এহেজাৰ কৃষকক মুখ্যমন্ত্ৰীৰ কৃষক উৎকর্ষ বঁটা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ কৃষকসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই বছৰৰ পৰা প্ৰদান কৰা হ’ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। ৰাজ্যৰ কৃষকৰ আয় দুগুণলৈ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে কৃষিখণ্ডত বিভিন্ন আঁচনি গ্রহণেৰে আন্তঃগাঁথনি উন্নয়ন তথা কৃষকৰ বাবে বহু সা-সুবিধা প্রদান কৰি আহিছে।এনে প্রেক্ষাপটত ৰাজ্যৰ যুৱশক্তিৰ এক বৃহৎ অংশ কৃষিখণ্ডৰ প্রতি আগ্রহান্বিত হৈছে। যুৱ কৃষকসকলেও চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰি কৃষিকৰ্মৰে নিজকে আত্মনিয়োগ কৰিছে আৰু আত্মনিৰ্ভৰশীল হৈছে। কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা প্ৰগতিশীল কৃষকৰ প্ৰতি সন্মান জনাই ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ পৰা কৃষিখণ্ডত জড়িত নিবনুৱা যুৱকসকলক মুখ্যমন্ত্ৰীৰ কৃষক উৎকর্ষ বঁটা প্ৰদান কৰিব। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে কৃষিখণ্ডৰ লগত জড়িত শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে এই বছৰৰ পৰা আগবঢ়োৱা হ’ব মুখ্যমন্ত্ৰীৰ কৃষক উৎকর্ষ বঁটা। এই বঁটাৰ জৰিয়তে যদি শিক্ষিত যুৱক-যুৱতী কৃষিখণ্ডত জড়িত হয়, তেন্তে ১ লাখ টকাকৈ লাভ কৰিব। লগতে কৃষি বিভাগৰ আঁচনিসমূহ প্ৰদান কৰা হ’ব।কেৱল টকা দিয়াই নহয়, কৃষি বিভাগৰ আন আন আঁচনিসমূহৰ সৈতেও নিবনুৱা শিক্ষিত যুৱক-যুৱতীসকলক জড়িত কৰা হ’ব। চলিত বছৰত ৰাজ্য চৰকাৰে এহেজাৰ উদীয়মান কৃষকলৈ এই কৃষক উৎকর্ষ বঁটা আগবঢ়াব। অনাগত ৫ বছৰত কৃষিখণ্ডৰ সৈতে জড়িত ১০ হাজাৰ শিক্ষিত যুৱক-যুৱতীক এই বঁটাৰ আওতালৈ অনা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলযোগে সদৰী কৰে।
