ডুৰাণ্ড কাপ ফুটবলৰ ছেমিত নর্থ-ইষ্ট
ৰঙিলী বাৰ্ত্তাসেৱা- দুবাৰৰ ডিফেণ্ডিং চেম্পিয়ন নর্থ-ইষ্ট ইউনাইটেড এফচিয়ে চলিত ১৩৫সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড ফুটবলৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ২০ আগষ্টত শ্বিলঙত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত নর্থ-ইষ্টে মোহন বাগান এছজিৰে প্রতিদ্বন্দ্বিতা আগবঢ়াব। শ্বিলঙত অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল মেচখনত নর্থ-ইষ্টে আলাদিন আজাৰাইৰ হেটট্ৰিকৰ সহায়ত ঘৰুৱা দল শ্বিলং লাজঙক ৫-২ গ’লত পৰাস্ত কৰি অন্তিম চাৰিলৈ উন্নীত হয়। উত্তেজনাপূর্ণ মেচখনৰ ১১, ৫৮ আৰু ৬৯ মিনিটত গ’ল স্ক’ৰ কৰি হেটট্রিক অর্জন কৰে। ইপিনে, দলটোৰ হৈ আন দুটা গ’ল স্ক’ৰ কৰে ৫৫ মিনিটত ইথিয়ান আৰু ৭৯ মিনিটত জিতিনে। আনহাতে, শ্বিলং লাজঙৰ হৈ ২০ মিনিটত ফিগো ছিনডা আৰু ৩৪ মিনিটত জ’টা ভিক্টৰে গ’ল দুটা স্ক’ৰ কৰে।
