বন্যাক্ৰান্তৰ পুনৰ সংস্থাপনৰ দাবীত আটাছুৰ বিশাল প্রতিবাদী বিক্ষোভ

বন্যাক্ৰান্তৰ পুনৰ সংস্থাপনৰ দাবীত আটাছুৰ বিশাল প্রতিবাদী বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বানত বিধ্বস্ত হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰুপুনৰ সংস্থাপনৰ দাবীত টাই আহোম ছাত্ৰ সন্থাই শিৱসাগৰত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। ঐতিহাসিক শিৱদৌলৰ পৰা বিশাল প্রতিবাদী শোভাযাত্ৰাৰে শিৱসাগৰ জিলা আযুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হোৱাৰ পাছত প্রতিবাদী ৰাইজক উদ্দেশ্যি আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈয়ে কয় যে শিল-কয়লা খনন আৰু অবাধ বনধবংসৰ ফলত নাগালেণ্ডৰ পৰা অহা প্রলয়ংকৰী বানে ঐতিহাসিক শিৱসাগৰ আৰু চৰাইদেউ জিলাখন ধবংসস্তূপত পৰিণত কৰিলে। এই মহাতাণ্ডৱৰ পাছত এতিয়াও ৩০০ৰো অধিক লোকৰ মৃতদেহ পলস আৰু বোকাৰ মাজত সোমাই থকাৰ আশংকা কৰা হৈছে। এই জিলা দুখনৰ জনসাধাৰণ আর্থিকভাবে ২০ বছৰ পিছুৱাই গ’ল যদিও চৰকাৰে এইক্ষেত্ৰত গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। আটাছুৰ তৰফৰ পৰা আমি এই বিধ্বস্ত জিলা দুখনৰ জনসাধাৰণৰ পুনৰ সংস্থাপন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকাৰ কেন্দ্ৰীয় সাহায্যৰ দাবী জনাইছোঁ। চৰকাৰে যদি আটাছুৰ এই দাবীৰ প্ৰতি সঁহাৰি নিদিয়ে, তেন্তে অহা ১০ ছেপ্টেম্বৰত আটাছুৱে শিৱসাগৰত বিশাল গণ প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। তাৰ পিছতো যদি চৰকাৰে খিলঞ্জীয়া বন্যাক্রান্তসকলক গুৰুত্ব নিদিয়ে, তেন্তে আটাছুরে উজনি অসম বন্ধৰ দৰে কঠোৰ গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। আইআইটিৰ বিশেষজ্ঞৰ দ্বাৰা দিখৌ নৈৰ বক্ষ খনন নকৰাৰ লগতে ১৯৬০ চনতেই নির্মিত ভগ্ন আৰু দুৰ্বল মথাউৰিসমূহ পুনৰ নিৰ্মাণ নকৰাৰ ফলতেই শিৱসাগৰত হোৱা বিধ্বংসী বানে শ শ লোকৰ প্ৰাণ কাঢ়ি নিলে। এই বিপদৰ সময়ত ৰাজনীতিৰ ভেদাভেদ পাহৰি অখিল গগৈ, সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, ধৰ্মশ্বৰ কোঁৱৰৰ দৰে জনপ্রতিনিধিয়ে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা ১০ হাজাৰ কোটি টকাৰ বান সাহায্য আঁজুৰি আনিবলৈ দাবী জনায় বসন্ত গগৈয়ে। এই প্রতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনিৰুল ইছলাম বড়াই কয় যে বর্তমানেও শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বন্যাক্রান্ত ৰাইজে চৰকাৰৰৰ পৰা পাবলগীয়া ১৫ হাজাৰ টকাৰ বাবে আয়ুক্তৰ কার্যালয়লৈ তাঁত-বাতি কাঢ়িবলগীয়া হৈছে। চৰকাৰে অসমীয়া দুৰ্ভগীয়া লোকসকলক ভিক্ষাৰীৰ দৰে ব্যৱহাৰ কৰিছে। সেয়ে ৰাইজৰ মাজত প্রবল ক্ষোভৰ সৃষ্টি হৈছে। আটাছুৱে কৰা দাবী অনুসৰি, কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ বানবিধ্বস্ত ৰাইজৰ বাবে অতি সোনকালেই ১০ হাজাৰ কোটি টকা মোকলাই দিয়া উচিত বুলি মনিৰুল ইছলাম বড়াই মন্তব্য কৰে।