‘ন'(9) ৰ নান্দনিক বিন্যাস
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
এটা অংকৰে গঠিত ডাঙৰ সংখ্যাটোৱেই হৈছে 9 । বিজ্ঞানী নিকোলা টেছলাই কৈছিল – “যদি আপুনি 3,6,9 ৰ মহত্ব বুজি পায়, তেন্তে আপুনি বিশ্বব্ৰহ্মাণ্ডৰ চাবিকাঠি লাভ কৰিব”। ‘9’ সংখ্যাটো এক ৰহস্যময় আৰু ঐশ্বৰিক সংখ্যা বুলিও কোৱা হয়।
9 ৰ কেইটামান বৈশিষ্ট হৈছে –
1) যিকোনো সংখ্যৰ সৈতে 9 যোগ কৰিলে যোগফলত পুনৰ মূল সংখ্যা পোৱা যায়। যেনে
5+9=14 ; (1+4)=5
8+9=17; (1+7)=8
9 ৰ লগত এটা অংকৰে গঠিত সংখ্যা পূৰণ কৰিলে পূৰণফল নিজলৈকে ঘূৰি আহে। যেনে
1× 9 =↓09↑ ; 0+9=9
2× 9= 18 ; 1+8=9
…….
7× 9= 63 ; 6 +3=9
..
10× 9=↑90↓ ; 9+0=9
দুটা 9 ৰ লগত 1ৰ পৰা 10 লৈ পূৰণ কৰিলে পাম –
99 × 1=↑099 ↓ (9+9)=18
99 × 2=198 (1+9+8)=18
99× 3 = 297
99×4 =396
………………
99× 10=990 (9+9+0)=18
একেদৰে তিনিটা 9 ৰ লগত প্ৰথম দহটা স্বাভাৱিক সংখ্যাৰ পূৰণফল হ’ব
999×1=↑0999↓ (0+9+9+9)=27
999×2= 1998 (1+9+9+8)=27
999×3= 2997 (2+9+9+7)=27
999×4=3996
…..
999×10=9990 (9+9+9)=27
পূৰণ নকৰাকৈ পূৰণফল লিখাৰ কৌশলটো হৈছে- পূৰণফলৰ সংখ্যাটোত মাজত দুটা 99 আৰু বাঁৱে -সোঁৱে 0 ৰ পৰা 9 লৈ অংক কেইটা ক্ৰমে উৰ্দ্ধক্ৰম আৰু অধঃক্ৰমত বহুৱালেই হ’ব। একেদৰে 9999 বা 99999 ৰ পূৰণফল হ’ব
9999×1=09999
(0+9+9+9+9)=(36)
9999×2=19998
(1+9+9+9+8)=36
.……
9999×10=99990
দেখা যায় যে 1 ৰ পৰা 10 লৈকে 9, 99, 999 … ৰে পূৰণ কৰিলে পূৰণফলৰ অংক কেইটাৰ যোগফল ক্ৰমে 9 ৰ গুণিতক (9,18,27….)হয়। পাঁচটা 9 ৰ সৈতে 1ৰ পৰা 10 লৈ কৰা পূৰণটো তোমালোকৰ বাবে এৰিলোঁ।পূৰণ নকৰাকৈ পূৰণফল লিখিবা।
9 ৰ আন এক ৰহস্য ঃ
এটা অংকৰে গঠিত স্বাভাৱিক সংখ্যা কিমান টা? উত্তৰ 9 টা। এতিয়া দুটা, তিনিটা,চাৰিটা…অংকৰে গঠিত স্বাভাৱিক সংখ্যা কিমান হ’ব?
ধৰা হ’ল দুটা অংকৰে গঠিত স্বাভাৱিক সংখ্যা উলিয়াব লাগে।তাৰ বাবে দুটা অংকৰে গঠিত ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰি বিয়োগফলৰ লগত এক যোগ দিলে স্বাভাৱিক সংখ্যাৰ পৰিমাণ ওলাব। অৰ্থাৎ দুটা অংকৰে গঠিত ডাঙৰ সংখ্যা 99
দুটা অংকৰে গঠিত সৰু সংখ্যা 10
সংখ্যা দুটাৰ পাৰ্থক্য (99-10)=89+1=90 ।
তিনিটা অংকৰে গঠিত (100 ৰ পৰা 999 লৈ) মুঠ সংখ্যা হ’ব=900 । [(999-100)+1=900]
4টা অংকৰে গঠিত মুঠ স্বাভাৱিক সংখ্যা হ’ব 9000। কেনেকৈ পালোঁ উলিয়াই চাবাচোন।
সময় আৰু জ্যামিতিত 9 ৰ ৰহস্যঃ সম্পূৰ্ণ বৃত্ত 360°=3+6+0=9
অৰ্ধবৃত্ত 180°=1+8+0=9
সমকোণ 90°=9+0=9
45°=4+5=9 ।
এদিনত 86,400 চেকেণ্ড ,8+6+4+0+0=18=1+8=9। ৰহস্যময় সংখ্যা নহয় নে বাৰু ‘ন’!
