২০২৭ চনৰ পৰা আৰম্ভ হ’ব নিযুক্তি প্রক্রিয়াঃমুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- বিগত কার্যকালত ১.৬৫ লাখ নিযুক্তি প্রদান কৰি অভিলেখ সৃষ্টি কৰা ৰাজ্য চৰকাৰে চলিত কার্যকালতো নিবনুৱা সমস্যা সমাধানৰ বাবে আন এক ঐতিহাসিক পদক্ষেপ গ্রহণ কৰিছে। সেই অনুসৰি আগন্তুক পাঁচ বছৰত ৰাজ্য চৰকাৰে মুঠ ২ লাখ চৰকাৰী পদত নিযুক্তি প্রদান কৰিব। কিন্তু চলিত বৰ্ষত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নহয় কোনো ধৰণৰ নিযুক্তি প্রক্রিয়া। সোমবাৰে লোকসেৱা ভৱনত আয়োজিত এক সংবাদ মেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই সন্দর্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে ২০২৬ বৰ্ষত ৰাজ্যত কোনো নতুন নিযুক্তি প্রক্রিয়া অনুষ্ঠিত কৰা নহয়। ইয়াৰ পৰিৱৰ্তে ২০২৬ বৰ্ষটো কেৱল চৰকাৰী কৰ্মচাৰীসকলৰ পদোন্নতিৰ বাবেহে উৎসৰ্গা কৰা হ’ব। এই পদোন্নতিৰ জৰিয়তে চৰকাৰী বিভাগসমূহত বৃহৎসংখ্যক খালী পদ সৃষ্টি হ’ব আৰু ২০২৭ চনৰ পৰা আনুষ্ঠানিকভাৱে ২ লাখ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলযোগে সদৰী কৰে যে ২০২৬ বর্ষত হ’বলগীয়া ব্যাপক পদোন্নতিয়ে নতুন নিযুক্তিৰ মূল ভেটি। মুখ্যমন্ত্রী ড° শর্মাই কয়- আমি নিযুক্তিৰ প্ৰক্ৰিয়াটো দেৰি কৰিছোঁ এই কাৰণেই যে আমি প্রথমে খালী পদসমূহ উলিয়াই ল’ব বিচাৰিছোঁ। দ্বিতীয় কথাটো হ’ল যে কৰ্মচাৰীসকলৰ পদোন্নতিবিলাক পেণ্ডিং হৈ আছে। পদোন্নতিবিলাক নহ’লে তলৰ পৰ্যায়ত পদ খালী নহয় আৰু কম পদ ওলালে ল’ৰা-ছোৱালীবিলাকে পদ বঢ়াই দিয়াৰ কথা কয়। এই কাৰণেই এই বছৰত আমি বানপানী হোৱাৰ পিছতে পদোন্নতিবিলাক কৰিব বিচাৰিছোঁ। কনিষ্টবলৰ পৰা এজন কৰ্মচাৰী হাবিলদাৰ নহ’লে কনিষ্টবলৰ পদটো খালী নহয়। সেই কাৰণে অহা ডিচেম্বৰলৈ আমি পদোন্নতিবিলাক শেষ কৰিব বিচাৰিছোঁ। শিক্ষা বিভাগত এহেজাৰ প্ৰধান শিক্ষকৰ পদ খালী থকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকজন যদি প্রধান শিক্ষকৰ পদলৈ পদোন্নতি নহয়, শিক্ষকৰ পদটো খালী নহয়। আমাৰ লক্ষ্য হ’ল দুই লাখ পদ উলিওৱা। যাতে ৫ বছৰত ২ লাখ নিযুক্তি দিব পাৰোঁ। এই বছৰটোত আমি পদোন্নতিবিলাক কৰিব বিচাৰিছোঁ।
