ৰাজ্যজুৰি লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰক্ৰিয়া আৰম্ভ
ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে লোকপিয়লৰ প্ৰথম পর্যায়। যোৱা ২ আগষ্টৰ পৰা আৰম্ভ হোৱা স্ব-গণনাৰ সুবিধা গ্ৰহণ কৰি নাগৰিকসকলে নিজৰ ঘৰুৱা আৰু ব্যক্তিগত তথ্য অনলাইনযোগে প্ৰদান কৰাৰ পাছতে সোমবাৰৰ পৰা লোকপিয়লৰ প্ৰথম পৰ্যায়ত আৰম্ভ হয় গৃহ তালিকাভুক্তি অভিযান আৰু গৃহ পিয়লৰ কাম। সোমবাৰৰ পৰা প্ৰশিক্ষিত গণনাকাৰীয়ে ঘৰে ঘৰে গৈ প্রয়োজনীয় তথা সবিশেষ তথ্য সংগ্রহ কৰা আৰম্ভ কৰে। এই সন্দৰ্ভত লোকপিয়ল পৰিচালনা সঞ্চালকালয়ত আয়োজিত এখন সংবাদ মেলত অসমৰ লোকপিয়ল পৰিচালনা সঞ্চালক বিশ্বজিৎ পেগুৱে কয় যে ইতিমধ্যে স্ব-গণনা প্রক্রিয়া সফলতাৰে সম্পন্ন হৈছে। সোমবাৰৰ পৰা গৃহ তালিকাভুক্তি আৰু গৃহ পিয়ল আৰম্ভ হৈছে। অহা ১৫ ছেপ্টেম্বৰলৈকে প্রশিক্ষিত গণনাকাৰীয়ে সমগ্ৰ ৰাজ্যৰ প্ৰতিটো পৰিয়াল পৰিদৰ্শন কৰিব। এই ৩০ দিনীয়া সময়সীমাৰ ভিতৰত গৃহ তালিকাভুক্তি অভিযান আমি সম্পূর্ণ কৰিব লাগিব। গৃহ পিয়লো কৰা হ’ব, য’ত প্ৰতিজন নাগৰিকৰ ঘৰৰ অৱস্থা, ঘৰত থকা সা-সুবিধা, সম্পত্তি সন্দর্ভত গণনাকাৰীয়ে প্রশ্ন সুধিব। এনেদৰেই প্রথম পৰ্যায়ত ঘৰৰ তথ্যসমূহ সংগ্ৰহ কৰা হ’ব। প্রথম পৰ্যায়ৰ পিয়লক গুৰুত্বপূৰ্ণ আখ্যা দি তেওঁ কয় যে প্রথম পৰ্যায়ৰ পিয়লে এটা ভেটি নির্মাণ কৰিব, যাৰ ভিত্তিত দ্বিতীয় পৰ্যায়ৰ জনগণনা আৰম্ভ হ’ব। গতিকে, প্রথম পর্যায়টো ভালদৰে সম্পন্ন কৰিব পাৰিলে দ্বিতীয় পর্যায়টো খুব সুন্দৰ আৰু সহজভাৱে সম্পূৰ্ণ হ’ব। তেওঁ কয় যে ন’ কমিছন, ন’ ডুপ্লিকেচনৰ লোকপিয়লৰ নীতি কঠোৰভাৱে ৰক্ষা কৰা হ’ব। সংগৃহীত তথ্যৰ সম্পূৰ্ণ গোপনীয়তা নিশ্চিত কৰা হ’ব। লোকপিয়ল আইন: ১৯৪৮ৰ অধীনত লোকপিয়লৰ সময়ত সংগ্ৰহ কৰা তথ্য আদালতত প্রমাণ হিচাপে দাখিল কৰিব নোৱাৰিব। এই প্ৰক্ৰিয়াত ৰাজ্যৰ সকলো নাগৰিককে সহযোগ কৰিবলৈ তেওঁ আহ্বান জনায়।২০২৭ চনৰ লোকপিয়লৰ ৰাজ্যিক ন’ডেল বিষয়া তথা অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ অতিৰিক্ত সচিব পাৰ্থ পেগুৱেও সংবাদমেলত অংশগ্ৰহণ কৰে । ঘৰে ঘৰে কাম আৰম্ভ হোৱাৰ লগে লগে জনসাধাৰণৰ সহযোগিতা অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁলোকে গুৰুত্ব আৰোপ কৰে । তেওঁ ৰাইজক তেওঁলোকৰ ঘৰলৈ অহা কৰ্মীসকলক সঠিক তথ্য প্ৰদানৰ দ্বাৰা সহযোগিতা কৰি ৰাজ্যত ২০২৭ চনৰ লোকপিয়ল সফলতাৰে পৰিচালনা কৰাত সহায় কৰিবলৈ আহ্বান জনায় । লোকপিয়লৰ এই প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ৮০ সহস্রাধিক চৰকাৰী কৰ্মচাৰীক নিয়োগ কৰা হৈছে।
