ৰূপনগৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰূপনগৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে গুৱাহাটী মহানগৰীৰ ৰূপনগৰত নিৰ্মাণ কৰা কামৰূপ মহানগৰ জিলাৰ সংহত জিলা আয়ুক্তৰ কাৰ্যালয় ভৱনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ।  প্ৰায় ১২,৭০০ বর্গকিলোমিটাৰ এলেকা সামৰি ৮১.২০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা জিলা আযুক্তৰ এই সংহত কাৰ্যালয়টোৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ প্রশাসনিক দিশ শক্তিশালী কৰাই নহয়, সাধাৰণ ৰাইজৰ সমস্যা সমাধানৰো বিশেষ লক্ষ্য স্থিৰ কৰা হৈছে। তিনিমহলীয়া ভৱনটো ভবিষ্যতে প্রয়োজন অনুসৰি আৰু দুটা মহলালৈ সম্প্ৰসাৰণ কৰাৰ ব্যৱস্থাও ৰখা হৈছে । সেউজ শক্তিক প্রাধান্য দি এই ভৱনত ৩৫০ কিলোৱাট ক্ষমতাৰ সৌৰ শক্তি ব্যৱস্থা সংস্থাপন কৰা হৈছে, য’ত অতিৰিক্ত আৰু ১০০ কিলোৱাট বিদ্যুৎ সংযোজন কৰাৰ সুবিধাও মুকলি ৰখা হৈছে । উল্লেখ্য যে ২০২৩ চনৰ ৫ জানুৱাৰীত বিকাশৰ বাবে এদিন কাৰ্যসূচীৰ অন্তৰ্গত ৰূপনগৰত জিলা আয়ুক্তৰ সংহত কাৰ্যালয় ভৱনটো নিৰ্মাণৰ শিলান্যাস কৰা হৈছিল।  এই উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয়- এসময়ত পাণবজাৰত থকা কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়তো যথেষ্ট সৰু আছিল আৰু ব্ৰহ্মপুত্ৰৰ নদীৰ পাৰ মুকলি কৰাৰ স্বাৰ্থত ইয়াক সাময়িকভাবে হেঙেৰাবাৰীলৈ স্থানান্তৰ কৰা হৈছিল। ২০২৩ চনৰ ৫ জানুৱাৰীত পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই ৰূপনগৰত এটা আহল-বহল সংহত জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ শিলান্যাস কৰা হয়।

বিকাশৰ বাবে এদিন কাৰ্যসূচীৰ অধীনত কামৰূপ মহানগৰ জিলাৰ প্ৰায় ২ হাজাৰ কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া ৭টা প্ৰকল্পৰ শিলান্যাস কৰা হৈছিল। এই প্রকল্পকেইটাৰ ভিতৰত খাৰঘুলিত নিৰ্মাণ কৰা নতুন ৰাজভৱন, খানাপাৰাত নিৰ্মাণ কৰা আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন, ৫ হাজাৰ আসনবিশিষ্ট জ্যোতি-বিষ্ণু আন্তর্জাতিক কলাকেন্দ্ৰ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত নিৰ্মাণ কৰা ৮০০ আসনবিশিষ্ট শ্রীশ্রী দামোদৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহ ইতিমধ্যে ৰাইজৰ সেৱাত উৎসর্গিত কৰা হৈছে। আনহাতে বেতকুছিত নিৰ্মাণ কৰি থকা সংহত সঞ্চালকালয় চৌহদ আৰু গুৱাহাটী আৰক্ষী ৰিজাৰ্ভৰ পুনৰ উন্নয়ন প্রকল্প সম্পূর্ণ হোৱাৰ পথত আগবাঢ়িছে। মুখ্যমন্ত্রী হিচাপে শিলান্যাস কৰা সংহত জিলা আযুক্ত কার্যালয়টো উদ্বোধন কৰিবলৈ সুযোগ পোৱাৰ বাবে আজি সন্তুষ্টি প্রকাশ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয়- এই উদাহৰণেই প্রমাণ কৰিছে যে চৰকাৰখনে যি প্রতিশ্রুতি দিয়ে তাক নির্দিষ্ট সময়ত পালন কৰে। কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ইতিহাস বৰ্ণনা কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই তেওঁৰ ভাষণত কয়- ১৯৫৪ চনত তদানীন্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ কাৰ্যকালত পাণবজাৰত নিৰ্মাণকাৰ্য আৰম্ভ হোৱা কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়টো ১৯৫৬ চনৰ ১২ জুনত উদ্বোধন কৰা হৈছিল। এই কাৰ্যালয়ৰ পৰাই পৰিচালিত জিলাখন পৰৱৰ্তী সময়ত বিভক্ত হৈ কামৰূপ, কামৰূপ মহানগৰ, বৰপেটা, নলবাৰী আৰু বজালী জিলা গঠন হ’ল। ২০১৪ চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈ নৰেন্দ্ৰ মোদীয়ে ন্যূনতম চৰকাৰ আৰু সৰ্বাধিক প্রশাসনৰ যি আহ্বান জনাইছিল, সেই অনুসৰিয়ে ২০২১ চনত মুখ্যমন্ত্ৰী হোৱাৰ পিছত জনতা ভৱনলৈ দর্শনার্থী কিমান আহে আৰু কিয় আহে তাৰ এক সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষা অনুসৰি সেই সময়ত জনতা ভৱনলৈ দৈনিক গড়ে ৭-৮ হাজাৰ মানুহ বিভিন্ন কাম লৈ আহিছিল। ২০২২ চনত প্রশাসনিক সংস্কাৰৰ জৰিয়তে বহু কাম সমাধান কৰাৰ ক্ষমতা সচিবালয়ৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়, মুখ্য অভিযন্তাৰ কাৰ্যালয় বা সঞ্চালকালয়লৈ হস্তান্তৰ কৰা হৈছিল। ফলত সচিবালয়ৰ দৰ্শনাৰ্থীৰ সংখ্যাও হ্রাস পাইছিল।

মুখ্যমন্ত্রীয়ে কয়- চৰকাৰী কামত প্রয়োজন হোৱা মাটি আবণ্টন দিয়াৰ ক্ষমতা এতিয়া জিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰা হৈছে। চৰকাৰে পূৰ্বে প্রচেষ্টা লোৱাৰ পিছতো অসম সচিবালয়ত এতিয়াও বহু ফাইল বা আবেদন জমা হৈ আছে। ইয়াৰ সমাধানৰ অংশ হিচাপে জিলা আয়ুক্তক অধিক ক্ষমতা দি সচিবালয়ৰ বহু কাম আয়ুক্তলৈ হস্তান্তৰ কৰা হৈছে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কামৰ বোজা বা নিষ্পত্তি নোহোৱাকৈ থকা ফাইলৰ সংখ্যা কমাবলৈ সমজিলা কার্যালয়কো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা দিয়া হৈছে। সচিবালয়ৰ পৰা বিকেন্দ্ৰীকৰণ হোৱা ক্ষমতা জিলা আযুক্তৰ কাৰ্যালয়ত যাতে কেন্দ্ৰীভূত নহয়, তাৰ প্রতি চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে। মুখ্যমন্ত্রীয়ে কয়- ৰাইজে যাতে সহজে উপকৃত হয়, সেয়াই চৰকাৰৰ উদ্দেশ্য। এই লক্ষ্যৰে গুৱাহাটীৰ কেইবাটাও স্থানত মাটি, ফ্লেট আদিৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰা হ’ব। এই কেন্দ্রসমূহত একোগৰাকী উপ-পঞ্জীয়ক থাকিব। ইয়াত ৰাইজে সহজে পঞ্জীয়নৰ কাম কৰিব পাৰিব। একেদৰে চৰকাৰৰ বহু কাম নাগৰিকৰ দুৱাৰমুখলৈ নিবলৈ বিচৰা হৈছে। ৰাইজক বিশ্বাসত লৈ আগবাঢ়িলে চৰকাৰী কাৰ্যালয়লৈ ৰাইজ অহাৰ পৰিৱৰ্তে চৰকাৰ কাষত থাকিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়লৈ ৰাইজ কিয় আহে, তাৰ এক সমীক্ষা কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়- কার্যালয়লৈ নহাকৈ যদি ৰাইজে সুবিধা লাভ কৰে, সেয়াই চৰকাৰৰ আটাইতকৈ ডাঙৰ সফলতা হ’ব। অসমৰ সকলো জিলা আযুক্তৰ কাৰ্যালয় সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ডাঙৰ কাৰ্যালয়ৰ জৰিয়তে বিষয়া-কৰ্মচাৰীসকলৰ বাবে কাম কৰাৰ এটা সুন্দৰ পৰিৱেশ গঢ় দিবলৈ বিচৰা হৈছে। এই কার্যালয়ত জ্যেষ্ঠ নাগৰিকসকলে যাতে উপযুক্ত আদৰ-সন্মান পায়, তাক নিশ্চিত কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়। এই প্রসংগত মুখ্যমন্ত্রীয়ে স্পষ্ট কৰে যে কাম হওক বা নহওক, কার্যালয়লৈ আহিলে বয়োজ্যেষ্ঠ লোকসকলে সন্মান পাব লাগিব। ইয়াৰ বাবে আয়ুক্তৰ এই কাৰ্যালয়ৰ প্ৰতিটো কোঠা আৰু বাৰাণ্ডাত চিচি টিভি কেমেৰা থাকিব লাগে। বয়োজ্যেষ্ঠ লোকসকলে যাতে থিয় হৈ থাকিব নালাগে, সেই দিশত আয়ুক্তক ব্যৱস্থা গ্রহণ কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে। যদি কোনো জ্যেষ্ঠজনে থিয় হৈ আছে চিচি টিভি কেমেৰাত চাই আয়ুক্তই লগে লগে বিষয়টোত হস্তক্ষেপ কৰিব। মুখ্যমন্ত্ৰীয়ে বিষয়া-কর্মচাৰীসকলক সময়মতে নিজৰ দায়িত্ব সম্পাদন কৰিবলৈ আহ্বান জনাই কয়- আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ পৰৱৰ্তী পৰ্যায়ত সকলো বিভাগৰ এটা সংহত কাৰ্যালয় নিৰ্মাণৰ পদক্ষেপ লোৱা হ’ব। কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিধায়কসকলৰ বাবেও এটা কোঠাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ প্রদান কৰে। তদুপৰি সংহত জিলা আয়ুক্তৰ কাৰ্যালয়টোৰ কাষতে থকা জলাশয়টো সংৰক্ষণ কৰিবলৈ মুখ্যমন্ত্রীয়ে জিলা আয়ুক্ত আৰু জিএমডিএক নির্দেশ দিয়ে।

উদ্বোধনী অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্রীক আয়ুক্তই কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ মহাপেচখানাত উপলব্ধ কামাখ্যা দেৱালয়ৰ আটাইতকৈ পুৰণি এখন ভূমি নথি উপহাৰ হিচাপে প্রদান কৰে। ১৯০৪-০৫ চনৰ এই নথি হৈছে অবিভক্ত কামৰূপ জিলাৰ ৰামচা ৰাণী মৌজাৰ অন্তৰ্গত কামাখ্যা পাহাৰ ৰাজহ গাঁৱৰ লা-খেৰাজ ১নং পট্টাৰ জমাবন্দী। উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কৌশিক ৰায়, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, বিজয় কুমাৰ গুপ্তা, দিপ্লুৰঞ্জন শৰ্মা, ড° তপন দাস, মুখ্য সচিব ড° ৰবি কোটাকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।