ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Pc The Hindu

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে লোকসেৱা ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত হয় । এই ৰাজ্যিক কেবিনেটে  কোচিং প্ৰতিষ্ঠানৰ বাবে নিয়ামক ব্যৱস্থা, শিশুৰ সুৰক্ষা নীতি ৰূপায়ণ, যুৱ সবলীকৰণত উৎসাহ আদিকে ধৰি এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰে।  বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি সিদ্ধান্তসমূহ সদৰী কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সেইমৰ্মে  ৰাজ্যিক কেবিনেটে শ্রমিক কল্যাণৰ বাবে ভাৰত চৰকাৰৰ নীতিৰ আধাৰত আছাম ইণ্ডাষ্ট্রিয়েল ৰিলেচন ৰুল্‌ল্প-২০২৬ আৰু দ্য আছাম ছ’চিয়েল ছিকিউৰিটী ৰুল্‌ল্প-২০২৬ত অনুমোদন জনায়। আনহাতে কেবিনেটে স্বাধীনতা দিৱসত মুখ্যমন্ত্রী ড° শর্মাই ঘোষণা কৰা অনুসৰি যুৱ কল্যাণৰ সকলো কাৰ্যসূচী সামৰি যুৱ সবলীকৰণ আৰু কল্যাণ বিভাগ নামেৰে এটা নতুন বিভাগ গঠনত অনুমোদন জনায়। ১৭ ছেপ্টেম্বৰৰ পৰা এই বিভাগ কাৰ্যকৰী হ’ব। ইয়াৰ নিজা সচিবালয়, সঞ্চালকালয় আৰু জিলা বা মাণ্ডলিক পৰ্যায়ৰ কাৰ্যালয় থাকিব। কেবিনেটে কোচিং চেণ্টাৰসমূহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্যৰ সুৰক্ষাৰ বাবে দ্য আছাম প্রাইভেট কোচিং ইনষ্টিটিউট (কন্ট্র’ল এণ্ড স্টুডেন্টছ মেন্টেল হেল্থ ছেভগার্ড) কল্প-২০২৬ প্ৰৱৰ্তনত অনুমোদন জনায়। সেই অনুসৰি ৫০ গৰাকীতকৈ অধিক ছাত্র-ছাত্রী থকা কোচিং চেণ্টাৰৰ পঞ্জীয়ন বাধ্যতামূলক হোৱাৰ উপৰি ক্লিনিকেল চাইক’লজিষ্ট আৰু মানসিক স্বাস্থ্য পৰামৰ্শদাতা আদিৰ নিযুক্তি বাধ্যতামূলক হ’ব। কেবিনেটে  ৰাজ্যত নতুন তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান, উৎপাদনত উৎসাহিত কৰিবলৈ আছাম হাইড্র’ কার্বন এক্সপ্ল’ৰেচন প্ৰডাকচন এণ্ড আপস্ট্রিম ইক’ ছিষ্টেম ডেভেলপমেন্ট পলিচী-২০২৬ত অনুমোদন জনায়। কেবিনেটে  শিশু আৰু শিশুৰ অপৰাধীৰ ক্ষেত্ৰত আইনসংগত ব্যৱস্থা গ্রহণ আৰু মানৱ সৰবৰাহ ৰোধ কৰিবলৈ আছাম জুভেইনাইল জাষ্টিচ (কেয়াৰ এণ্ড প্রটেকচন অৱ চিলড্রেন) ৰুছ-২০২৬ত অনুমোদন জনায়। কেবিনেটে  সামাজিক আৰু ন্যায় সবলীকৰণ বিভাগৰ শিশু উন্নয়ন প্রকল্প বিষয়া (চিডিপিঅ’) আৰু জিলা সমাজ কল্যাণ বিষয়াৰ পদোন্নতি আৰু সেৱা বিধিৰ সুবিধার্থে আছাম ছ’চিয়েল বেলফেয়াৰ (ৰিত্ৰুইটমেন্ট এণ্ড প্রমোচন) ছার্ভিচ অৰ্ডাৰ-১৯৯৪ সংশোধনত অনুমোদন জনায়। কেবিনেট বৈঠকত পূৰ্বতে ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অধীনত থকা অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয় (ডাইৰেক্টৰেট অৱ ইক’নমিকছ এণ্ড ষ্টেটিষ্টিকছ)ৰ প্ৰশাসনিক নিয়ন্ত্রণ এতিয়াৰে পৰা সম্পূৰ্ণৰূপে বিত্ত বিভাগৰ অধীনলৈ হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি  কেবিনেটে ৰাজ্যত ৮খন নতুন সমজিলা গঠনত অনুমোদন জনায়। এই সমজিলাকেইখন হৈছে- কমলপুৰ, বঢ়মপুৰ, ৰঙিয়া, চিচিবৰগাঁও, চাবুৱা-লাহোৱাল, খুমটাই, কাটিগড়া আৰু বৰখলা। কেবিনেট বৈঠকত আজি বৰাক উপত্যকাত থকা মিনি সচিবালয়ৰ নাম সলনি কৰি অসম সচিবালয়, বৰাক উপত্যকা কৰা হয়। ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰৰ ৫৯টা বিভাগৰ ভিতৰত ৩২টা বিভাগৰ কাম-কাজ পৰিচালনা কৰাৰ বাবে নীতি-নির্দেশনা (এছঅ’পি) প্ৰস্তুত কৰা হৈছে। কেবিনেটে পলাশবাৰীৰ বৰদুৱাৰ মৌজাত প্রতিষ্ঠা হ’বলগীয়া ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান (আইআইএম) ৰ বাবে প্রায় ৫৭৪ বিঘা মাটি আৰু আজিম প্রেমজী বিশ্ববিদ্যালয়ৰ বাবে ২০০ বিঘা মাটি আবণ্টনত অনুমোদন জনায়। কেবিনেট বৈঠকত  সমবায় পঞ্জীয়নৰ দীঘলীয়া আৰু জটিল প্রক্রিয়া সলনি কৰি ইয়াক সম্পূৰ্ণৰূপে অনলাইন আৰু পেপাৰলেছ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ জৰিয়তে দুগ্ধ সমবায় সমিতিসমূহ এতিয়াৰে পৰা ২৪ ঘণ্টাৰ ভিতৰত আৰু অন্যান্য সমবায়সমূহ ৩০ দিনৰ ভিতৰত পঞ্জীয়ন হ’ব।