অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- খাদ্যবস্তুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ দাম বৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্রাস কৰাৰ দাবীত বৃহস্পতিবাৰে শদিয়াৰ পৰা ধুবুৰীলৈ, উজনি-নামনিসহ সমগ্ৰ ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্র সন্থা, চমুকৈ আছুৱে। প্রতিখন জিলা সদৰত বিক্ষোভ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। সংগঠনটোৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই এই সন্দর্ভত কয় যে বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই-ছাই দাম। দাম বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজৰ জীৱন ধাৰণ দুর্বিষহ কৰি তুলিছে। সকলো স্তৰতে দাম বৃদ্ধি হৈছে। আছুৰ সভাপতি উৎপল শর্মাই এই সন্দর্ভত কয় যে যি সময়ত বানৰ বাবে অসমৰ তিনিখন জিলাৰ অর্থনীতি তচনত হৈ গৈছে, বহু ঠাই এতিয়াও বানৰ কবলত আছে, সেইখিনি সময়ত দাম হ্রাস কৰি ৰাইজক সকাহ দিব লাগিছিল। কিন্তু ইয়াৰ বিপৰীতে অবাধে বস্তুৰ দাম বাঢ়িহে গ’ল। পিঁয়াজ, চেনি, মিঠাতেল সাধাৰণ মানুহে ক্রয় কৰিব নোৱাৰা ধৰণে বাঢ়িছে। এইক্ষেত্রত যোগান বিভাগৰ অকর্মণ্যতাক একমুখে গৰিহণা দি তেওঁ কয় যে যোগান নামৰ বিভাগ এটাৰ অস্তিত্ব যে আছে সেয়া ৰাইজো বাদেই ব্যৱসায়ীসকলেও গম নাপায়। ব্ৰইলাৰ মাংস কিনিবলৈ গ’লেও তিনিখন বজাৰত পৃথক দাম পাব। ইয়াৰ অৰ্থ এয়ে যে কোনো নিয়ন্ত্রণ নাই। যাৰ যি মন যায় সেইধৰণে দাম সংগ্ৰহ কৰি আছে। যোগান নামৰ বিভাগ এটা কাগজে-পত্ৰই থাকিব পাৰে! কিন্তু তাৰ অস্তিত্ব বাস্তৱ ক্ষেত্ৰত নাই, বজাৰৰ মাজত নাই। সেয়ে জনসাধাৰণৰ বাজেটত তাৰ প্ৰভাৱ পৰা নাই। চৰকাৰে সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰিবই লাগিব। আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে। গতিকে এই পৰিস্থিতিত আন্দোলনৰ বাহিৰে আছুৰ আন বিকল্প নাই। চৰকাৰে এইক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি দাম হ্ৰাসৰ কাৰ্যকৰী পদক্ষেপ গ্রহণ কৰিবই লাগিব। জনসাধাৰণক অতিৰিক্ত আৰ্থিক বোজাৰ পৰা সকাহ দিবই লাগিব। চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্রহণ নকৰিলে আছুৱে পৰৱৰ্তী সময়ত অধিক কঠোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সন্থাই সকীয়াই দিছে।
