰ ৱেবছাইট www.sankaradeva.comত অসমীয়া পাণ্ডুলিপিৰ এক ডিজিটেল আৰ্কাইভ তৈয়াৰ কৰিছে। নতুন দিল্লীৰ সুপৰিচিত ৱেব ডিজাইনাৰ অসীম দত্তই ৱেবছাইটৰ এই আৰ্কাইভটো তৈয়াৰ কৰিছে। ২০১২ চনত ৱেবছাইটটো আৰম্ভ হোৱাৰ পৰাই তেওঁ এইটো তদাৰক কৰি আহিছে।
পোনপ্ৰথমে ৱেবছাইটত চাৰিখন পাণ্ডুলিপি গোপী উদ্ধৱ সংবাদ, গীতা সৰ, নামঘোষা টিকা, আৰু উত্তৰকাণ্ড ৰামায়ণ আপলোড কৰা হৈছে। এই পাণ্ডুলিপিসমূহ ড° সঞ্জীৱ কুমাৰ বৰকাকতীৰ, আৰু এইবোৰ ঐতিহ্য বিশেষজ্ঞ মৃদু মৌচম বৰাৰ তত্বাৱধানত ডিজিটাইজ কৰা হৈছিল।
শেহতীয়াকৈ ছ’চাইটিয়ে উজনি অসমৰ বানত ক্ষতিগ্ৰস্ত হোৱা পাণ্ডুলিপিসমূহৰ উদ্ধাৰ আৰু সংৰক্ষণ অভিযান আৰম্ভ কৰিছে। এই পাণ্ডুলিপিসমূহো ডিজিটাইজ কৰি স্বত্বাধিকাৰীৰ উপযুক্ত অনুমতি সাপেক্ষে ৱেবছাইটত আপলোড কৰা হ’ব। মৃদু মৌচম বৰাৰ নেতৃত্বত সম্প্ৰতি এই পাণ্ডুলিপিসমূহৰ সংৰক্ষণৰ কাম চলি আছে।
উল্লেখ কৰিব পাৰি যে এই ৱেবচাইটটোৱে চৈধ্য বছৰ ধৰি কাম কৰি আছে। শংকৰদেৱ গৱেষণাত নিয়োজিত সকলোৰে বাবে ই এক প্ৰধান উৎস হৈ পৰিছে। ছ’চাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ সভাপতি ড০ সঞ্জীৱ কুমাৰ বৰকাকতীয়ে ইয়াৰ বিষয়বস্তু চোৱাচিতা কৰে, আনহাতে অসীম দত্তই কাৰিকৰী দিশৰ যত্ন লয়।
ইচ্ছুক লোকে https://sankaradeva.com/manuscripts/ ত ক্লিক কৰি পাণ্ডুলিপিসমূহ চাব পাৰে।
