ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত খিলঞ্জীয়াইহে কিনিব পাৰিব মাটিঃ মুখ্যমন্ত্রী

Pc The News Mill

ৰাজ্যৰ ৪০টা ৰাজহ চক্ৰত খিলঞ্জীয়াইহে কিনিব পাৰিব মাটিঃ মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ল’ব কঠোৰ পদক্ষেপ।  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি, ৪০টা ৰাজহ চক্রক বিশেষভাৱে অধিসূচিত কৰা হ’ব। তেওঁ কয় যে বিশেষভাৱে অধিসূচিত হ’বলগীয়া এই ৪০টা ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাত তিনিটা প্রজন্ম ধৰি বসবাস কৰা বাসিন্দাইহে ভূমি ক্ৰয় কৰিব পাৰিব। এই সন্দৰ্ভত এখন আইন প্রণয়ন কৰা হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মতে, এই ৰাজহ চক্ৰসমূহৰ অধিকাংশই নামনি অসমত অৱস্থিত হ’ব। বিশেষকৈ ধুবুৰী, বৰপেটা আৰু গোৱালপাৰা জিলাৰ অৱশিষ্ট খিলঞ্জীয়া ভূমি সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ৰাজ্য চৰকাৰে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবে এক কঠোৰ আইন আনিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। ইয়াৰ জৰিয়তে নিৰ্দিষ্ট ৰাজহ চক্ৰসমূহত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত খিলঞ্জীয়া লোকৰ অধিকাৰ অধিক সুৰক্ষিত কৰাৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ ভাষ্য অনুসৰি, ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৰ ভিত্তিতেই ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। আয়োগৰ পৰামৰ্শ অনুসৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ভূমি আৰু অধিকাৰ সুৰক্ষাৰ বাবে চৰকাৰে একাধিক ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই নতুন আইন কাৰ্যকৰী হ’লে নিৰ্বাচিত ৪০টা ৰাজহ চক্ৰত মাটি ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰযোজ্য হ’ব। আনহাতে লোকপিয়লৰ পৰ্যায়-প্রক্রিয়া চলি থকাৰ মাজতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মেলযোগে ব্রহ্মপুত্র উপত্যকাত বসবাস কৰি থকা বহিঃৰাজ্যৰ লোকসকলক লোকপিয়লত অসমীয়া ভাষাক মাতৃভাষা হিচাপে লিখিবলৈ আৰু ক’বলৈ আহ্বান জনায়। অসমৰ সমাজ-সংস্কৃতি আৰু মূলসুঁতিৰ পৰিচয়ৰ সৈতে সম্পূৰ্ণৰূপে একাত্ম হ’বলৈ ব্রহ্মপুত্র উপত্যকাত বসবাস কৰা, বিশেষকৈ বহিঃৰাজ্যৰ পৰা আহি বহু দশক ধৰি স্থায়ীভাৱে বসবাস কৰা লোকসকলক আগন্তুক লোকপিয়লত অসমীয়া ভাষাক মাতৃভাষা হিচাপে পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।