মানসজ্যোতি চেতিয়াৰ দুর্ঘটনা স্থলী তন্ন তন্নকৈ পৰীক্ষা ফৰেনছিকৰ

মানসজ্যোতি চেতিয়াৰ দুর্ঘটনা স্থলী তন্ন তন্নকৈ পৰীক্ষা ফৰেনছিকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ৰহস্য উদ্‌ঘাটনৰ বাবে অসম চৰকাৰে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰাত তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই। গুৱাহাটীৰ পৰা অহা ফৰেনছিকৰ দল এটাই মানসজ্যোতি চেতিয়াৰ দুর্ঘটনা সংঘটিত হোৱা বিহুবৰ প্ৰজাবস্তি স্কুলৰ সন্মুখৰ পথত পৰি থকা তেজৰ নমুনা, মানসজ্যোতিৰ মটৰচাইকেল আদি তন্ন তন্নকৈ পৰীক্ষা কৰিছে। উল্লেখ্য যে নাজিৰা সমষ্টিৰ বানবিধ্বস্ত অঞ্চল বিহুবৰ নেপালীখুঁটিৰ আতাউৰ ৰহমান নামৰ ৯০ ঊর্ধ্বৰ ৰোগাক্রান্ত ব্যক্তিজনৰ তিনিজনীয়া পৰিয়ালটোৰ ঘৰ বানে উটুৱাই নিয়াৰ পিছৰ পৰাই অৰ্থাৎ ১৯ জুলাইৰ পৰা এমাহৰো অধিক দিন ‘এচাৰ’ নামৰ পেট্ৰ’ল ডিপো এটাৰ পকী ছাদৰ ওপৰত আছিল। এই দুৰ্ভগীয়া পৰিয়ালটোক কাষৰীয়া এটা পৰিয়ালে ঘৰ সাজিব নিদিয়াত তেল ডিপোটোতে থাকিব লগা হোৱাত এই বিষয়ে একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে স্থানীয়, কাষৰীয়া আদি ৰাইজৰ লগতে একাংশ সংগঠনৰ কর্মী আহি বানবিধ্বস্ত আশ্রয়হীন পৰিয়ালটোক তেওঁলোকৰ নিজা মাটিত ঘৰ সাজি থাকিবলৈ সুবিধা কৰি দিয়ে। ঘৰ সাজি থাকিবলৈ দিয়াৰ দিনাই নিশালৈ ৰোগাক্রান্ত তথা মুখেৰে মাতিব নোৱাৰা বয়োবৃদ্ধ আতাউৰ ৰহমানক কোনো লোকে বেয়াকৈ প্ৰহাৰ কৰি চকু ফুলাই দিয়াৰ লগতে হাত-ভৰি আদিত আঘাত কৰি ঘৰৰ পৰা ১০ ফুটমান আঁতৰত পেলাই থয় বুলি বৃদ্ধজনৰ কন্যাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। ইফালে এই ঘটনা প্ৰচাৰ হৈ পৰাত পিছদিনা নিশালৈ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানসজ্যোতি চেতিয়াই খবৰ কৰিবলৈ আহোঁতে চণ্টক প্রজাবস্তি স্কুলৰ সমীপত মটৰচাইকেলসহ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ পৰি থকা প্ৰত্যক্ষ কৰে সহকৰ্মী দুগৰাকীয়ে। ততাতৈয়াকৈ মানসজ্যোতিক নাজিৰাৰ পৰা ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে নি চিকিৎসা কৰোৱাই থকাৰ সময়তে মৃত্যুক আঁকোৱালি লয়। মানসজ্যোতি চেতিয়াৰ এই মৃত্যুক পৰিকল্পিত এক হত্যাকাণ্ড বুলি অভিযোগ তুলি বীৰ লাচিত সেনাই উক্ত দিনা নিশাই মৃতদেহ বিহুবৰলৈ নি হত্যাকাণ্ডত জড়িতৰ অভিযোগ তুলি আবিদূৰ ৰহমান নামৰ ব্যক্তিজনৰ গৃহলৈ নি থকাৰ অৱস্থাত বিহুবৰত মোতায়েন কৰি ৰখা বৃহৎ আৰক্ষীৰ দলে বাধা দি ওভতাবলৈ চেষ্টা কৰে। ফলত বীৰ লাচিত সেনাই ৪৮ ঘণ্টা সময় সীমা বান্ধি অপৰাধীক গ্ৰেপ্তাৰৰ দাবী জনাই মৃতদেহ ঘৰলৈ ওভতাই আনি নিশাই সম্পূর্ণ আহোম প্ৰথাৰে মৈদাম দিয়ে। ইফালে এই ঘটনাত জড়িতক শীঘ্ৰে আটক কৰাৰ দাবী জনোৱাৰ লগতে অন্যথা শিৱসাগৰত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৰ শৃংখল চলিহাই। উত্তপ্ত পৰিস্থিতি আৰু তদন্তৰ দাবীৰ প্রতি লক্ষ্য ৰাখি এই সমগ্ৰ ঘটনাৰ নিখুঁত তদন্তৰ ঘোষণা কৰে অসম চৰকাৰে। এই ঘোষণাৰ পিছতে বিহুবৰ আৰক্ষী থানাত ১০/২৬, ধাৰা ১০৩ (১)/৩(৫) বি এন এছৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ইফালে আই জি (ই আৰ) কে জে শইকীয়া, আইপিএছ, ডিআইজি, অসম আৰক্ষী হেডকোৱাৰ্টাৰৰ ড° ৰবীন কুমাৰৰ নেতৃত্বত গুৱাহাটীৰ পৰা অহা ফৰেনছিকৰ দলে মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদ্‌ঘাটনৰ বাবে আৰক্ষীয়ে সকলো দিশ সামৰি তদন্ত ক্ষিপ্ৰতৰ কৰি তুলিছে। তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে ঘটনাটো পথ দুর্ঘটনা নে পৰিকল্পিত আক্রমণ, সেয়া নিশ্চিত হ’ব। ইফালে বীৰ লাচিত সেনাই দাখিল কৰা অভিযুক্তসকল হৈছে-আবিদূৰ ৰহমান, চেলিমুৰ ৰহমান, হবিবুৰ ৰহমান, মকবুল ৰহমান, মুজ্জামিল ইছলাম, মুছিদা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, মছফিকা বেগম আৰু চবেৰা বেগম। এইসকল অভিযুক্তৰ ভিতৰত আটক কৰা পাঁচজন হ’ল ক্রমে চবেৰা বেগম, চেলিমা বেগম, আনোৱাৰা বেগম, আবিদূৰ ৰহমান, চেলিমুৰ ৰহমান লগতে বাকীকেইজনক বিচাৰি থকা হৈছে বুলি শিৱসাগৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।