২৫ আগষ্টৰ পৰা ৭২ ঘণ্টীয়া অ’এনজিচি বন্ধ ঘোষণা আটাছুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তেল আৰু প্রাকৃতিক গেছ নিগম লিমিটেড (অ’এনজিচিএল) ৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)। বিশেষকৈ শিৱসাগৰৰপৰা অ’ এন জি চিয়ে কাৰ্যালয় স্থানান্তৰ কৰা, বিগত ১২ বছৰে এজনো থলুৱা যুৱক-যুৱতীক নিযুক্তি প্রদান নকৰা, নিযুক্তি প্ৰক্ৰিয়া বন্ধৰখাৰ ফলত শিক্ষিত যুৱক-যুৱতীসকল নিবনুৱা হৈ পৰাৰ বিৰুদ্ধে আটাছুই তীব্র ক্ষোভ প্রকাশ কৰিছে। শিৱসাগৰত এক সংবাদমেল আয়োজন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে কয় যে অসমৰ হাজাৰ হাজাৰ শিক্ষিত যুৱক-যুৱতীয়ে এতিয়া কৰ্ম সংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ গৈ তাৰ কোনো কোনো কোম্পানীত চকীদাৰ কৰিব লগাত পৰিছে। কিন্তু অ’এনজিচিত হাজাৰ হাজাৰ পদ খালী থকাৰ পিছতো অ’এনজিচি কর্তৃপক্ষই আজিলৈকে এই খালী পদসমূহত স্থানীয় শিক্ষিত যুৱক-যুৱতীক নতুনকে নিযুক্তি দিয়া নাই। যি নতুন নিযুক্তি অ’এনজিচিত হৈছে, এইয়া অসমৰ বাহিৰত আৰু অসমৰ বাহিৰৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে। অ’এনজিচি অসম সম্পদে অসমক লৈ কৰি অহা প্ৰৱঞ্চনাৰ বাবে ইতিমধ্যে আটাছুৱে প্রতিবাদ সাব্যস্ত কৰিছিল। কিন্তু বানৰ বাবে এই প্রতিবাদ স্থগিত ৰখা হৈছিল যদিও এতিয়া পুনৰ এই কাৰ্যসূচী আটাছুৱে আৰম্ভ কৰিব লৈছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আগন্তুক ২৫ আগষ্টৰ পৰা আটাছুরে ৭২ ঘণ্টীয়া অ’এনজিচি বন্ধৰ কাৰ্যসূচী হাতত লৈছে। অ’এনজিচি অসম সম্পদে অসমৰ পৰা খাৰুৱা তেল উৎপাদন চলাই থাকি লাভৰ মুখ দেখি আহিছে যদিও অসম আৰু অসমীয়াৰ বাবে কোনো উন্নয়নমূলক কাম কৰা নাই। এটা এটা কৈ অ’এনজিচি অসম সম্পদে কার্যালয়সমূহ অসমৰ পৰা স্থানান্তৰিত কৰিছে। অ’এনজিচিয়ে থলুৱা নিযুক্তি বন্ধ কৰিছে। সামাজিক দায়বদ্ধতাৰ শিতানত অ’এনজিচিয়ে অসমত ব্যয় কৰা ধন বন্ধ কৰিছে। গতিকে এইবোৰ কাৰণত থলুৱাৰ অধিকাৰ বিচাৰি কৰা এই আন্দোলনত সকলোৰে সহযোগিতা কামনা কৰে সভাপতিগৰাকীয়ে। ২৫ আগষ্টৰ পৰা হ’বলগীয়া অ’এনজিচি বন্ধত খনন-উৎপাদনৰ লগত জড়িত সকলো ব্যক্তিগত ৰীগৰ মালিকসকলৰ লগতে অ’এনজিচিৰ লগত জড়িত সকলো সন্থা-ব্যক্তিক সহযোগ কৰিবলৈ আহ্বান জনাইছে আটাছুৱে। ইফালে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ শেহতীয়া বান প্রাকৃতিক ৰূপ নহয়, ই এক মানৱসৃষ্ট মহাপ্রলয় বুলি আখ্যা দিয়ে বসন্ত গগৈয়ে। তেওঁ লগতে কয় যে এই বানে দুয়োখন জিলাকে অর্থনৈতিক আৰু সামাজিকভাবে প্রায় ২০ বছৰ পিছুৱাই লৈ গৈছে। ১৯ জুলাইৰ পৰা হোৱা বানে সমগ্র জনজীৱন, অর্থনীতি আৰু খেতি-বাতি সম্পূৰ্ণৰূপে তচনচ কৰি পেলাইছে। জিলা দুখনক পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰে পলম নকৰি ১০,০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰিব লাগে। বানত ক্ষতিগ্রস্ত লোকসকলৰ ঘৰ-দুৱাৰ, নথি-পত্র, আচবাব আৰু খেতি পথাৰ ধ্বংস হৈ পৰিছে। চৰকাৰে ঘোষণা কৰা ১৫,০০০ টকাৰ সাহায্য এতিয়ালৈকে বহু ভুক্তভোগীসকলে পোৱা নাই। ইফালে দিখৌ নদীৰ ১৮ কিঃমিঃ দৈৰ্ঘ্যৰ মুকলি অংশৰে পানী সোমাই এই প্লাৱনৰ সৃষ্টি কৰিছে বুলি সংবাদ মেলত জানিবলৈ দিয়ে আটাছু নেতাগৰাকীয়ে। তেওঁ কয় যে, ১৯৫০-১৯৬০ চনতে নির্মিত পুৰণি মথাউৰিসমূহৰ বহন ক্ষমতা হ্রাস পাইছে। দিখৌ নদীৰ বক্ষ খনন কৰা আৰু ১৮ কিঃমিঃ অংশত নতুন মথাউৰি নিৰ্মাণৰ স্পষ্ট প্রতিশ্রুতি চৰকাৰে দিব লাগিব। ইফালে দৰিকা নদীৰ মাত্র ১৪ কিঃমিঃ অংশতহে মথাউৰি আছে। IIT-ৰ বিশেষজ্ঞ আনি বাকী অংশতো মথাউৰি নিৰ্মাণৰ পৰিকল্পনা কৰিব লাগে।
