প্ৰিণ্টিং আৰু পেকেজিং উদ্যোগত কেৰিয়াৰৰ সুযোগ – ড° বুলজিৎ বুঢ়াগোহাঁই

Pc Unsplash

প্ৰিণ্টিং আৰু পেকেজিং উদ্যোগত কেৰিয়াৰৰ সুযোগ

ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা  তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী

এখন সুন্দৰ কিতাপ, এখন আকৰ্ষণীয় আলোচনী, চাহপাতৰ পেকেট, ঔষধৰ বাকচ, অনলাইনত অৰ্ডাৰ কৰা সামগ্ৰীৰ কাৰ্টন, টি-চাৰ্টত ছপা হোৱা ডিজাইন অথবা কোনো নতুন সামগ্ৰীৰ চকুত লগা লেবেল—এই সকলোবোৰৰ আঁৰত আছে প্ৰিন্টিং আৰু পেকেজিং উদ্যোগৰ দক্ষতা, সৃষ্টিশীলতা আৰু আধুনিক প্ৰযুক্তি। ডিজিটেল যুগত কিতাপ, বাতৰি কাকত আৰু বিজ্ঞাপনৰ ব্যৱহাৰৰ ধৰণ সলনি হ’লেও প্ৰিন্টিং আৰু পেকেজিঙৰ প্ৰয়োজনীয়তা কমি যোৱা নাই। বৰং ই-কমাৰ্চৰ প্ৰসাৰ, ব্ৰেণ্ডিংৰ গুৰুত্ব, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ আৰু পৰিৱেশ-সচেতনতাৰ বৃদ্ধিৰ সৈতে এই উদ্যোগে নতুন ৰূপ লাভ কৰিছে। ফলত প্ৰিন্টিং আৰু পেকেজিং এতিয়া কেৱল ছপা বা পেকেট তৈয়াৰ কৰাৰ ক্ষেত্ৰতে সীমাবদ্ধ নাথাকি এক বহুমুখী আৰু সম্ভাৱনাময় কেৰিয়াৰ ক্ষেত্ৰ হিচাপে বিকশিত হৈছে।

বৰ্তমানৰ প্ৰতিযোগিতামূলক বজাৰত কেৱল সামগ্ৰী উৎপাদন কৰাটোৱেই যথেষ্ট নহয়। সামগ্ৰীৰ পৰিচয়, গুণগত মান, ব্যৱহাৰৰ তথ্য, সুৰক্ষা আৰু গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰাৰ বাবে উপযুক্ত পেকেজিং অত্যন্ত গুৰুত্বপূৰ্ণ। একেদৰে বজাৰত কোনো সামগ্ৰীৰ প্ৰচলন কৰিবলৈ আকৰ্ষণীয় লেবেল, গ্রাফিক ডিজাইন আৰু উন্নত মানৰ প্ৰিন্টিঙৰ প্ৰয়োজন। এই পৰিৱৰ্তনে প্ৰিন্টিং  আৰু পেকেজিঙক কেৱল পৰম্পৰাগত উদ্যোগৰ পৰিৱৰ্তে  প্ৰযুক্তি, সৃষ্টিশীলতা, উৎপাদন আৰু ব্যৱসায়ৰ এক সমন্বিত কেৰিয়াৰ ক্ষেত্ৰ কৰি তুলিছে।

এসময়ত প্ৰিন্টিং মানেই আছিল লেটাৰপ্ৰেছ, য’ত সীমিত ডিজাইনৰ সুযোগৰ লগতে ছপা কামত যথেষ্ট শাৰীৰিক শ্ৰম জড়িত আছিল। কিন্তু প্ৰযুক্তিগত বিকাশে এই ছবিখন সলনি কৰি পেলাইছে। বৰ্তমান অফছেট প্ৰিন্টিং, ডিজিটেল প্ৰিন্টিং, ফ্লেক্সোগ্ৰাফিক প্ৰিন্টিং, গ্ৰেভাৰ প্ৰিন্টিং, স্ক্ৰীণ প্ৰিন্টিং,  থ্ৰীডি প্ৰিন্টিং  আদি বিভিন্ন প্ৰযুক্তি  ব্যৱহাৰ কৰা হৈছে।

পেকেজিং উদ্যোগতো একেধৰণৰ পৰিৱৰ্তন দেখা গৈছে। সাধাৰণ কাগজৰ পেকেজিঙৰ পৰা ফ্লেক্সিবল পেকেজিং, ক’ৰেগেটেড বক্স, স্মাৰ্ট পেকেজিং, চাচষ্টেইনেবল পেকেজিং, বায়’ডিগ্ৰেডেবল পেকেজিং আদিলৈকে এই ক্ষেত্ৰখনৰ পৰিসৰ সম্প্ৰসাৰিত হৈছে। কিউ আৰ ক’ড, আৰ এফ আই ডি, ভেৰিয়েবল ডাটা প্ৰিন্টিং, অটোমেচন ,আৰ্টিফিচিয়েল ইনটেলিজেন্সি  আদি ভিত্তিক গুণগত পৰিদৰ্শনৰ ব্যৱহাৰে উদ্যোগটোক অধিক স্মাৰ্ট আৰু অধিক কাৰ্যক্ষম কৰি তুলিছে।এই পৰিৱৰ্তনৰ ফলত মেচিন চলাব পৰা কৰ্মীৰ লগতে ডিজাইন, কম্পিউটাৰ, ৰক্ষণাবেক্ষণ, গুণগত মান, পেকেজিং সামগ্ৰী আৰু উৎপাদন ব্যৱস্থাপনাত দক্ষ লোকৰ চাহিদা বাঢ়িছে।

অফছেট প্ৰিন্টিং মেচিন অপাৰেটৰ প্ৰিন্টিং উদ্যোগৰ এক গুৰুত্বপূৰ্ণ পদ। তেওঁলোকে বৃহৎ পৰিমাণে কিতাপ, বাতৰি কাকত, আলোচনী, ব্ৰ’চাৰ, কেলেণ্ডাৰ আৰু বিভিন্ন ব্যৱসায়িক সামগ্ৰী প্ৰিন্টিঙৰ কাম কৰে। মেচিন ছেটআপ, প্লেট স্থাপন, চিয়াঁহীৰ সামঞ্জস্য কৰা, প্ৰিন্টিঙৰ মান পৰীক্ষা আৰু মেচিনৰ নিয়মীয়া ৰক্ষণাবেক্ষণ কৰাটো তেওঁলোকৰ প্ৰধান দায়িত্ব।

ডিজিটেল প্ৰিন্টিং টেকনিচিয়ানসকলে আধুনিক ডিজিটেল প্ৰিন্টিং প্ৰযুক্তি ব্যৱহাৰ কৰি গ্ৰাহকৰ নিৰ্দিষ্ট প্ৰয়োজন অনুসৰি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰে। ভিজিটিং কাৰ্ড, পোষ্টাৰ, বেনাৰ, ফটো বুক, প্ৰমাণপত্ৰ, লেবেল আৰু বিভিন্ন ব্যক্তিগতকৃত সামগ্ৰী ইয়াৰ অন্তৰ্গত।

সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী শিক্ষাৰ্থীসকলৰ বাবে ডিটিপি অপাৰেটৰ আৰু গ্রাফিক ডিজাইন এচিষ্টেণ্ট আকৰ্ষণীয় পথ হ’ব পাৰে। এড’ব ইনডিজাইন, ইলাষ্ট্ৰেটৰ, ফটোশ্বপ, ক’ৰেলড্ৰ’ আৰু অন্যান্য চফটৱেৰৰ জ্ঞান থাকিলে কিতাপ, আলোচনী, বিজ্ঞাপন, ব্ৰ’চাৰ, পোষ্টাৰ আৰু বিভিন্ন ডিজিটেল-প্ৰিণ্ট সামগ্ৰীৰ ডিজাইন প্ৰস্তুত কৰিব পাৰি।

বৰ্তমানৰ বজাৰত পেকেজিং কেৱল সামগ্ৰী ৰখাৰ বাকচ বা পেকেটতে সীমাবদ্ধ নহয়। এটা ভাল পেকেটে সামগ্ৰীক সুৰক্ষিত কৰাৰ লগতে ব্ৰেণ্ড পৰিচয় প্ৰদান কৰে আৰু গ্ৰাহকৰ সিদ্ধান্তক প্ৰভাৱিত কৰিব পাৰে। ফলত পেকেজিং ডিজাইন আৰু মেনুফেকচাৰিং দুয়োটা দিশতে দক্ষ লোকৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।

ফ্লেক্সোগ্ৰাফিক প্ৰিন্টিং টেকনিচিয়ানে লেবেল, ফ্লেক্সিবল পেকেজিং আৰু ক’ৰেগেটেড বক্সৰ প্ৰিন্টিঙৰ কাম কৰে। বৃহৎ পৰিমাণৰ উচ্চমানৰ প্ৰিন্টিঙৰ ক্ষেত্ৰতো গ্ৰেভিউৰ প্ৰিণ্টিং  টেকনিচিয়ানৰ গুৰুত্ব আছে।

পেকেজিং মেচিন অপাৰেটৰে ফিলিং, ছিলিং, লেবেলিং, চ্ৰিংক ৰেপিং আৰু কাৰ্টনিং আদি মেচিন চলায়। ই-কমাৰ্চ, খাদ্য, ঔষধ আৰু ইলেক্ট্ৰনিকছ উদ্যোগৰ বাবে প্ৰয়োজনীয় বাকচ নিৰ্মাণত ক’ৰেগেটেড বক্স মেনুফেকচাৰিং টেকনিচিয়ানে অংশ লয়।

লেবেল প্ৰিন্টিং টেকনিচিয়ানৰ কামো বৰ্তমান গুৰুত্বপূৰ্ণ। খাদ্য, চাহ, ঔষধ, পানীয় আৰু এফ এম চি জিৰ সামগ্ৰীৰ বাবে নিয়ম অনুসৰি উপযুক্ত তথ্য, ব্ৰেণ্ডিং আৰু লেবেল প্ৰস্তুত কৰিব লাগে। ইয়াৰ উপৰিও বাৰকোড আৰু কিউ আৰ ক’ড প্ৰিন্টিং টেকনিচিয়ান, কাৰ্টন ডিজাইন টেকনিচিয়ান, পেকেজিং কোৱালিটি ইন্সপেক্টৰ, পেকেজিং লেবৰেটৰী টেকনিচিয়ান আৰু পেকেজিং ডেভেলপমেণ্ট এচিষ্টেণ্ট আদি বিশেষ বৃত্তিৰ সুযোগ আছে।

এটা প্ৰিন্ট সামগ্ৰী মেচিনৰ পৰা ওলাই অহাৰ আগতে বহুতো ধাপৰ মাজেৰে পাৰ হয়। প্ৰি-প্ৰেছ টেকনিচিয়ানে পৃষ্ঠা বিন্যাস, ছবি সম্পাদনা, ৰং সংশোধন, প্ৰিন্টিং প্লেট প্ৰস্তুত কৰা,  প্ৰুফ চেকিং  আদি কাম কৰে।  প্ৰি-প্ৰেছ সেয়েহে ছপা উদ্যোগত ডিজাইন আৰু প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটাব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ। প্ৰিন্ট কৰাৰ পাছত ফিনিচিং পৰ্যায় আৰম্ভ হয়। ফিনিচিং টেকনিচিয়ানে কাটিং, ফল্ডিং, বাইণ্ডিং, লেমিনেটিং, ডাই কাটিং আৰু এম্বছিং কৰে। বুক বাইণ্ডিং টেকনিচিয়ানে কিতাপ, আলোচনী, ডায়েৰী, জাৰ্নেল , নথিপত্ৰ আদিক ব্যৱহাৰযোগ্য ৰূপ দিয়ে।

এই খণ্ডত সফল হ’বলৈ কেৱল এখন প্ৰমাণপত্ৰ বা ডিগ্ৰী যথেষ্ট নহয়; দক্ষতা আৰু ব্যৱহাৰিক অভিজ্ঞতাই বিশেষ গুৰুত্ব বহন কৰে। মুদ্ৰণ প্ৰযুক্তি, মেচিন অপাৰেচন, কম্পিউটাৰ, গ্ৰাফিক ডিজাইন, কালাৰ মেনেজমেন্ট আৰু পেকেজিং মেটেৰিয়েলছ সম্পৰ্কে জ্ঞান থকাৰ লগতে নিখুঁতভাৱে কাম কৰা, সৃষ্টিশীল চিন্তা, সমস্যা সমাধান, যোগাযোগ আৰু দলীয় কামৰ দক্ষতা, সময় ব্যৱস্থাপনা আৰু কৰ্মক্ষেত্ৰৰ সুৰক্ষা বিধি মানি চলাৰ অভ্যাস গঢ়ি তোলা প্ৰয়োজন। বিশেষকৈ নতুন প্ৰযুক্তি, ছফ্টৱেৰ আৰু উৎপাদন পদ্ধতিৰ সৈতে নিজকে খাপ খুৱাই দক্ষতা উন্নত কৰি ৰখাৰ মানসিকতা এই উদ্যোগত অতি গুৰুত্বপূৰ্ণ। সময়ৰ সৈতে নিজৰ জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা কৰ্মীয়ে অভিজ্ঞতা লাভ কৰাৰ লগে লগে অধিক দায়িত্বশীল পদলৈ আগবাঢ়িব পাৰে।

প্ৰিন্টিং ছপা আৰু পেকেজিং উদ্যোগত প্ৰৱেশ কৰিবলৈ সকলোৱে একেটা শৈক্ষিক পথ অনুসৰণ কৰাটো প্ৰয়োজনীয় নহয়। দশম বা দ্বাদশ শ্ৰেণীৰ পাছত আই টি আই, ডিপ্লমা, পলিটেকনিক, এপ্ৰেণ্টিছশ্বিপ আৰু বিভিন্ন দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে প্ৰয়োজনীয় কাৰিকৰী দক্ষতা আহৰণ কৰিব পাৰি। এই ক্ষেত্ৰত ডিটিপি, ক’পা, প্ৰিন্টিং টেকন’লজি, পেকেজিং টেকন’লজি আৰু গ্রাফিক ডিজাইন আদি পাঠ্যক্রম বিশেষভাৱে উপযোগী৷ আনহাতে, প্ৰিন্টিং টেকন’লজি, পেকেজিং টেকন’লজি, গ্রাফিক ডিজাইন, মেকানিকেল ইঞ্জিনিয়াৰিং আদি বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে অভিজ্ঞতা আৰু দক্ষতা আহৰণৰ লগে লগে টেকনিকেল এক্সপাৰ্ট, ছুপাৰভাইজাৰ, গৱেষক, প্ৰডাকচন মেনেজাৰ আৰু বিভিন্ন মেনেজমেণ্টৰ পদলৈ আগবাঢ়িব পাৰে।

এই উদ্যোগটোৰ এটা বিশেষ আকৰ্ষণ হ’ল স্বনিয়োজিত আৰু উদ্যোগী হোৱাৰ সুযোগ। আধুনিক ডিজিটেল প্ৰিন্টিং টেকন’লজিৰ সহায়ত তুলনামূলকভাৱে সৰু পৰিসৰতো ব্যৱসায় আৰম্ভ কৰিব পাৰি। ডিজিটেল প্ৰিন্টিং চেণ্টাৰ, গ্রাফিক ডিজাইন ষ্টুডিঅ’, লেবেল প্ৰিন্টিং, পেকেজিং ইউনিট, ক’ৰেগেটেড বক্স মেনুফেকচাৰিং, ফ্লেক্স প্ৰিন্টিং, বিবাহ কাৰ্ড প্ৰিন্টিং আৰু কাষ্টমাইজড মাৰ্চেণ্ডাইজ প্ৰিন্টিং। এই ক্ষেত্ৰত অসমতো যথেষ্ট সুযোগ আছে কাৰণ চাহ, কৃষিজাত সামগ্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তশিল্প, বাঁহ আৰু বেতৰ সামগ্ৰী আৰু বিভিন্ন ক্ষুদ্ৰ উদ্যোগৰ সামগ্ৰীৰ বিপণন আৰু বিক্ৰীৰ বাবে উন্নত পেকেজিং আৰু গুণগত লেবেলৰ প্ৰয়োজন। লগতে ই-কমাৰ্চৰ প্ৰসাৰে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবেও প্ৰিন্টিং আৰু পেকেজিং সেৱাৰ চাহিদা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

অনাগত দিনত প্ৰিন্টিং আৰু পেকেজিং উদ্যোগৰ বৃদ্ধিত প্ৰযুক্তি আৰু উদ্ভাৱনে মুখ্য ভূমিকা গ্ৰহণ কৰিব। ডিজিটেল প্ৰিন্টিং, স্মাৰ্ট আৰু ফ্লেক্সিবল পেকেজিং, আৰ এফ আই ডি, কিউ আৰ ক’ড, ভেৰিয়েবল ডাটা প্ৰিন্টিং, অটোমেচন, ৰবটিক্স, এআই-বেছড কোৱালিটি ইন্সপেকশ্যন, ই-কমাৰ্চ পেকেজিং , চিকিউৰিটি প্ৰিন্টিং আদিৰ দৰে ক্ষেত্ৰত দক্ষ পেছাদাৰীৰ চাহিদা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। একে সময়তে পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধিৰ বাবে বহনক্ষম আৰু পৰিৱেশ অনুকূল পেকেজিঙৰ গুৰুত্ব বৃদ্ধি পাইছে। প্লাষ্টিক বিকল্প, পুনঃব্যৱহাৰযোগ্য আৰু জৈৱিক বিভংগনীয় সামগ্ৰীৰ লগতে কম অপচয়কাৰী পেকেজিং প্ৰযুক্তিৰ বিকাশে নতুন দক্ষতা আৰু কেৰিয়াৰৰ সুযোগৰ সৃষ্টি কৰিব।কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৩০)ত যোগাযোগ কৰিব পাৰে ।