বাঁহ আৰু হস্তশিল্প উদ্যোগত কেৰিয়াৰৰ সম্ভাৱনা
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী
এডাল বাঁহ কাৰোবাৰ বাবে জীৱিকাৰ সম্বল, কাৰোবাৰ বাবে সৃষ্টিশীলতাৰ মাধ্যম আৰু আন কাৰোবাৰ বাবে সম্ভাৱনাময় ব্যৱসায়ৰ কেঁচামাল। অসমৰ গ্ৰামাঞ্চলৰ জীৱন-যাত্ৰা, সংস্কৃতি আৰু লোকঐতিহ্যৰ সৈতে বাঁহ-বেতৰ সম্পৰ্ক অতি গভীৰ। কুলা, চালনী, ঢাৰি, বিচনী, ডলা আদি ঘৰুৱা সামগ্ৰীৰ পৰা আৰম্ভ কৰি জাকৈ, পল, জুলুকি, ঠুঁহা আদি পৰম্পৰাগত মাছ ধৰা সঁজুলি; পালেং, চোফা, টেবুল, আলনা, মেজ, চকী আদি আচবাব; লগতে লেম্প, বেগ, ফুলদানি আৰু দেৱাল সজ্জাৰ সামগ্ৰীলৈকে বাঁহ-বেতে আমাৰ দৈনন্দিন জীৱন সমৃদ্ধ কৰি আহিছে।
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ চলি অহা এই পৰম্পৰাগত শিল্প এতিয়া সময়ৰ সৈতে নতুন ৰূপ লাভ কৰিছে। আধুনিক ডিজাইন, উন্নত প্ৰযুক্তি, সৃষ্টিশীল উদ্ভাৱন, ডিজিটেল বিপণন আৰু পৰিৱেশ-বান্ধৱ সামগ্ৰীৰ প্ৰতি বৃদ্ধি পোৱা চাহিদাই বাঁহ আৰু হস্তশিল্পক কেৱল পৰম্পৰাগত জীৱিকাৰ ক্ষেত্ৰ হিচাপে সীমাবদ্ধ ৰখা নাই। বৰং ই উদ্যোগ, আত্মনিয়োগ আৰু নতুন কেৰিয়াৰৰ এক সম্ভাৱনাময় ক্ষেত্ৰলৈ পৰিণত হৈছে।
বিশ্বজুৰি প্লাষ্টিকৰ বিকল্প, বহনক্ষম সামগ্ৰী আৰু হাতেৰে নিৰ্মিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱাৰ ফলত বাঁহৰ ব্যৱহাৰৰ পৰিসৰো যথেষ্ট বৃদ্ধি পাইছে। আচবাব, গৃহসজ্জা, পেকেজিং, নিৰ্মাণ, হোটেল-ৰেষ্টুৰেণ্ট, পৰ্যটন আৰু আধুনিক স্থাপত্যৰ বিভিন্ন ক্ষেত্ৰত বাঁহৰ ব্যৱহাৰ ক্ৰমাৎ বৃদ্ধি পাইছে। ফলত এই খণ্ডত দক্ষ যুৱক-যুৱতীৰ বাবে পৰম্পৰাগত কামৰ লগতে বহু নতুন কেৰিয়াৰৰ দুৱাৰ মুকলি হৈছে।
বাঁহ আৰু হস্তশিল্পৰ পৰিচিত বৃত্তিসমূহৰ ভিতৰত বাঁহ কাৰুকলা শিল্পী অন্যতম। দক্ষ শিল্পীয়ে বাঁহৰ পৰা খৰাহী, ট্ৰে, লেম্প, ফুলদানি, সজ্জাগত সামগ্ৰী আদি তৈয়াৰ কৰি নিজৰ সৃষ্টিশীলতাক উপাৰ্জনৰ উৎসলৈ ৰূপান্তৰিত কৰিব পাৰে। একেদৰে বাঁহ-বেতৰ আচবাব নিৰ্মাতাই আধুনিক ডিজাইনৰ সৈতে সামঞ্জস্য ৰাখি চকী, টেবুল, চোফা, শ্বেলফ আদি তৈয়াৰ কৰিব পাৰে।
আধুনিক উৎপাদন ব্যৱস্থাই আকৌ নতুন কাৰিকৰী দক্ষতাৰ প্ৰয়োজন সৃষ্টি কৰিছে। বাঁহৰ আচবাব কাৰিকৰে আধুনিক সঁজুলি আৰু নিৰ্মাণ পদ্ধতি ব্যৱহাৰ কৰি নিৰ্দিষ্ট ডিজাইন অনুসৰি সামগ্ৰী প্ৰস্তুত কৰে। বাঁহ প্ৰচেছিং মেচিন অপাৰেটৰে বাঁহ বিভাজন, কাটিং, স্লাইচিং, পলিচিং আদি বিভিন্ন যন্ত্ৰ পৰিচালনা কৰি বৃহৎ পৰিমাণে সামগ্ৰী উৎপাদনত সহায় কৰে।
উৎপাদিত সামগ্ৰীৰ স্থায়িত্ব আৰু মান নিশ্চিত কৰাৰ বাবেও বিশেষজ্ঞৰ প্ৰয়োজন হয়। বাঁহ সংৰক্ষণ কাৰিকৰে পোক-পৰুৱা, আৰ্দ্ৰতা আৰু পচনৰ পৰা বাঁহক সুৰক্ষিত কৰাৰ বাবে উপযুক্ত পদ্ধতি প্ৰয়োগ কৰে। আনহাতে, গুণগত মান পৰিদৰ্শকে সামগ্ৰীৰ জোখ, শক্তি, ফিনিচিং আৰু সামগ্ৰিক গুণগত মান পৰীক্ষা কৰে।
বাঁহ এতিয়া কেৱল সৰু ঘৰুৱা সামগ্ৰী নিৰ্মাণতে সীমাবদ্ধ হৈ থকা নাই। পৰিৱেশ অনুকূল নিৰ্মাণৰ প্ৰতি আগ্ৰহ বৃদ্ধি পোৱাৰ লগে লগে বাঁহ নিৰ্মাণ কাৰিকৰ, বাঁহৰ মজিয়া আৰু পেনেল টেকনিচিয়ান আদিৰ দৰে পেছাৰ গুৰুত্ব বৃদ্ধি পাইছে। এই দক্ষ কৰ্মীসকলে বাঁহ ব্যৱহাৰ কৰি কটেজ, বেৰ, পাৰ্ক, সৰু স্থাপনা, মজিয়া, পেনেল আৰু অন্যান্য নিৰ্মাণ সামগ্ৰী প্ৰস্তুত কৰিব পাৰে।
একেদৰে প্লাষ্টিকৰ বিকল্প হিচাপে বাঁহৰ পেকেজিঙৰ চাহিদাও বৃদ্ধি পাইছে। খাদ্য, উপহাৰ, দৈনন্দিন সামগ্ৰী আৰু বিভিন্ন বাণিজ্যিক সামগ্ৰীৰ বাবে বাঁহভিত্তিক পেকেজিং প্ৰস্তুত কৰি পৰিৱেশ-বান্ধৱ বিকল্প আগবঢ়াব পাৰি। এই ক্ষেত্ৰত প্ৰযুক্তিগত জ্ঞান, ডিজাইন আৰু গুণগত মানৰ সমন্বয় অতি গুৰুত্বপূৰ্ণ।
হস্তশিল্পৰ ভৱিষ্যৎ কেৱল পৰম্পৰাগত আৰ্হিৰ মাজতে সীমাবদ্ধ নহয়। বৰ্তমানৰ গ্ৰাহকে পৰম্পৰা আৰু আধুনিকতাৰ সুন্দৰ সমন্বয় বিচাৰে। সেয়েহে হস্তশিল্প ডিজাইনাৰৰ চাহিদা বৃদ্ধি পাইছে। গ্ৰাহকৰ পছন্দ, বজাৰৰ ধাৰা আৰু ব্যৱহাৰিক প্ৰয়োজনীয়তা বিবেচনা কৰি তেওঁলোকে নতুন সামগ্ৰী, আকাৰ আৰু নক্সা বিকশিত কৰিব পাৰে।
বাঁহ, কাঠ আৰু অন্যান্য প্ৰাকৃতিক সামগ্ৰীৰে খেলনা, বাদ্যযন্ত্ৰ, সজ্জা সামগ্ৰী আৰু জীৱনশৈলীৰ সামগ্ৰী নিৰ্মাণৰো যথেষ্ট সম্ভাৱনা আছে। আধুনিক ব্ৰেণ্ডিং, পেকেজিং আৰু প্ৰডাক্ট প্ৰেজেণ্টেচনৰ সৈতে এই সামগ্ৰীসমূহ সংযুক্ত কৰিব পাৰিলে স্থানীয় শিল্পই বহল বজাৰ লাভ কৰিব পাৰে।
বাঁহ উদ্যোগৰ আৰম্ভণি কেঁচামালৰ পৰা। সেয়েহে বাঁহ নাৰ্চাৰী টেকনিচিয়ান, ৰোপণ আৰু নাৰ্চাৰী ব্যৱস্থাপনা আদি ক্ষেত্ৰতো কেৰিয়াৰৰ সুযোগ আছে। উন্নত জাতৰ বাঁহ উৎপাদন, নাৰ্চাৰী পৰিচালনা আৰু সুসংগঠিত ৰোপণ ব্যৱস্থাই সমগ্ৰ উদ্যোগটোৰ ভিত্তি শক্তিশালী কৰে।
ইয়াৰ ফলত বাঁহ খেতিৰ পৰা আৰম্ভ কৰি প্ৰক্ৰিয়াকৰণ, সামগ্ৰী নিৰ্মাণ, ডিজাইন, পেকেজিং, বিপণন আৰু বিক্ৰীলৈকে এটা সম্পূৰ্ণ মূল্য শৃংখল গঢ়ি তুলিব পাৰি। অৰ্থাৎ কেঁচামাল উৎপাদনৰ পৰা চূড়ান্ত গ্ৰাহকৰ হাতত সামগ্ৰী উপনীত হোৱালৈকে প্ৰতিটো পৰ্যায়তে নতুন কৰ্মসংস্থাপন আৰু উদ্যোগৰ সুযোগ সৃষ্টি হয়।
এই খণ্ডৰ অন্যতম বিশেষ সুবিধা হ’ল ইয়াত চাকৰিৰ লগতে স্ব-নিয়োজন আৰু উদ্যোগিতাৰো যথেষ্ট সুযোগ আছে। দক্ষ ব্যক্তিয়ে বাঁহৰ আচবাব, গৃহসজ্জাৰ সামগ্ৰী, হস্তশিল্প, পেকেজিং, নাৰ্চাৰী বা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰি নিজা উদ্যোগ আৰম্ভ কৰিব পাৰে।
ডিজিটেল মাৰ্কেটিং আৰু ই-কমাৰ্চে এই সম্ভাৱনাক আৰু অধিক বিস্তৃত কৰিছে। অনলাইন প্লেটফৰ্মৰ জৰিয়তে স্থানীয় বজাৰৰ সীমা অতিক্ৰম কৰি দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকক সামগ্ৰী বিক্ৰী কৰিব পাৰে। হস্তশিল্প বিপণন আৰু ই-কমাৰ্চৰ সৈতে জড়িত পেছাদাৰীসকলে প্ৰডাক্ট ফটোগ্ৰাফী, ব্ৰেণ্ডিং, অনলাইন প্ৰচাৰ, গ্ৰাহক সেৱা আৰু ডিজিটেল বিক্ৰীৰ জৰিয়তে উদ্যোগটোক নতুন বজাৰলৈ লৈ যাব পাৰে।
হোটেল, ইক’-টুৰিজম প্ৰকল্প, ইণ্টেৰিয়ৰ ডিজাইন প্ৰতিষ্ঠান, হস্তশিল্প সমবায়, এনজিঅ’ আৰু গ্ৰামোন্নয়ন প্ৰকল্পতো এই ক্ষেত্ৰৰ দক্ষ ব্যক্তিৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ আছে।
এই খণ্ডত প্ৰৱেশ কৰিবলৈ সদায় উচ্চ শিক্ষাৰ প্ৰয়োজন নহয়। বাঁহ প্ৰযুক্তি, হস্তশিল্প, ফাৰ্নিচাৰ নিৰ্মাণ, কাঠৰ কাম আদি বিষয়ত চাৰ্টিফিকেট বা আইটিআই প্ৰশিক্ষণৰ জৰিয়তে ব্যৱহাৰিক দক্ষতা আহৰণ কৰিব পাৰি। আগ্ৰহী শিক্ষাৰ্থীয়ে বাঁহ প্ৰযুক্তি, ফাৰ্নিচাৰ ডিজাইন, প্ৰডাক্ট ডিজাইন আদি বিষয়ত ডিপ্লমা বা উচ্চতৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে।
দক্ষতা বিকাশ কাৰ্যসূচী, এপ্ৰেণ্টিছশ্বিপ আৰু বিভিন্ন বৃত্তিমূলক প্ৰশিক্ষণৰ জৰিয়তেও উদ্যোগটোৰ প্ৰয়োজনীয় ব্যৱহাৰিক জ্ঞান লাভ কৰিব পাৰি। আনহাতে, ডিজাইন, বন, স্থাপত্য, অভিযান্ত্ৰিক, প্ৰডাক্ট ডিজাইন বা গ্ৰাম্য উন্নয়নৰ দৰে বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিলে গৱেষণা, ডিজাইন, প্ৰযুক্তি আৰু পৰিচালনাৰ ক্ষেত্ৰত অধিক উন্নত সুযোগ লাভ কৰিব পাৰি।
বাঁহ আৰু হস্তশিল্পৰ ভৱিষ্যৎ বহুলাংশে নিৰ্ভৰ কৰিব পৰম্পৰাগত জ্ঞান আৰু আধুনিক প্ৰযুক্তিৰ সফল সংমিশ্ৰণৰ ওপৰত। কেড , ৩ ডি মডেলিং, চিএনচি, আধুনিক প্ৰচেছিং প্ৰযুক্তি, ডিজিটেল ব্ৰেণ্ডিং আৰু ই-কমাৰ্চে ইতিমধ্যে উৎপাদন আৰু বিপণনৰ পদ্ধতিত পৰিৱৰ্তন আনিছে।
ভৱিষ্যতে কাৰিকৰীভাৱে তৈয়াৰী বাঁহৰ সামগ্ৰী, বাঁহৰ কম্পোজিট, বাঁহভিত্তিক আৱাস, পৰিৱেশ অনুকূল পেকেজিং, সেউজ নিৰ্মাণ, বহনক্ষম ইণ্টেৰিয়ৰ ডিজাইন আৰু ক্ৰাফ্ট টুৰিজমৰ দৰে ক্ষেত্ৰ অধিক বিকশিত হোৱাৰ সম্ভাৱনা আছে। এই পৰিৱৰ্তনৰ মূল প্ৰত্যাহ্বান হ’ব পৰম্পৰাগত কাৰিকৰী জ্ঞানক আধুনিক প্ৰযুক্তি আৰু বজাৰৰ চাহিদাৰ সৈতে সফলভাৱে সংযোগ কৰা।
বাঁহ-বেতৰ চহকী সম্পদ, পৰম্পৰাগত কাৰিকৰী জ্ঞান আৰু বৈচিত্ৰময় লোকশিল্পৰ বাবে অসমৰ এই খণ্ডটো বিশেষ সম্ভাৱনাময়। স্থানীয় বাঁহৰ আচবাব, গৃহসজ্জাৰ সামগ্ৰী, উপহাৰ সামগ্ৰী, পেকেজিং, পৰ্যটন-সম্পৰ্কীয় সামগ্ৰী আৰু আধুনিক জীৱনশৈলীৰ সামগ্ৰীৰ বজাৰ বৃদ্ধি কৰিব পাৰিলে স্থানীয় শিল্পী আৰু নিৰ্মাতাৰ আয় বৃদ্ধি পোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিও শক্তিশালী হ’ব।
ক্ৰাফ্ট টুৰিজম আৰু ই-কমাৰ্চৰ সমন্বয় ঘটাই অসমৰ পৰম্পৰাগত সামগ্ৰী দেশ-বিদেশৰ গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাৰ যথেষ্ট সুযোগ আছে। ইয়াৰ ফলত যুৱক-যুৱতীৰ আত্মনিয়োগ, মহিলা সৱলীকৰণ, গ্ৰাম্য উদ্যোগৰ বিকাশ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ—সকলো দিশতে ইতিবাচক প্ৰভাৱ পৰিব পাৰে।
এডাল বাঁহৰ মূল্য কেৱল কেঁচামাল হিচাপে সীমাবদ্ধ নহয়। সঠিক দক্ষতা, সৃষ্টিশীল ডিজাইন, আধুনিক প্ৰযুক্তি আৰু বজাৰৰ সৈতে সংযোগ ঘটাব পাৰিলে ইয়াৰ মূল্য বহুগুণে বৃদ্ধি কৰিব পাৰি। সেই অৰ্থত বাঁহ আৰু হস্তশিল্প এতিয়া কেৱল পৰম্পৰাগত জীৱিকাৰ মাধ্যম নহয়; ই দক্ষতা, সৃষ্টিশীলতা, প্ৰযুক্তি আৰু উদ্যোগিতাৰ সমন্বয়ে গঢ় লৈ উঠা এক সম্ভাৱনাময় কেৰিয়াৰ খণ্ড।
যিসকল যুৱক-যুৱতীৰ হাতে-কামে কৰাৰ আগ্ৰহ, নতুন সামগ্ৰী সৃষ্টি কৰাৰ সৃষ্টিশীলতা আৰু নিজাকৈ কিবা এটা গঢ়ি তোলাৰ মানসিকতা আছে, তেওঁলোকৰ বাবে এই খণ্ডত চাকৰি, স্ব-নিয়োজন আৰু উদ্যমিতা—তিনিওটা পথেই মুকলি। অসমৰ বাঁহ আৰু হস্তশিল্পৰ সমৃদ্ধ ঐতিহ্যক আধুনিক প্ৰযুক্তি আৰু বিশ্ববজাৰৰ সৈতে সংযোগ কৰিব পাৰিলে এই পৰম্পৰা ভৱিষ্যতৰ এক শক্তিশালী অৰ্থনৈতিক আৰু কেৰিয়াৰ সম্ভাৱনালৈ পৰিণত হ’ব পাৰে। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।
