প্ৰকৃতিৰ তাণ্ডৱ লীলা সঁচাকৈ প্ৰকৃতিয়ে সৃষ্টি কৰে নে ? – কল্পনা দত্ত 

Pc Udayavani

প্ৰকৃতিৰ তাণ্ডৱ লীলা সঁচাকৈ প্ৰকৃতিয়ে সৃষ্টি কৰে নে ? নে ইয়াৰ আঁৰত আছে আমি নজনা বহু কথা 

কল্পনা দত্ত 
লুইত নগৰ ,নুনমাটি, গুৱাহাটী

আজিকালি ৰাতি পুৱাৰ বাতৰি কাকতৰ পাত মেলিলেই অথবা সামাজিক মাধ্যমৰ পৰ্দাত চকু ৰাখিলেই আমাৰ চকুৰ আগত ভাহি উঠে কেৱল হাহাকাৰ আৰু কান্দোনৰ কৰুণ দৃশ্য। ক’ৰবাত যদি উত্তাল নদীৰ পানীৰ বুকুত নিঃশেষ হৈছে শ শ ঘৰ-বাৰী আৰু আন ক’ৰবাত আকৌ বিশাল পাহাৰৰ ভূমিস্খলনত তিলতিলকৈ পোত গৈছে মানুহৰ অজস্ৰ সপোন। কৰবাত যদি তীব্ৰ খৰাঙে ফাট মেলিছে ধৰাৰ বুকুত, আন ক’ৰবাত আকৌ নিমিষতে সকলো উটুৱাই লৈ গৈছে, আকস্মিক অতি ধাৰাসাৰ বৃষ্টিয়ে। এই বিভীষিকাময় ছবিবোৰ দেখিলেই আমাৰ মনলৈ এটি বাক্যয়ে আহে “প্ৰকৃতিৰ তাণ্ডৱলীলা” ।

কিন্তু ” এই তাণ্ডৱলীলা ক’ৰ পৰা হয় ” এই কথা এতিয়া শান্ত মনেৰে চিন্তা কৰাৰ সময় আমাৰ আহি পৰিছে—

সঁচাকৈয়ে এই ধৰাৰ বুকুত উন্মাদ নৃত্যজুৰি ধ্বংসলীলা চলোৱা শক্তিটো কেৱল প্ৰকৃতিৰে সৃষ্টি নে? নে এই দৃশ্যমান তাণ্ডৱৰ আঁৰত লুকাই আছে মানৱ সমাজৰ কাণ্ডজ্ঞানহীনতা?

আচলতে প্ৰকৃতিয়ে তাৰ স্বাভাৱিক ৰূপত কেতিয়াও কোনো কাৰণ নোহোৱাকৈ ৰুদ্ৰ মূৰ্তি ধাৰণ নকৰে। প্ৰকৃতিৰো নিজস্ব এক শাশ্বত ভাৰসাম্য আছে। প্ৰকৃতি হৈছে সৃষ্টি, স্থিতি আৰু সংহাৰৰ এক নিয়মায়লীৰ পৰিধি আৰু সুশৃঙ্খল ধাৰক। কিন্তু যোৱা কেইটামান শতিকাত তথাকথিত “আধুনিকতা” আৰু “উন্নয়ন”ৰ বাবে মানুহে এই শাশ্বত ভাৰসাম্যক অত্যাচাৰেৰে শেষ কৰি পেলাইছে। যাক আমি ক’ব পাৰোঁ প্ৰকৃতিৰ প্ৰতি অন্যায় অবিচাৰ অত্যাচাৰ ।সেয়েহে কেতিয়াবা সময়ে সময়ে প্ৰকৃতিয়ো আমাৰ মানৱ জাতিৰ ওপৰত তাণ্ডৱ চলাই ক্ৰোধান্বিত হৈ মানৱ জাতিয়ে প্ৰকৃতিৰ বুকুত চলোৱা ধাৰাবাহিক লুণ্ঠনৰ এক ভয়ংকৰ কথা আমাক সোঁৱৰাই দি থৈ যায়।

আমি প্ৰায়ে কওঁ “প্ৰাকৃতিক দুৰ্যোগ” ৰ কথা। কিন্তু চাবলৈ গ’লে দেখা যায় যে, ইয়াৰ প্ৰতিটো দুৰ্যোগৰ আৰম্ভণি হৈছে আমাৰ মানৱ জাতিৰ পৰাই।

নদীৰ উশাহ হৈছে নদীৰ বুকু। কিন্তু এই বুকু ৰুদ্ধ কৰা এতিয়া দেখা গৈছে। নদীৰো এক নিজস্ব পৰিচয় আছে, স্থান আছে।

কিন্তু তথাকথিত চহৰীকৰণৰ নামত নদীৰ বুকু সংকুচিত কৰি, গতিপথ সলাই, তাত বিশাল অট্টালিকা আৰু কংক্ৰীটৰ প্ৰাচীৰ গঢ়ি তোলা হৈছে ।ফলত বাৰিষাৰ পানীয়ে যেতিয়া নিজৰ অধিকাৰ বিচাৰি ফুৰে তেতিয়া নিজস্বভাৱে নদীয়ে গতি কৰিব নোৱাৰে। সেই কাৰণে নদীয়ে যেনি পায় তেনিয়ে ৰূপ সলায় আৰু ঠিক তেতিয়াই আমি ‘বানপানীৰ তাণ্ডৱ’ বুলি কওঁ। আচলতে নদীয়ে মানুহৰ ঘৰত সোমোৱা নাই, মানুহেহে নদীৰ গৃহত অবৈধ বেদখল চলাই আহিছে।

ঠিক তেনেদৰে পাহাৰৰ বুকু চিৰাচিৰ কৰি ধ্বংস যজ্ঞ চলোৱা। সুউচ্চ পাহাৰবোৰ কেৱল শিল-মাটিৰে গঢ়া সৌন্দৰ্য্য নহয়। পাহাৰবোৰ হয় ধৰাৰ ভাৰসাম্যৰ মূল ভেটি। অনিয়ন্ত্ৰিত খনন, ৰাস্তা সম্প্ৰসাৰণৰ নামত বিজ্ঞানসন্মত নোহোৱাকৈ গছ-গছনি কটাৰ ফলত পাহাৰৰ মাটি ঢিলা হৈ পৰা দেখা যায়। সেয়েহে অলপ বৰষুণতেই তাৰ পৰিণামস্বৰূপে ভূমিস্খলনৰ নামত মানুহৰ দুখ দুৰ্দশা নধৰা হৈ পৰে।

জলবায়ু পৰিৱৰ্তনেও প্ৰকৃতিৰ ওপৰত বহু পৰিমাণে প্ৰভাৱ পেলায়ছে। বিষাক্ত উদ্যোগিক ধোঁৱা, প্লাষ্টিকৰ জাবৰ-জোঁথৰ আৰু অনিয়ন্ত্ৰিত ইন্ধনৰ ব্যৱহাৰে আজি পৃথিৱীৰ বায়ুমণ্ডলক বহু বিপদত পেলাইছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বতৰৰ স্বাভাৱিক ঋতুচক্ৰ সম্পূৰ্ণভাৱে সলনি হৈ পৰিছে। যিটো সময়ত বৰষুণ হ’ব লাগে , তেতিয়া হৈ পৰিছে খৰাং, আৰু আনপিনে কম সময়ৰ ভিতৰতে অপৰিসীম বৰষুণ হৈ বিজুলীগতিত জল প্ৰলয়ৰ সৃষ্টি কৰি সাধাৰণ জীৱন যাপনত এক জটিল ৰূপৰ ধাৰণ কৰিছে।

ক’বলৈ গ’লে আটাইতকৈ ডাঙৰ সত্যটো হ’ল— প্ৰকৃতিয়ে মানুহক ধ্বংস কৰিবলৈ একো নকৰে, প্ৰকৃতিয়ে কেৱল নিজৰ স্থান আৰু খালী হৈ পৰা ভাৰসাম্যখিনি পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰে। বিজ্ঞানৰ চমৎকাৰেৰে আধুনিক মানুহে ধৰি লৈছিল যে মানৱ জাতিয়ে গোটেই বিশ্বব্ৰহ্মাণ্ডখনক গ্ৰাস কৰি লৈছে। কিন্তু যেতিয়া ডাঙৰ জল প্ৰলয় ,পাহাৰ স্খলন বা ধুমুহা বৰষুণ হয় তেতিয়া আধুনিকতাৰ প্ৰযুক্তিবোৰ ধূলিসাৎ হৈ যায় আৰু তেতিয়া প্ৰমাণ হয় যে প্ৰকৃতিৰ মহাশক্তিৰ আগত মানৱ জাতিৰ এই অহংকাৰ কিমান ক্ষণস্থায়ী আৰু নিৰুপায়।

গতিকে সামৰণিত এটা কথাই উল্লেখ কৰোঁ— যে “প্ৰকৃতিৰ লীলা” বুলি অজুহাত দিয়াৰ সময় এতিয়া আৰু নাই। ধ্বংসৰ এই ভয়ংকৰ পথৰ পৰা যদি আমি এতিয়াও আঁতৰি নাহোঁ, তেন্তে অনাগত দিনত প্ৰকৃতিৰ এই সংহাৰী ৰূপ আৰু অধিক ভয়ানক হ’ব। “প্ৰকৃতিৰ সতে সংঘাট নহয়, সহাৱস্থান কৰিব লাগিব। প্ৰকৃতি সংৰক্ষণ হ’ব লাগিব ।”

আহক, আমি সমস্বৰে চিঞৰি চিঞৰি কওঁ “প্ৰকৃতিয়ে আমাৰ জীৱন ধাৰা।”