ড্ৰাগছ মাফিয়াৰ দ্বাৰা আৰক্ষী বিষয়া নৱজিৎ দাসক হত্যাঃমুখ্যমন্ত্রী 

ড্ৰাগছ মাফিয়াৰ দ্বাৰা আৰক্ষী বিষয়া নৱজিৎ দাসক হত্যাঃমুখ্যমন্ত্রী 

ৰঙিলী বাৰ্ত্তাসেৱা- অসম আৰক্ষীৰ বিষয়া নৱজিৎ দাসৰ হত্যা ড্ৰাগছ মাফিয়াই কৰিছিল ৷ ডিমা হাছাওত কৰ্তব্যৰত বিষয়াগৰাকী ১৪ আগষ্ট তাৰিখে এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৷ সোমবাৰে দিছপুৰত এক সংবাদমেলত এই বিস্ফোৰক তথ্য ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ফাদিল কৰে ৷বিগত শুকুৰবাৰে ডিমা হাছাও জিলাত এক নিয়মীয়া নাকা চেকিঙৰ সময়ত এএছ ০২ এজে ৪৩৩৫ নম্বৰৰ এখন গাড়ীয়ে খুন্দিয়াই এটা দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিছিল ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নৱজিৎ দাসক হাফলং অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল ৷ কিন্তু হাস্পতালৰ চিকিৎসকে দাসক মৃত বুলি ঘোষণা কৰে ৷ এই ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ মৃত্যুৰ আঁৰত ড্ৰাগছ বেপাৰী জড়িত আছে ৷ অসম আৰক্ষীৰ হাতত এই ঘটনাৰ সৈতে জড়িত বিশ্বাসযোগ্য তথ্য আহি পৰিছে । এই ঘটনাত জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুটা অভিযুক্ত পলাতক হৈ আছে । ডিমা হাছাওৰ লাইচং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ দাসৰ কৰণ মৃত্যুৰ অন্তৰালত ড্ৰাগছ সৰবৰাহকাৰী চক্র সক্ৰিয় হৈ থকাৰ কথা স্পষ্ট আৰু বিশ্বাসযোগ্য তথ্য লাভ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। লোকসেৱা ভৱনত আয়োজিত সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকীৰ মৃত্যুৰ আঁৰত নিচাজাতীয় দ্ৰব্যৰ সৰবৰাহকাৰী জড়িত আছে ৷ অসম আৰক্ষীৰ হাতত এই ঘটনাৰ সৈতে জড়িত বিশ্বাসযোগ্য তথ্য আহি পৰিছে । এই ঘটনাত জড়িত ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন দুটা অভিযুক্ত পলাতক হৈ আছে । ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু সময় সাপেক্ষে সবিশেষ তথ্য ৰাজহুৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ড্রাগগুবিৰোধী অভিযানৰ সন্দৰ্ভত কয় যে আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবে ড্রাগ মাফিয়াই ম্যানমাৰৰ পৰা অসমলৈ নিচাজাতীয় দ্রব্য কঢ়িয়াই অনাৰ পথ সলনি কৰিবলৈ বাধ্য হৈছে। চৰকাৰ আৰু আৰক্ষী এই সন্দৰ্ভত সম্পূর্ণ সচেতন আৰু সকলো কৌশল ব্যর্থ কৰিবলৈ সাজু বুলিও মুখ্যমন্ত্রী ড° শৰ্মাই দৃঢ়তাৰে ব্যক্ত কৰে।