সমাজৰ বিষয়ে সমাজতত্ত্ব ই কেনে দৰে অধ্যয়ন কৰিব পাৰি তাৰে ওপৰত আলোচনা দাঙি ধৰা হৈছে – পপী বৰা

Pc Pexels

সমাজৰ বিষয়ে সমাজতত্ত্ব ই কেনে দৰে অধ্যয়ন কৰিব পাৰি তাৰে ওপৰত আলোচনা দাঙি ধৰা হৈছে

পপী বৰা (gungun)
মেলেং গ্ৰাণ্ট গাঁও ,যোৰহাট 
কাকজান মহাবিদ্যালয় তৃতীয় ষান্মাসিকৰ ছাত্ৰী,
প্ৰধান বিষয়: সমাজতত্ত্ব
সাধাৰণতে দেখিবলৈ পোৱা যায় যে সমাজতত্ত্ব ই সমাজৰ সকলো দিশ সামৰি লয়, সমাজৰ ব্যক্তি তথা আমাৰ ওপৰত সমাজতত্ত্ব গুৰুত্বতা দেখিবলৈ পোৱা গৈছে। সমাজতত্ত্ব ৰ মতে সমাজৰ একো একো জন লোক সমাজতত্ব লগত জড়িত হৈ আছে। সমাজত থকা একো একোজন লোকৰ আচাৰ-ব্যৱহাৰ, চাল-চলন , খোৱা-বোৱা , ৰীতি-নীতি , আদি সমাজতত্ত্ব লগত জড়িত। সমাজতত্ত্ব ই সমাজৰ বিষয়ে আলোচনা কৰে, শ্ৰেণী ভিত্তিৰ ওপৰত, ধৰ্ম ওপৰত ভিত্তি কৰি সমাজতত্ব ৰ অধ্যয়ন কৰিব পাৰি। খাদ্যৰ ৰ জৰিয়তে নিজৰ নিজৰ পৰম্পৰাগত পদ্ধতিত সংস্কৃতিৰ বিকাশ ঘটে। যেনে আমাৰ থলুৱা খাদ্য সম্ভাৰ অন্তৰ্গত __জলপান,পাণ তামোল, ভাত আদি সেই দৰে ঠাই বিশেষে বেলেগ বেলেগ ধৰণৰ খাদ্য গ্ৰহণ কৰা হয়। সমাজতত্ব ত ধৰ্ম বিষয়ে আলোচনা কৰা হয় ইয়াত নিজৰ ধৰ্ম টো প্ৰতি অধিক গুৰুত্ব আৰোপ কৰে, ইয়াত অকল মানুহৰ বিষয়ে, সমাজৰ বিষয়েই আলোচনা কৰা নহয় ইয়াৰ উপৰিও অৰ্থনৈতিক ৰ ওপৰতো গুৰুত্ব লাভ কৰে, ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যে সমাজতত্ব ৰ স্বাস্থ্য আৰু বেমাৰ এই বিষয়ে আলোচনা কৰিলে দেখা যায় যে স্বাস্থ্য অকল “medical science” নহয় ই এক সমাজৰ কৰ্ম, বাসস্থান, জাতি, আদি বিষয়ৰ লগত জড়িত। কাৰণ কোনো এটা বেমাৰ তেওঁ লোকৰ চাৰিওকাষৰ পৰিৱেশ ৰ লগত জড়িত থাকে, তেওঁ লোকৰ খোৱা বোৱা বাসস্থান আদিৰ দৰে প্ৰাকৃতিক পৰিৱেশৰ লগত সংগতি থকা দেখা যায়। সমাজতত্ত্ব ত সেই বাবে কোৱা হয় যে সমাজতত্ত্ব ই মানুহৰ বিষয়ে, সমাজৰ বিষয়ে অধ্যয়ন কৰে।