সত্যভামাৰ ‘মই’
কানুপ্ৰিয়া ডেকা
স্নাতকোত্তৰ ডিগ্ৰী অসমীয়া বিভাগ
বৰপেটা, হাউলী
পৌৰাণিক কাহিনীৰ পৃষ্ঠাবোৰ মেলিলে বহু নাৰীৰ নাম পোৱা যায়—কোনোবাই ত্যাগৰ প্ৰতিমূৰ্তি, কোনোবাই ধৈৰ্যৰ, কোনোবাই ভক্তিৰ। কিন্তু সত্যভামা যেন সেই একেখন আকাশত জ্বলি থকা অলপ বেলেগ ৰঙৰ তৰা। তেওঁ কেৱল কাৰোবাৰ পত্নী হিচাপে পৰিচিত হ’বলৈ জন্ম লোৱা নাছিল; তেওঁৰ ভিতৰত আছিল নিজৰ পৰিচয়ক জীয়াই ৰখাৰ এক প্ৰবল আকাংক্ষা। সেইটোৱেই তেওঁৰ ‘মই’।
সত্যভামাৰ ‘মই’ অহংকাৰৰ দেৱাল নহয়, ই আত্মমৰ্যাদাৰ দুৱাৰ। তেওঁৰ অভিমানক বহু সময়ত অহংকাৰ বুলি ভুলকৈ পঢ়া হয়; অথচ সেই অভিমানৰ তলত আছিল ভালপোৱাৰ গভীৰ সাগৰ। সাগৰৰ ঢৌ যেন কেতিয়াবা শান্ত, কেতিয়াবা উত্তাল—সত্যভামাৰ মনো তেনেকুৱাই। তেওঁ ভাল পাইছিল, সেয়েহে অধিকাৰ অনুভৱ কৰিছিল; তেওঁ অনুভৱ কৰিছিল, সেয়েহে অভিমান কৰিছিল।
পাৰিজাত ফুলৰ কাহিনীতো যেন সত্যভামাৰ ‘মই’ৰ এটা প্ৰতিচ্ছবি দেখা যায়। ফুলটো কেৱল ফুল নাছিল; সেয়া আছিল তেওঁৰ মনৰ এক আকাংক্ষাৰ প্ৰতীক। জোনাকৰ পোহৰত ফুল এপাহে যেন যিদৰে নিজৰ অস্তিত্ব ঘোষণা কৰে, সত্যভামাৰ ইচ্ছায়ো তেনেদৰে কৈছিল—“মোৰ অনুভূতিকো মূল্য দিয়া হওক।” এই দাবীত কেৱল অধিকাৰ নাছিল, আছিল নিজকে গুৰুত্ব দিয়াৰ সাহস।
সত্যভামা কৃষ্ণৰ ছাঁ হৈ থকা নাৰী নহয়। তেওঁ কৃষ্ণৰ কাষত থিয় হোৱা এগৰাকী স্বতন্ত্ৰ সত্তা। তেওঁৰ প্ৰেমত মাধুৰ্য আছিল, কিন্তু সেই মাধুৰ্যৰ মাজতো আছিল কাঁইটৰ দৰে আত্মসন্মান। তেওঁ প্ৰেমত নিজক বিলীন কৰি নিদিলে; বৰঞ্চ প্ৰেমৰ মাজতো নিজৰ ‘মই’টোক জীয়াই ৰাখিলে।
তেওঁৰ চৰিত্ৰত কোমলতা আৰু কঠোৰতা যেন এটা ফুলৰ দুটা পাপৰি। এফালে প্ৰেমৰ কোমলতা, আনফালে অন্যায়ৰ বিৰুদ্ধে থিয় হোৱাৰ দৃঢ়তা। নাৰী মানেই কেৱল নীৰৱতা, সহনশীলতা আৰু ত্যাগ—এই সৰু সংজ্ঞাৰ ভিতৰত সত্যভামাক বন্দী কৰিব নোৱাৰি। তেওঁ প্ৰমাণ কৰে যে নাৰীৰ কণ্ঠত অভিমান থাকিব পাৰে, প্ৰশ্ন থাকিব পাৰে, অধিকাৰ থাকিব পাৰে আৰু নিজৰ সিদ্ধান্তৰ ওপৰত দৃঢ় বিশ্বাসো থাকিব পাৰে।
সত্যভামাৰ ‘মই’ সেয়েহে কেৱল এটা সৰ্বনাম নহয়; ই এক প্ৰতিবাদ, এক আত্মঘোষণা। যেন ধুমুহাৰ মাজতো জ্বলি থকা এটা দীপ—বতাহে যাক কঁপাব পাৰে, কিন্তু নিভাব নোৱাৰে। তেওঁ আমাক শিকাই যায়—প্ৰেম কৰা মানে নিজক হেৰুৱাই পেলোৱা নহয়; কাৰোবাক ভালপোৱাৰ মাজতো নিজৰ অস্তিত্বক সন্মান কৰিব পাৰি।
সত্যভামাৰ কাহিনী সেয়ে কেৱল কৃষ্ণৰ সৈতে জড়িত এগৰাকী নাৰীৰ কাহিনী নহয়। ই নিজৰ অনুভৱক স্বীকাৰ কৰা, নিজৰ মূল্য বুজা আৰু নিজৰ ‘মই’ক সাহসেৰে জীয়াই ৰখা এগৰাকী নাৰীৰ কাহিনী। তেওঁৰ ‘মই’ যেন এখন আইনাৰ দৰে—য’ত পৌৰাণিক যুগৰ নাৰীৰ প্ৰতিচ্ছবিৰ মাজতো আজিৰ নাৰীৰ আত্মসন্মানৰ মুখখন দেখা যায়।
সত্যভামাৰ ‘মই’ কোনো অহংকাৰৰ মুকুট নহয়; ই আত্মমৰ্যাদাৰ দীপ্ত কপালত জিলিকি থকা এটা সৰু তিলক। তেওঁৰ অভিমানত প্ৰেম আছে, তেওঁৰ প্ৰশ্নত সাহস আছে, আৰু তেওঁৰ স্বকীয়তাত আছে এগৰাকী নাৰীৰ সম্পূৰ্ণতা।
সত্যভামাৰ ‘মই’ৰ আটাইতকৈ সুন্দৰ দিশটো হয়তো ইয়াতেই—তেওঁ নিজৰ বাবে থিয় হৈছিল, কিন্তু কেৱল নিজৰ বাবেই নহয়। তেওঁৰ ব্যক্তিত্বত লুকাই আছিল সেই সময়ৰ নাৰীৰ বহু নোকোৱা কথাৰ প্ৰতিধ্বনি। যিবোৰ কথা বহু নাৰীয়ে হৃদয়ৰ দুৱাৰতে বন্দী কৰি ৰাখিছিল, সত্যভামাই যেন সেই কথাবোৰক কণ্ঠ দিছিল। তেওঁৰ অভিমান আছিল নীৰৱতাৰ বুকুত জন্ম লোৱা এটা শব্দ, যি শব্দই কৈছিল—“মোৰ অনুভৱো গুৰুত্বপূৰ্ণ।”
পৌৰাণিক কাহিনীবোৰত নাৰীক প্ৰায়ে ত্যাগৰ হয়। যিমান বেছি সহে, সিমানেই যেন মহান। কিন্তু সত্যভামাই সেই ধাৰণাটোৰ সন্মুখত এক বেলেগ প্ৰশ্ন থিয় কৰায়—নাৰীৰ মহানতা কেৱল সহনতাতেই নেকি? নিজৰ অধিকাৰৰ কথা কোৱা, নিজৰ ভাললগা-বেয়া লগা প্ৰকাশ কৰা, অন্যায় দেখিলে প্ৰতিবাদ কৰা—এইবোৰো জানো নাৰীৰ শক্তিৰ পৰিচয় নহয়?
সত্যভামাৰ ব্যক্তিত্ব যেন এপাহ পদুম। বোকাৰ মাজতো পদুমে নিজৰ সৌন্দৰ্য হেৰুৱাই নেপেলায়; ঠিক তেনেদৰে সম্পৰ্ক, সমাজ আৰু পৰম্পৰাৰ মাজতো সত্যভামাই নিজৰ স্বকীয়তা জীয়াই ৰাখিছিল। তেওঁ কাৰোবাৰ জীৱনৰ এটা অধ্যায় হ’ব পাৰে, কিন্তু নিজৰ কাহিনীৰ মূল চৰিত্ৰ তেওঁ নিজেই।
কৃষ্ণৰ সৈতে তেওঁৰ সম্পৰ্কতো এই আত্মপৰিচয় স্পষ্ট। প্ৰেমৰ অৰ্থ তেওঁৰ বাবে আত্মসমৰ্পণ আছিল, কিন্তু আত্মবিলোপ নহয়। তেওঁ কৃষ্ণক ভাল পাইছিল, কিন্তু সেই ভালপোৱাৰ নামত নিজৰ কণ্ঠ বন্ধ কৰা নাছিল। কাৰণ তেওঁ জানিছিল—যি প্ৰেমত নিজৰ অস্তিত্বৰ বাবে ঠাই নাথাকে, সেই প্ৰেম ফুলৰ দৰে সুগন্ধি হ’লেও শিপাব নোৱাৰে।
আজি সত্যভামাক নতুনকৈ পঢ়াৰ প্ৰয়োজন আছে। কাৰণ সময় সলনি হৈছে, কিন্তু নাৰীৰ ‘মই’ক লৈ সমাজৰ বহু প্ৰশ্ন এতিয়াও একেই আছে। এগৰাকী নাৰীয়ে নিজৰ মত প্ৰকাশ কৰিলে তেওঁক ‘বেছি কথা কোৱা’ বুলি কোৱা হয়, অধিকাৰ বিচাৰিলে ‘অহংকাৰী’ বুলি কোৱা হয়, নিজৰ সিদ্ধান্ত নিজে ল’লে ‘জেদী’ বুলি আখ্যা দিয়া হয়। সেইবোৰৰ মাজত সত্যভামাৰ চৰিত্ৰ যেন এক পুৰণি আয়না—য’ত আজিৰ সমাজেও নিজৰ মুখখন চাব পাৰে।
তেওঁ আমাক আৰু এটা কথা শিকাই যায়—নাৰী হ’বলৈ নিজৰ কণ্ঠ হেৰুৱাব নালাগে। কোমল হোৱা মানে দুৰ্বল হোৱা নহয়, আৰু দৃঢ় হোৱা মানে হৃদয়হীন হোৱা নহয়। চন্দ্ৰৰ পোহৰ আৰু সূৰ্যৰ তাপ যেন একেলগে আকাশতে থাকিব পাৰে, তেনেকৈ নাৰীৰ হৃদয়তো মমতা আৰু প্ৰতিবাদ একেলগে বাস কৰিব পাৰে।
সত্যভামাৰ ‘মই’ সেয়ে আজিও প্ৰাসংগিক। কাৰণ প্ৰতিগৰাকী নাৰীৰ ভিতৰতে কেতিয়াবা এটা সৰু সত্যভামা জাগি উঠে—যিয়ে প্ৰশ্ন কৰে, যিয়ে অভিমান কৰে, যিয়ে নিজৰ অধিকাৰ বিচাৰে আৰু শেষত নিজৰ অস্তিত্বৰ হাতখন নিজেই ধৰি থিয় হয়।
সেইবাবেই সত্যভামাৰ কাহিনী অতীতৰ পৃষ্ঠাত আবদ্ধ হৈ থকা কাহিনী নহয়। ই বৰ্তমানৰ নাৰীৰ বুকুত জ্বলি থকা সেই সৰু জুইকুৰা, যি জুইয়ে কেতিয়াবা দীপ হৈ পথ দেখুৱায়, কেতিয়াবা অগ্নিশিখা হৈ অন্যায়ৰ অন্ধকাৰ পুৰি পেলায়।
আৰু হয়তো সত্যভামাৰ ‘মই’ৰ আটাইতকৈ ডাঙৰ অৰ্থটোৱেই এই—
“মই কাৰোবাৰ ছাঁ নহওঁ; মই মোৰ নিজৰ পোহৰ।”
এই ‘মই’ অহংকাৰ নহয়, এই ‘মই’ অস্তিত্ব। এই ‘মই’ বিদ্ৰোহ নহয়, এই ‘মই’ আত্মসন্মান। আৰু এই ‘মই’ কেৱল সত্যভামাৰ নহয়—নিজৰ পৰিচয়ক ভালপোৱা প্ৰতিগৰাকী নাৰীৰ।
যুগ সলনি হ’ল, পোছাক সলনি হ’ল, জীৱনধাৰা সলনি হ’ল—কিন্তু নিজৰ পৰিচয় বিচৰা নাৰীৰ মনটো যেন আজিও একেই আছে। সেই মনৰ মাজতে কেতিয়াবা সত্যভামাৰ ‘মই’ এজাক বৰষুণৰ দৰে নামি আহে। সি সোঁৱৰাই দিয়ে—নিজক ভালপোৱা স্বাৰ্থপৰতা নহয়, নিজৰ কথা কোৱা বেয়া কথা নহয় আৰু নিজৰ অধিকাৰ বিচৰা অহংকাৰ নহয়।
আজিৰ নাৰী শিক্ষিত হৈছে, কৰ্মক্ষেত্ৰত আগবাঢ়িছে, নিজৰ সিদ্ধান্ত নিজে ল’বলৈ শিকিছে। তথাপিও বহু সময়ত তাইক নিজৰ সপোনৰ আগত আনৰ অনুমতি বিচাৰিবলৈ শিকোৱা হয়। তাই হাঁহিলে কিয় হাঁহিছে, নীৰৱ থাকিলে কিয় নীৰৱ, দৃঢ় হ’লে কিয় ইমান কঠিন—প্ৰশ্নৰ শেষ নাই। এনে সময়তে সত্যভামাৰ ‘মই’ যেন এটা নিৰ্ভীক কণ্ঠ হৈ কয়—“মোৰ জীৱনৰ অৰ্থ নিৰ্ধাৰণ কৰাৰ অধিকাৰ মোৰো আছে।”
নাৰীৰ আত্মসন্মান কাঁচৰ দৰে নহয় যে অলপ আঘাততে ভাঙি যাব; ই নদীৰ দৰে—বাটত শিল পালে পথ সলাব পাৰে, কিন্তু বৈ যোৱা বন্ধ নকৰে। সত্যভামাই যেন সেই বৈ যোৱা নদীৰ প্ৰতীক। তেওঁৰ জীৱনত প্ৰেম আছিল, কিন্তু প্ৰেমৰ সোঁতত নিজৰ সত্তাক উটুৱাই দিয়া নাছিল।
আজিৰ এগৰাকী নাৰী যেতিয়া নিজৰ কেৰিয়াৰ বাছি লয়, নিজৰ সপোনক সময় দিয়ে, অন্যায়ৰ বিৰুদ্ধে মাত মাতে অথবা “নাই” বুলি ক’বলৈ শিকে—তেতিয়া সেই প্ৰতিটো ‘নাই’ৰ মাজতো সত্যভামাৰ সেই আত্মমৰ্যাদাৰ সুৰ শুনা যায়। কাৰণ কেতিয়াবা এটা ‘নাই’ মানে সম্পৰ্ক ভাঙি পেলোৱা নহয়; ই নিজৰ সীমাৰেখা আঁকি দিয়া।
অৱশ্যে আত্মমৰ্যাদা আৰু অহংকাৰৰ মাজৰ সীমাৰেখাডাল অতি সূক্ষ্ম। সত্যভামাৰ ‘মই’ৰ সৌন্দৰ্য ইয়াতেই যে তেওঁৰ স্বকীয়তা আছিল, কিন্তু সেই স্বকীয়তাই তেওঁৰ হৃদয়ৰ মমতাক মাৰি পেলোৱা নাছিল। তেওঁ আমাক শিকাই যায়—নিজৰ বাবে থিয় হোৱা মানে আনক তললৈ নমোৱা নহয়; নিজৰ পোহৰ জ্বলাবলৈ আনৰ চাকি নুমুৱাব নালাগে।
সেয়েহে আজিৰ নাৰীৰ বাবে সত্যভামা কোনো দূৰ অতীতৰ চৰিত্ৰ মাত্ৰ নহয়। তেওঁ এক মানসিকতা—নিজক সন্মান কৰাৰ মানসিকতা। তেওঁ যেন এখন দুৱাৰ, যাৰ সিপাৰে এগৰাকী নাৰীয়ে নিজকে নতুনকৈ চিনিব পাৰে।
হয়তো প্ৰতিগৰাকী নাৰীৰ জীৱনত এনে এটা সময় আহে, যেতিয়া তাই আনৰ পছন্দ, আনৰ আশা আৰু আনৰ সংজ্ঞাৰ পৰা ওলাই আহি নিজকে সুধিবলগীয়া হয়—
“মই আচলতে কোন?”
সেই প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা মুহূৰ্তটোৱেই হয়তো নাৰীৰ জীৱনৰ আটাইতকৈ ডাঙৰ বিজয়। আৰু সেই বিজয়ৰ পথত সত্যভামাৰ ‘মই’ এটা জ্বলন্ত প্ৰদীপৰ দৰে—যিয়ে কয়,
“নিজক হেৰুৱাই কাৰোবাৰ হোৱা নহয়; নিজক জীয়াই ৰাখিও কাৰোবাক ভালপোৱা যায়।”
এইটোৱেই সত্যভামাৰ আটাইতকৈ ডাঙৰ শিক্ষা। তেওঁৰ ‘মই’ সেয়ে কেৱল অতীতৰ এটা শব্দ নহয়—ই আজিৰ নাৰীৰ হৃদয়ত ধ্বনিত হৈ থকা এক জীৱন্ত আত্মঘোষণা।
