জোনাক বিহীন জীৱন
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী,বৰপেটা
শাওনৰ আকাশলৈ চাই
মনলৈ আহিছে অলেখ ভাবনা
যেন কিছু ক্ষণৰ পাছতে
ধৰালৈ নামি আহিব
বজ্ৰপাতৰ সৈতে শিলাবৃষ্টি!
জিলমিলিয়া ৰবিৰ কিৰণেৰে উদ্ভাসিত
জীৱনৰ আলফুলিয়া দিনবোৰ
লাহে লাহে পৰ্যবসিত হ’ব
এন্ধাৰে গ্ৰাস কৰিব
এন্ধাৰে গ্ৰাস কৰিব
জোনাক বিহীন জীৱনলৈ।
দুচকুৰ লোতক বোৱাই
প্ৰকৃতিৰ কৰাল গ্ৰাসত
হ’লোঁ মই অবোধ নিঠৰুৱা
কৰিবানে প্ৰভু, এধানি কৰুণা ?
সৌ নীৰবধি দোকোল-টকা জল-প্ৰলয়
আতঙ্কগ্ৰস্ততাৰ পৰা।
ভবাতো নাছিলোঁ মই
এনে দুৰ্দিনে দেখা দিব
আলোকেৰে সুশোভিত দিনবোৰ
শেষ হৈ যাব জীৱনৰ!
শেষ হৈ যাব জীৱনৰ!
জোনাক বিহীন জীৱনলৈ
হৃদয় কোঠা ক’লাৰঙে আবৰিব
বিষাদৰ সুৰ এটি হৈ !!
