চৰিত্ৰৰ বজাৰত বিক্ৰী হোৱা পুৰুষত্ব
দীপাংকৰ শইকীয়া,ধেমাজি
কিছুমান মানুহে নাৰীৰ সন্মানকো যেন বজাৰৰ সামগ্ৰী বুলি ভাবে। তেওঁলোকৰ চকুত নাৰীৰ অনুভৱ, আত্মমৰ্যাদা বা বিশ্বাসৰ কোনো মূল্য নাই—মূল্য আছে কেৱল দেহৰ। সেয়ে সম্পৰ্কৰ আগতেই তেওঁলোকৰ মুখত ভাহি উঠে টকাৰ হিচাপ।
এনে এজন মানুহে যেতিয়া এগৰাকী নাৰীৰ সৈতে নিশা কটোৱাৰ বিনিময়ত কিমান টকা লাগিব বুলি সোধে, তেতিয়া প্ৰশ্নটো নাৰীৰ মূল্যৰ নহয়—প্ৰশ্নটো তেওঁৰ নিজৰ মানসিকতাৰ। কাৰণ যিজনে আনৰ দেহৰ দাম নিৰ্ধাৰণ কৰিবলৈ যায়, তেওঁ অজানিতে নিজৰ চৰিত্ৰৰ মূল্য শূন্য বুলি ঘোষণা কৰে।
প্ৰেমক ব্যৱসায়, বিশ্বাসক লেনদেন আৰু নাৰীৰ সন্মানক বজাৰৰ বস্তু বুলি ভবা মানুহে পুৰুষত্বৰ কথা ক’লে সেয়া শুনিবলৈও লাজ লাগে। পুৰুষত্ব দেহৰ অধিকাৰ বিচৰাত নহয়; পুৰুষত্ব হৈছে আন এজন মানুহৰ সন্মানক নিজৰ ইচ্ছাৰ ওপৰত স্থান দিব জনা।
নাৰীৰ দেহৰ দাম সোধা মানুহবোৰে হয়তো নিজকে বৰ চালাক বুলি ভাবে, কিন্তু আচলতে সেই এটা প্ৰশ্নতেই তেওঁৰ শিক্ষা, সংস্কাৰ আৰু চৰিত্ৰৰ নগ্ন সত্যটো ওলাই পৰে।
নিজৰ পত্নী থকা সত্ত্বেও আন নাৰীৰ প্ৰতি অশালীন দৃষ্টিভংগী ৰখা, নাৰীৰ সন্মানক দেহ আৰু টকাৰ হিচাপত জুখিবলৈ চেষ্টা কৰা—এইবোৰ কোনো গৌৰৱৰ কথা নহয়। এয়া হৈছে মূল্যবোধৰ পতন আৰু চৰিত্ৰৰ দেউলিয়াপনা।
নাৰীৰ দেহৰ দাম সোধা মানুহে নাৰীৰ মূল্য বুজি নাপায়; তেওঁ কেৱল নিজৰ মানসিকতাৰ মূল্যটোহে প্ৰকাশ কৰে। কাৰণ মানুহৰ সন্মান কোনো বজাৰৰ সামগ্ৰী নহয়, যাৰ দামদৰ কৰিব পাৰি।
ঘৰত পত্নীৰ সন্মুখত স্বামী হোৱাৰ অভিনয় কৰি, বাহিৰত আন নাৰীৰ সন্মানক টকাৰ অংকত জুখিবলৈ যোৱা মানুহে প্ৰথমে নিজৰ মুখখন আইনাত চোৱা উচিত। আনৰ চৰিত্ৰ বিচাৰ কৰাৰ আগতে নিজৰ চৰিত্ৰৰ হিচাপটো মিলোৱা উচিত ।
